Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 April, 2022 5:41 PM IST
উন্নত পদ্ধতিৰে জিকা খেতি

জিকা হ’ল তিয়ঁহ গোত্ৰৰ লতাজাতীয় বিষুৱক্রান্তীয় বা উপ-গ্ৰীস্ম অঞ্চলত হোৱা শস্য। এন এজিপ্তিয়াকা আৰু এল একিউটেংগুলা শ্ৰেণীৰ এই ফলবিধক পাচলি হিচাপে খেতি কৰা তথা খোৱা হয়। সম্পূর্ণ পূৰঠ হোৱাৰ আগতে ইয়াৰ খেতি চপাব লাগে। সম্পূৰ্ণৰূপে পুৰঠ হৈ পৰিলে ই বেছি আঁহীয়া হৈ পৰে। চীন আৰু ভিয়েৎনামত পাচলিবিধ বেছ জনপ্রিয়। সম্পূর্ণ পুৰঠ হ'লে ইয়াৰ ভিতৰৰ অংশ জীম ঘঁহা-মজা কৰাৰ উপযোগীকৈ স্পঞ্জৰ দৰে হৈ পৰে । তেতিয়া ইয়াক পাকঘৰ বা গ-ধোৱা ঘৰতত ব্যৱহাৰ কৰা হয় । ১৫০-২০০ (গৰম কালিৰ) দিনৰ ভিতৰত ই পুৰঠ হৈ উঠে৷ এল এজিপ্তিয়াকা শাখাৰ পাচলিবিধক পাক ঘৰৰ কামত ব্যৱহাৰ কৰিব পাৰি ।

। ইয়াৰ জাইলেম গুচ্ছখিনি বা জীম অংশটো সম্পূর্ণ পূৰঠ হোৱাৰ পিছত কোমল অংশখিনি শুকাই নিজেই ওলাই পৰে। সেই সময়ত জীমৰ বাদে ইয়াত গুটিবোৰহে থাকে। পাৰাগুৱেত ভোল আৰু অন্যান্য পাচলিৰ অংশ আৰু পূণৰ ব্যৱহাৰ যোগ্য (ৰি ছাইকেল) প্লাষ্টিকৰ সহায়ত পেনেল সজা হয় । ইয়াক ম্যানমাৰত থা-বুট-দি বুলি কোৱা হয়। খুব সম্ভৱ মণিপুৰী ছেব’ট শব্দৰ পৰাই থা-বুট দি হৈছেগৈ ।

সঁচৰ বর্ণনা

১) পুচা নাছদাৰ : এজোপা গছত ১৫-২০ টাকৈ জিকা লাগে , দীঘল হয় , সেউজীয়া ৰংৰ । গছত ৬০ দিনৰ ভিতৰত বীজ লাগিবলৈ ধৰে আৰু ৭০-৭৫ দিনত ফলবোৰ চিঙিব পৰা হয় ।

২) এএ ইউ জে ১ : এজোপা গছত ১৫ -২০ টাকৈ জিকা লাগে, জিকাবোৰ দীঘল আৰু সেউজীয়া ৬০-৬৮ দিনৰ ভিতৰত জিকা চিঙিব পৰা হয় । গঢ় হিচাবে হেক্টৰে প্রতি ১১০ কুইন্টল মান উৎপাদন হয় ।

মাটি নির্ব্বাচন

পানী বন্ধ নোহোৱা ওখ, পলসুৱা আৰু আধা জৈৱিক পদাৰ্থ থকা মাটিত জিকা খেতি ভাল হয় ।

বীজৰ পৰিমাণ

৩.৫-৪.৫ কি: গ্রাম/হেক্টৰত বীজ সিঁচাৰ সময়: জানুৱাৰী - মে মাহ পর্য্যন্ত জিকা খেতি কৰিব পাৰি ।

বীজ ব্যৱধান

১.৫ - ২.৫ মিটাৰ শাৰীৰ পৰা শাৰীলৈ * ৬০ - ১.২ মিটাৰ গছৰ পৰা গছলৈ ।

সাৰ প্ৰয়োগ:

প্রতিবিঘাৰ বাবে পচন সাৰ ১৫-২০ কুইণ্টল, ইউৰিয়া-১২ কিলােগ্রাম, একক ছুপাৰ ফচফেট ২৪ কিলােগ্রাম আৰু মিউটে অব পটাচ-৬ কিলোগ্রাম । ইউৰিয়া সাৰৰ আধা আৰু সমুদায় ছুপাৰ, পটাচ গুৰি সিচাৰ আগেয়ে মাটিত প্রয়োগ কৰিব লাগে । ইউৰিয়া সাৰৰ বাকী আধা জিকাৰ গছ বগাবলৈ ধৰাৰ লগে লগে প্রয়োগ কৰিব লাগে। যদি সাৰ ভেটিত প্রয়ােগ কৰা হয়, তেতিয়া প্ৰতিটো ভেটিত ৫-১০ কিলােগ্রাম পচন বা গোৱৰ সাৰ, ইউৰিয়া- ৪-৫০ গ্রাম, একক ছুপাৰ ফচফেট-৪০-৫০ গ্রাম আৰু মিউটে অব পটাছ- ৮০-৯০ গ্রাম প্রয়োগগ কৰিব লাগে । পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ (১০ লিটাৰ পানীত ৫০-৭৫ গ্রাম) ম্প্ৰে কৰিব লাগে।

জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যা:

   ৮-১০ দিনৰ মূৰে মূৰে জিকাৰ গছত পানী দি থাকিব লাগে । গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ পৰা বন-বাতবোৰ পৰিষ্কাৰ কৰিব লাগে । জিকা যদিও উভয়লিঙ্গী শস্য, ইয়াৰ পংপুষ্প আৰু স্ত্রী পুষ্প একেজোপা গছৰ বেলেগ বেলেগ অংশত ফুলে । স্ত্রী পুষ্পৰ সংখ্যা বাঢ়িলেহে জিকাৰ উৎপাদন বাঢ়ে । এই স্ত্রী পুষ্পৰ সংখ্যা বঢ়াবৰ বাবে পুলি দুপতীয়াৰ পৰা চাৰিপতীয়া হোৱা অৱস্থাতে ইঞ্জেল হৰমন (০.৬ মিলিলিটাৰ ১২ লিটাৰ পানীত মিহলাই) স্প্রে কৰিব লাগে ।

উৎপাদন

৯০ - ১৩০ কুইন্টল / হেক্টৰত।

তিতা স্বাদৰ পৰা মুক্ত কৰা:

    ৮০ পি পি এম চাকচিনিক এচিডৰ (Succinic acid) দ্বাৰা বীজবোৰ শোধন কৰি গছবোৰ ৫ টা মান পাত ওলোৱাৰ পিচত আৰু শেষৰবাৰ ফল ধৰা অৱস্থাত স্প্রে কৰিলে জিকাৰ তিতা স্বাদটো নোহোৱা হয় ।

লগতে পঢ়ক-অমিতা খেতিৰ জৰিয়তে ক’ম সময়তে কেনেকৈ কৰিব অধিক উপাৰ্জন? জানিবলৈ পঢ়ক

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

English Summary: Do You know how to do Ridge guard
Published on: 02 April 2022, 05:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now