1. উদ্য়ানশস্য়

Jun-July best farming time : জুন-জুলাইত ৰোপন কৰক এই উদ্যানশস্যসমূহৰ পুলি

PANKAJ KHANIKAR
PANKAJ KHANIKAR

পাঠকসকল, জুন-জুলাই গছৰ পুলি ৰোপনৰ উপযুক্ত সময়। এইকাৰণেই সমগ্ৰ বিশ্বতে ৫ জুন দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি গছ পুলি ৰোপন কৰা হয়। পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আমি গছপুলি ৰোপন কৰো। পৰিৱেশ দিৱসত গছপুলি ৰোৱাৰ সমান্তৰাভাৱে আমি কিছুমান উদ্যান শস্যৰ খেতিয়ো কৰিব পাৰো। কাৰণ এই সময়ছোৱাত বৰষুণৰ পৰিমাণ বেছি। এই সময়ছোৱাত অসমৰ কৃষকে ৰোপন কৰিব পৰা কেইবিধমান উদ্যান শস্য এনেধৰণৰ- হাউব্ৰিড প্ৰজাতিৰ অম্ৰপালি আম (ব্যৱসায়িক উদ্দেশ্য লৈ), মধুৰি, কল, জামু, লিছু, ঔষধি আৰু সুগন্ধিযুক্ত গছ, অমিতা, কঁঠাল, কমলা, টেঙাজাতীয় ফল; যেনে- নেমু, গোল নেমু, ড্ৰেগন ফলৰ খেতি, হাইব্ৰী বগৰী আদি।

হাউব্ৰিড প্ৰজাতিৰ অম্ৰপালি : কৃষক ধনীৰাম চেতিয়াই অসমত অম্ৰপালি আম খেতিৰ এক সম্ভাৱনা দুৱাৰ খুলিছে। প্ৰায় ৩ বছৰ ধৰি কৃষকগৰাকীয়ে এই প্ৰজাতিটোৰ আমৰ খেতি কৰিছে। অসমতো বিহাৰ, ইউপিৰ দৰে আমৰ খেতিৰ এখন সম্ভাৱনাময় ক্ষেত্ৰ আছে তেওঁ তাক প্ৰমাণ কৰি দেখুৱাইছে। শেহতীয়াকৈ প্ৰায় ৯ টামান প্ৰজাতিৰ আম পৰীক্ষামূলক কৰিবলৈ লৈছে।

মধুৰি :  আজিকালি অসমৰ ফলৰ দোকানবোৰতো মধুৰি দেখিবলৈ পোৱা গৈছে। অসমৰ ফলৰ দোকানবোৰত উপলব্ধ মধুৰিৰ বেছিভাগেই বহিঃৰাজ্যৰ। বহিঃৰাজ্যৰ মধুৰীৰে অসমৰ দোকান শুৱনি কৰা মানেই মধুৰি কিনি খায় অসমীয়া মানুহে। ইয়াৰ অৰ্থ এইটো যে অসমতো এখন মধুৰিৰ বজাৰ সৃষ্টি হৈছে। গতিকে এই বজাৰখনৰ বাবে আমাৰ কৃষকেও ব্যৱসায়িকভিত্তিত মধুৰি খেতি কৰিব পাৰে। অসমৰ থলুৱা উন্নত জাতবোৰৰ লগতে চাপৰতে লগা হাইব্ৰীড প্ৰজাতিৰ মধুৰিৰ খেতি কৰিব পাৰে আমাৰ কৃষকসকলে। জুন-জুলাই এই ফল ৰোপনৰ উপযুক্ত সময়।

লগতে পঢ়ক- 

G9 Banana Farming : ধান নোহোৱা এবিঘা মাটিত এইবাৰ এই জাতৰ কলৰ খেতি কৰক

বগৰী :  সম্প্ৰতি অসমৰ বহু কৃষকেই বগৰী খেতি কৰিবলৈ আৰম্ভ কৰিছে। ই এটা লাভজনক খেতি হিচাপে পৰিগণিত হৈছে। নৈ পৰীয়া অন্য খেতি ভাল নোহোৱা বালিয়া মাটি বগৰী খেতিৰ উপযোগী। অসম এখন নদীপৰীয়া ৰাজ্য। সকলো ফালে নদী। আৰু এই নদীৰ পাৰসমূহ বছৰ বছৰ ধৰি ছন পৰি থাকে। এনে নৈপৰীয়া মাটিত ব্যৱসায়িক উদ্দেশ্যলৈ আমাৰ কৃষকসকলে বগৰী খেতি কৰিব পাৰে। বগৰী মানে আমি হাইব্ৰীড প্ৰজাতিৰ আপেল বগৰী, কাশ্মীৰি বগৰী, থাই বগৰী আদি উন্নত জাতসমূহৰ কথা কৈছো। এই বগৰীসমূহৰো ৰোপনৰ উপযুক্ত সময় জুন-জুলাই।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষণ ফাৰ্মত লগা আপেলবোৰ
অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষণ ফাৰ্মত লগা আপেলবোৰ

আপেল :  শেহতীয়াকৈ অসমত আপেল খেতিৰো এক সম্ভাৱনাময় পৰিৱেশৰ কথা আবিস্কাৰ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনৰ উদ্যান শস্যৰ বিভাগে ৩ টা আপেলৰ প্ৰজাতিৰ ওপৰত পৰীক্ষা চলাই দেখে যে এই তিনিটা জাতৰ আপেলৰ খেতি অসমত সম্ভাৱনা আছে। তেওঁলোকে বিশ্ববিদ্যালয়ৰ পৰীক্ষণস্থলীত চলোৱা পৰীক্ষাত দুবছৰতে আপেল গছবোৰত লমালমে লাগিছে আপেল। জানিবলৈ দিয়া খাবলৈয়ো বেছ সুস্বাদু।  এই আপেল সমূহৰ পুলিয়ো আমাৰ কৃষকসকলে জুন-জুলাই মাহত ৰুলে বৰ কষ্ট নকৰাকৈ সুফল পাবলৈ সক্ষম হ’ব।

লগতে পঢ়ক- 

Apple Farming : যোৰহাট দুবছৰতে এনেদৰে লমালমে লাগিছে আপেল

English Summary: Best Horticulture farming time of The Year

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.