1. স্বাস্হ্য আৰু জীৱন

আপুনি জানেনে কলপাতে আমাৰ স্বাস্থ্যৰ কিমান ডাঙৰ উপকাৰ কৰে ?

KJ Staff
KJ Staff

কলপাত আমাৰ অসমীয়া সমাজ ব্য়ৱস্থাত সচৰাচৰ ব্যৱহাৰ কৰা হয় । পৰম্পৰাগত ৰন্ধন প্ৰণালীৰ পৰা আৰম্ভ কৰি মাংগলিক কাৰ্যসূচী সমূহতো ব্যৱহাৰ কৰা হয় কলপাত ।

আমি সৰুৰে পৰা দেখি আহিছো গাঁৱ সমূহত আয়োজিত বিয়া-সবাহত মাংগলিক কাৰ্যৰ পৰা খোৱা-বোৱালৈকে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা হয় কলপাত । কেৱল সেয়াই নহয় আমাৰ জনগোষ্ঠীয় খাদ্য প্ৰণালীত কলপাতৰ অবিহনে কোনো অবিধ খাদ্যয়ে সম্পূৰ্ণ নহয় । কলপাতত দিয়া ভাত, গাহৰি, পিঠাৰ সোৱাদ যদি এবাৰ পোৱা যায়, সেই সোৱাদ পাহৰিব নোৱাৰি ।

আমাৰ সমাজত ব্যৱহৃত কলাপাতৰ ক্ষেত্ৰত স্বাস্থ্যজনিত কিছুমান বৈজ্ঞানিক যুক্তি জড়িত হৈ আছে । প্লাষ্টিক পাতৰ বিপৰীতে  কলপাত ব্যৱহাৰ কৰাতো আমাৰ বাবে বেছি উপকাৰী । গতিকে আপুনি জানেনে কলপাত আমাৰ স্বাস্থ্যৰ বাবে কিয় উপকাৰী ?

কলপাতৰ লাভালাভ

কলৰ পাতত খোৱাটো স্বাস্থ্যৰ বাবে অতি পুষ্টিকৰ । ইয়াত উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আছে আৰু স্বাস্থ্যৰ বাবে ইমান উপকাৰী যে, ই আমাৰ কোষবোৰক সুৰক্ষা প্ৰদান কৰে ।

কলৰ পাতত পোৱা পলিফেনলবোৰে পাৰ্কিনছন আৰু উচ্চ ৰক্তচাপকে ধৰি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ।

উদাহৰণস্বৰূপে, মাছ যদি কলপাতত দিয়া হয়, তেতিয়া ই কেলচিয়াম আৰু প্ৰ'টিন বাহাল ৰাখে । তদুপৰি কলপাত উফি আৰু মূৰৰ ছালশুষ্কতাৰ বাবেও উপকাৰী ।

লগতে পঢ়কঃ লাভ উপাৰ্জনৰ বাবে নাৰ্জী ফুলৰ খেতি কেনেদৰে কৰিব ?

English Summary: Benefits Of Banana Leaves

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.