Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 October, 2022 5:42 PM IST
Bottle Gaurd

লাউ এবিধ শীতকালীন জাতৰ পাচলি। লাউৰ আকাৰ দীঘল আৰু ফল কোমল হয়৷ প্ৰতিজোপা লাউৰ গছত ১০-১৫ টা ফল ধৰে৷ শীতকালৰ লগতে গ্রীষ্মকালতো লাউ হয়। পুচা মেঘদূত হাইব্রীড প্ৰজাতিৰ লাউ পাতল সেউজীয়া আৰু দীঘল হয়৷ লাউ উষ্ণ আৰু আর্দ্র সকলো পৰিৱেশতে হয়৷ সকলো ধৰণৰ মাটিতে লাউ চাং কৰা যায়৷ সুনিস্কাষিত মাটি লাউ খেতিৰ বাবে উত্তম৷

দীঘলীয়া দিন আৰু বায়ুমণ্ডলৰ আর্দ্রতাই স্ত্ৰী ফুল ধাৰণত সহায় কৰে৷ মাটিৰ নিৰপেক্ষতা বজায় ৰখা অর্থাৎ মাটিত পি.এইচ. ৬-৭ ৰাখিব লাগে৷ তাপমাত্রা ২৭-২৮ ডিগ্রী ছেলছিয়াচ হ’লে ফল ভাল হয়I বেছি বৃষ্টিপাত আৰু মেঘাচ্ছন্ন পৰিৱেশত ৰোগ বিস্তাৰৰ সম্ভাৱনা বেছি থাকে আৰু ফল ব্যাপকভাৱে কমি যাব পাৰে। বাণিজ্যিকভাৱে লাউ চাং উৎপাদনত ফাৰো পদ্ধতি, গাত পদ্ধতি, ট্রেন্স পদ্ধতিসমুহ উল্লেখযোগ্য। এই সকলোবোৰ পদ্ধতিতে এটা শাৰীৰ পৰা আনটো শাৰীৰ দূৰত্ব ২-৫ মিটাৰ আৰু এজোপা গছৰ পৰা এনজোপা গছৰ দুৰত্ব ২ মিটাৰ বজায় ৰাখি চাং কৰিব লাগে। প্রতিটো গাঁতত দুটি কৰি বীজ ৰোপন কৰিব লাগে। ফাৰো আৰু ট্ৰেন্স পদ্ধতিত দুফালে দুটাকৈ বীজ ৰোপন কৰিব লাগে।

বীজ ৰোপণ কৰা পুলি পলি বেগত তৈয়াৰ কৰা উত্তম। ইয়াত বীজ কম লাগে আৰু সুস্থ পুলি উৎপাদন কৰিব পৰা যায়৷ জৈৱ সাৰ্ মিশ্রিত মাটি ২.৫ ইঞ্চি আকাৰৰ পলি বেগত ভৰাই ২ বা ৩ টা ছিদ্র কৰি বীজ পুতি দিব লাগে৷ বীজ ৰোপনৰ আগতে বীজ বোৰক ১২ ঘণ্টা পানীত তিয়াই ল'লে বীজ সোনকালে গজালি মেলে৷ প্রতি শতাংশ মাটিত ২০-২৫ গ্রাম শোধন কৰা বীজৰ প্রয়োজন৷ বীজ শোধন কৰিবলৈ প্রতি কেজি বীজত ২ গ্রাম ভিটাভেক্স অথবা ক্যাপটান ব্যৱহাৰ্ কৰিব লাগে। মাটি চহোৱাৰ সময়ত প্রতি শতাংশত ১৮০ কেজি গোবৰ বা কম্পোষ্ট সাৰ, ৩৫o গ্রাম টি এচ পি ২০০ গ্রাম এম ও পি সাৰ প্ৰয়োগ কৰিব লাগে। পুলি ৰোপনৰ এক সপ্তাহ আগতে প্রতি শতাংশত ১০ কেজি গোবৰ, ৬০ গ্রাম টি এস পি আৰু ৫০ গ্ৰাম, এম ও পি প্রয়োগ কৰা দৰকাৰ। পুলি ৰোপনৰ ১০-১৫ দিন পাছত প্রতি শতাংশত ৩০ গ্রাম ইউৰিয়া আৰু ২৫ গ্রাম এম ও পি কৰা দৰকাৰ।

তাৰ পিছত ৩০ দিন, ৫০ দিন আৰু ৭০ দিনৰ মূৰে মূৰে ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে। পুলিৰ পৰা পুলিলৈ ৪৫ ছে.মি (১৮ ইঞ্চি) আৰু শাৰীৰ পৰা শাৰীলৈ 8৫ ছে.মি (১৮ ইঞ্চি) হ'ব লাগে। লাউ খেতিত জলসিঞ্চনৰ প্রয়োজন। সেই কাৰণে বর্ষাকাল লাউ উৎপাদনৰ বাবে অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা থাকিব লাগে। শীতকালত মাটিৰ অৱস্থা বূজি সপ্তাহত ২ বাৰ পানীৰ প্রয়োজন হ’ব পাৰে। যিহেতু লাউৰ শিপা বেচি তললৈ নাযায়, সেয়েহে সতর্কভাবে হস্ত চালিত যন্ত্র দ্বাৰা মাটিৰ বনবাত নিয়ন্ত্রন কৰিব লাগে। প্রয়োজন অনুযায়ী ২/৩ বাৰ্ বনবাত নিয়ন্ত্রণ কৰিব লাগে এনেদৰে বনবাত নিয়ন্ত্রণ লাগিব যাতে গছৰ শিপা ক্ষতিগ্রস্ত নহয়।

উৎসঃ অসম চৰকাৰ

লগতে পঢ়কঃ কল খেতি কৰি বছৰি লাখ লাখ টকা উপার্জন কৰক

English Summary: Bottle gaurd cultivation
Published on: 04 October 2022, 01:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now