Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 6 June, 2024 6:29 PM IST
Betel nut farming new style

বতিক্ৰমী চিন্তাৰে তামোলৰ খেতি কৰিছে প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়াই। আমাৰ কৃষকসকলে সাধাৰণতে ৫-৬ ফুট দূৰত্বত একোটা পুলি ৰোপন কৰে আৰু একেদৰে এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব ৫-৬ ফুট কৰে কৃষকজনৰ সুবিধা অনুযায়ী। কিন্তু এই পৰম্পৰাগত পদ্ধতিটোৰ সলনি কৃষক ধনীৰাম চেতিয়াই কৰিছে এটা নতুন আৰু আধুনিক পদ্ধতিৰে কৰিছে তামোলৰ খেতি। আমি নিশ্চিত যে এই পদ্ধতিৰে খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ’ব।

কৃষক ধনীৰাম চেতিয়াৰ কৃষিফাৰ্মত উপস্থিত হৈ আমি দেখিছিলো- কৃষকগৰাকীৰ তামোলৰ থেতিৰ এই আধুনিক পদ্ধতিটো। কৃষকগৰাকীয়ে এই পদ্ধতিটোত তামোল ৰোপন কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ২ ফুট দিছে। আৰু শাৰীৰ মাজতো ২ ফুট দিছে। ২ বৰ্গফুটত চাৰিটা তামোলৰ পুলি ৰোপন কৰিছে কৃষকগৰাকীয়ে। ছবিত আপোনালোকে দেখিছেই তামোলৰ গছসমূহ। এনেদৰে তামোলৰ পুলি ৰোপন কৰোঁতে এটা কথা মন কৰিব- পুলিবোৰ সমান বয়সৰ হ’ব। সমান পৰিমানে পুলিৰোপনৰ বাবে খন্দা গাঁত সমূহত সাৰ-জাৱৰ দিব লাগিব। অন্যথা এটা পুলি আগতে ডাঙৰ হৈ গ’লে বাকীকেইটা পুলিক  ডাঙৰ হোৱাত সমস্যাত পেলাব। গতিকে পুলিকেইটা সমবয়সৰ হ’ব লাগে আৰু চাব লাগে যাতে এটাক পাছ পেলাই আন এটা পুলি আগবাঢ়ি যাব নোৱাৰে।

লগতে পঢ়ক- 

Tree plantation best time : জুন-জুলাই গছপুলি ৰোপনৰ উপযুক্ত সময়

এই পদ্ধতিটোৰে খেতি কৰিলে কেইবাটাও দিশত লাভান্বিত হ’ব কৃষকগৰাকী। প্ৰথম কথা- কম মাটিত অধিক  তামোলৰ  খেতি কৰিব পাৰিব। দ্বিতীয়তে, তামোল গছৰ পৰা তামোল পাৰিবলৈ সুবিধা হ’ব, তৃতীয়তে সাৰ পানী যোগাবলৈ সুবিধা হ’ব,  চতুৰ্থতে তামোল গছবোৰৰ মাজে মাজে থকা খালি ঠাইবোৰত মিশ্ৰিত কৃষি পদ্ধতিৰে খেতি কৰিব পাৰিব।

কম মাটিত অধিক  তামোলৰ  খেতি কৰিব পাৰিব :

পৰম্পৰাগত পদ্ধতিৰে চাৰিটা তামোল পুলি ৰোপন কৰিবৰ বাবে যিমান পৰিমাণৰ ঠাইৰ প্ৰয়োজন হয়। কৃষক ধনীৰাম চেতিয়াৰ এই পদ্ধতিটোৰে তামোলৰ খেতি কৰিলে সিমান পৰিমাণৰ ঠাই প্ৰয়োজন নহয়।

 

তামোল গছৰ পৰা তামোল পাৰিবলৈ সুবিধা হ’ব :

এবাৰ এজোপা গছত তামোল পাৰিবলৈ উঠিলেই একেবাৰতে ৪ জোপা তামোলৰ পৰা তামোল পাৰিব কৃষকজনে।

সাৰ পানী যোগাবলৈ সুবিধা হ’ব :

কৃষক ধনীৰাম চেতিয়াৰ এই পদ্ধতিত কম সময়তে ৪ জোপা গছত কৃষকজনে সাৰ-পানী যোগান ধৰিব পাৰিব। এজোপা গছত দিবলৈ যাওঁতেই চাৰিজোপা গছত দিব পাৰিব।

উল্লেখ্য যে এই পদ্ধতিটোৰে কৃষকগৰাকীয়ে প্ৰথমে পৰীক্ষামূলকভাৱে তামোলৰ খেতি কৰিছিল। পৰৱৰ্তী সময়ত সফলতা লাভ কৰি অধিক কৃষিভূমিত ইয়াৰ খেতি কৰিবলৈ লৈছে কৃষকগৰাকীয়ে।

লগতে পঢ়ক- 

Jun-July best farming time : জুন-জুলাইত ৰোপন কৰক এই উদ্যানশস্যসমূহৰ পুলি

English Summary: Betel nut farming new style
Published on: 06 June 2024, 06:29 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now