1. এগ্ৰিপেডিয়া

ভাৰতৰ কৃষিভূমিত এক শতাংশলৈ হ্ৰাস পাইছে কাৰ্বনৰ পৰিমাণ

KJ Staff
KJ Staff
হ্ৰাস পাইছে মাটিৰ জৈৱিক কাৰ্বনৰ পৰিমাণ
হ্ৰাস পাইছে মাটিৰ জৈৱিক কাৰ্বনৰ পৰিমাণ

অধিক উৎপাদনৰ বাবে কৃষিৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে ৰাসায়নিক সাৰ ব্যৱহাৰে হ্ৰাস কৰিছে মাটিৰ নিজা উৎপাদন ক্ষমতা । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ৰেইনফেড এলেকা প্ৰাধিকৰণৰ (NRAA)মুখ্য কাৰ্যবাহী বিষয়াই প্ৰকাশ কৰিছে এক উদ্বেগজনক তথ্য ।

ৰাষ্ট্ৰীয় ৰেইনফেড এলেকা প্ৰাধিকৰণৰ মতে, ভাৰতৰ কৃষি ভূমিত ০.৩ শতাংশৰ পৰা ১ শতাংশ হ্ৰাস পাইছে মাটিত থকা জৈৱিক কাৰ্বনৰ পৰিমাণ । NRAA ৰ মুখ্য কাৰ্যবাহী বিষয়া অশোক ডালৱাই মহাৰাষ্ট্ৰৰ নাগপুৰত সংবাদ মাধ্যমৰ আগত কয় যে, কাৰ্বনে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে মাটিৰ পানী ধাৰণ ক্ষমতা প্ৰদান কৰে ।

বৰ্তমান মাটিত কাৰ্বনৰ পৰিমাণ এনেধৰণে হ্ৰাস পাইছে যে, ই মাটিৰ উৎপাদন ক্ষমতাক প্ৰভাৱিত কৰিছে । মাটিত কাৰ্বনৰ পৰিমাণ হ্ৰাস পালে মাটিত থকা অণুজীৱবোৰ জীয়াই থকা জটিলতা আহি পৰে । উদ্ভিদক পুষ্টি প্ৰদান কৰাত অণুজীৱবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

তেওঁ বিশ্বাস কৰে, মাটিত অত্যাধিক ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাৰ বাবে হ্ৰাস পাবলৈ ধৰিছে মাটিৰ কাৰ্বনৰ পৰিমাণ । ইয়াৰ বাবে কৃষক সকলে উৎপাদন প্ৰক্ৰিয়াত ৰাসায়নিক সাৰৰ হ্ৰাস কৰি জৈৱিক হাৰ ব্যৱহাৰত গুৰুত্ব দিব লাগিব ।

কৃষিৰ ক্ষেত্ৰত জৈৱিক সাৰ ব্যৱহাৰে মাটিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰে । আমাৰ ভাৰতবৰ্ষৰ ৫১ শতাংশ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে যদিও ই এতিয়াও বৰষুণৰ ওপৰত নিৰ্ভৰশীল ।

লগতে পঢ়কঃ সু-স্বাস্থ্যৰ বাবে বাছনি কৰক এই ৫ বিধ পাচলি

English Summary: India's Soil Carbon Content Has Reduced to 0.3%

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.