Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 March, 2023 12:30 PM IST
বাণিজ্যিক দৃষ্টিত অসমৰ ৰঙালী বিহুৰ অনন্য উপাদান কপৌফুল জুপি

অসমীয়া সংস্কৃতিৰ ধ্বজবাহক গামোচা খনৰ লগতে অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ অনবদ্য উপাদান হ’ল অসমীয়া কপৌফুল জোপা। যদিও ৰঙালী বিহুৰ সময়ত ইয়াৰ তাৎপৰ্য্য অধিক,  প্ৰত্যেকজন অসমীয়া মানুহে এই ফুলজোপা বৰ আদৰ কৰে। কপৌফুলৰ বৈজ্ঞানিক নাম হৈছে Rhynchostylis retusa। ইয়াক ইংৰাজীত Foxtail Orchid বুলি কোৱা হয়। যদিও পৃথিবীৰ বিভিন্ন দেশ যেনে– চীন দেশ, ম্যানমাৰ, শ্ৰীলংকা, চিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম, আদিলৈকে ইয়াৰ প্ৰসাৰতা আছে, ভাৰতৰ উত্তৰ পূৰ্বাষ্ণল, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত ইয়াক পোৱা যায়। বিশেষকৈ ইয়াৰ মনোমোহা ৰূপ, ঔষধি গুণ আৰু অসমৰ জনজীৱনৰ সাংস্কৃতিক দিশৰ লগত থকা ওতঃপ্ৰোত সম্বন্ধৰ বাবে ইয়াক ৰাজ্যিক ফুলৰ মান্যতা দিয়া হৈছে।

অসমীয়া সংস্কৃতিৰ আয়ুস ৰেখা স্বৰূপ ‘বহাগ বিহুৰ’ লগত এই কপৌফুল জোপাৰ এৰাব নোৱাৰা সম্বন্ধ আছে। ৰঙালী বিহুত বিহু নাচিবৰ সময়ত নাচনীৰ খোপাত দীঘল কপৌফুল থাকিবই লাগিব। ইয়াক ডেকা-গাভৰুৰ প্ৰেমৰ প্ৰতীক হিচাপে গণ্য  কৰা হয়। বহাগ বিহুৰ সময়ত নিজৰ আপোনজনৰ পৰা প্ৰেমৰ চিন স্বৰূপে এই কপৌফুল সকলো গাভৰুৱে আশা কৰে। আৰু নাচনীৰ মুগা সাজবোৰৰ লগতো খোপাৰ কপৌফুল ডাল বিহু নাচৰ এটা অপৰিহাৰ্য্য উপাদান। ইয়াৰ উপৰিও অসমীয়া বিবাহ অনুষ্ঠানত ইয়াক ব্যৱহাৰ কৰা হয়।

কপৌফুল এবিধ অৰ্কিড জাতীয় ফুল আৰু ইয়াক অসমৰ জাতীয় ফুলৰ স্বীকৃতি দিয়া ইছে। ইয়াৰ উপৰিও কপৌফুলক উবৰ্বৰতা আৰু সুখ-সমৃদ্ধিৰ প্ৰতীক হিচাপেও গণ্য কৰা হয় বাবে অসমৰ বেছিভাগ মহিলাই বিহু বিবাহ, আন কোনো সাংস্কৃতিক অনুষ্ঠানত ইয়াক ব্যৱহাৰ কৰে, সেয়ে ইয়াৰ চাহিদা অতি বেছি । বিহুৰ কেইদিনৰ ভিতৰত বিশেষকৈ গুৱাহাটী মহানগৰীত কপৌ ফুল এডালৰ দাম ৩০০ টকাৰ পৰা ৭০০-৮০০/-টকা পৰ্য্যন্ত হয়। যিহেতু মহানগৰীৰ বিহু প্ৰতিযোগিতা ধৰ্মী, গতিকে সেই কেইদিনত ইয়াৰ চাহিদাৰ লগতে দামো উৰ্দ্ধমুখী হয়।

`কপৌফুলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বাণিজ্যিক দৃষ্টিত ইয়াৰ প্ৰসাৰ ঘটোৱাৰ প্ৰয়োজন আহি পৰিছে। ব’হাগ মাহত মঞ্চবিহু তথা ৰঙালী বিহুৰ প্ৰতিখন সাংস্কৃতিক অনুষ্ঠানৰ বাবে বিহুৱতী বা বিহু হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হোৱা দেখা যায় আৰু বৰ্তমান পৰিপ্ৰেক্ষিতত  মিডিয়াৰ প্ৰসাৰে ইয়াৰ গুৰুত্ব বঢ়াই তুলিছে। সেয়ে বিহুৰ বতৰত কপৌফুলৰ চাহিদা ক্ৰমান্বয়ে বাঢ়ি অহা দেখা গৈছে। ইয়াৰ সুবিধা কিছুমান ব্যৱসায়ীয়ে লৈ বিহুৰ বতৰত অতি উচ্চ দৰত ইয়াক বিক্ৰী কৰে। সজাগতা তথা সক্ৰিয়তাৰ অভাৱৰ ফলতেই এই বজাৰখন সাধাৰণ কৃষকে ঢুকি নেপায়। কপৌফুলৰ অসমীয়া জনজীৱনৰ লগত ওতঃপ্ৰোত সম্বন্ধ আৰু গুৰুত্ব থকাৰ বাবে বেছিভাগ অসমীয়া পৰিয়ালৰ চৌহদত ইয়াক ৰোপণ কৰা দেখা যায়। কিন্তু সংঘবদ্ধ আৰু বাণিজ্যিক ভিত্তিত ইয়াক ৰোপণ কৰা নহয় বাবে ইয়াৰ চাহিদা আছে যদিও সফল বজাৰ লাভ কৰিব পৰা নাই। কপৌফুল ৰোপণৰ বাবে অসমত বিশেষ একো কষ্ট বা ব্যয় কৰিব নেলাগে, যিহেতু এই ফুলবিধৰ বাবে পৰোক্ষ পোহৰ আৰু সমপৰিমাণৰ পানীৰ যোগান ধৰিব পাৰিলেই ই সোনকালে বৃদ্ধি হ’ব পাৰে। বিশেষকৈ কঁঠাল আৰু তামোল গছত ই অতি সোনকালে ফুল দিয়ে। 

কোনো ধৰণৰ কৌশলগত জ্ঞান নোহোৱাকৈ সকলো গ্ৰাম্য বা নগৰৰ খেতিৰ প্ৰতি থকা আগ্ৰহী ব্যক্তিয়ে এই ফুলৰ খেতি অতি সহজতে কৰিব পাৰে। আজিকালি নগৰৰ মানুহে মাটিৰ টাবত নাৰিকলৰ বাকলিৰ মাজত এই ফুল ৰোপণ কৰা দেখা যায়। নাৰ্ছাৰী সমূহটো আজিকালি অৰ্কিড সমূহ মাটিৰ টাবত তৈয়াৰ কৰি বিক্ৰি কৰা দেখা যায়। অৰ্কিড উদ্ভিদ সমূহ প্ৰায়বোৰেই আপুৰগীয়া আৰু ইয়াক সহজতে য’তে ত’তে ৰোপণ কৰিব নোৱাৰি। কিন্তু কপৌফুল এনে এবিধ যাক অতি সহজে ডাঙৰ গছ যেনে- কঁঠাল, আম, তামোল আদি গছত ৰোপণ কৰি প্ৰসাৰ ঘটাব পাৰি। অলপ শুকান গোবৰ, এটুকুৰা পাতল কপাহী কাপোৰ লৈ ইয়াৰ পুলি সমূহ বৰষুণ অহাৰ আগে আগে ৰোপণ কৰি পৰোক্ষ পোহৰ পৰাৰ ব্যবস্থা কৰিব পাৰিলেই কপৌফুল এবছৰৰ ভিতৰত ফুলিব ধৰে। এবাৰ ফুলি উঠাৰ পিছত ইয়াক আকৌ যত্ন লোৱাৰ কোনো প্ৰয়োজন নাই। অৱশ্যে মাটিৰ টাবত ৰোপণ কৰিলে নাৰিকলৰ বাকলিৰ পৰা আৰম্ভ কৰি তাপমাত্ৰা লৈকে চকুদিব লগা হয়। গ্ৰাম্য খেতিয়ক সকলে নিজৰ চৌহদত ৰোৱা আম, কঁঠাল,তামোল আদি গছৰ লগতে কপৌ ফুলৰ প্ৰসাৰ ঘটাই বাণিজ্যিক ভিওিত ইয়াৰ বজাৰ সৃষ্টি কৰিব পাৰে, লাগে মাথোন আগ্ৰহ আৰু সজাগতা।

বাণিজ্যিক দৃষ্টিকোণৰ ফালৰ পৰা যিহেতু অসমত ইয়াৰ চাহিদা অতি বেছি, গতিকে গ্ৰাম্য কৃষক তথা ব্যৱসায়ী যুবক সকলে অকনমান মনোনিবেশ কৰিলেই অতি কম কষ্টতে ইয়াৰ বজাৰখনৰ প্ৰসাৰ ঘটাব পাৰে। সহজ লভ্য আৰু সূলভ দৰত যদি এইফুল পাহ বজাৰত মেলি দিয়া হয়, তেতিয়া দক্ষিণাত্যৰ মহিলা সকলে যিকোনো সময়তে ‘গজৰা’ চুলিত লগোৱাৰ নিচিনাকৈ অসমতো ইয়াৰ তেনে এটা পৰিবেশ মুকলি হোৱাৰ সম্ভাৱনা আছে। যিহেতু ভাৰত চৰকাৰ ‘Act East Policy ৰ’ দুৱাৰ মুখ হিচাপে অসমক গণ্য কৰা হয়। ইয়াৰ প্ৰসাৰে ৰপ্তানি বাণিজ্যৰ সম্ভাৱনা আনি দিবলৈ সক্ষম হ’ব, কিয়নো ঔষধ হিচাপেও এই বিধ ফুলৰ গুনাগুন আছে। অন্যদেশে আৰম্ভ কৰাৰ আগতেই সময় থাকোতেই এই বিধ ফুলৰ ব্যৱসায় ঘটাব পাৰিলে ই বাণিজ্যৰ সৰবৰাহ বৃদ্ধিৰ লগতে উদ্যমিতাৰ সৃষ্টি কৰিব। গতিকে ক’ব পাৰি যে কপৌফুলৰ সামাগ্ৰক চাহিদালৈ লক্ষ্য ৰাখি ইয়াৰ বাণিজ্যিক ভিওিৰ ৰোপণে অসমীয়া বিহুৰ বজাৰ খনলৈ উদ্যমিতা বিকাশ হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰে।  

  ড° মৃন্ময়ী ভট্টাচাৰ্য্য

সহযোগী অধ্যাপিকা

অৰ্থনীতি বিভাগ

পশ্চিম গুৱাহাটী কলেজ

ধাৰাপুৰ, অসম-৭৮১০১৭

লগতে পঢ়ক-

FLORICULTURE MISSION: অসমত বাণিজ্যিক ফুলৰ খেতিৰ বাবে ১৫০ কোটি টকাৰ উদ্যানশস্য অভিযান

English Summary: Foxtail Orchid and Bohag Bihu
Published on: 24 March 2023, 11:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now