1. উদ্য়ানশস্য়

Tree plantation best time : জুন-জুলাই গছপুলি ৰোপনৰ উপযুক্ত সময়

PANKAJ KHANIKAR
PANKAJ KHANIKAR

জুন মাহটোত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ মূলতে এই সময়ছোৱাত গছৰ পুলি ৰোপন কৰিলে পানীৰ অভাৱ অনুভৱ কৰিবলৈ নাপায় পুলিটোৱে। এক কথাত এই সময়ছোৱাত গছৰ পুলি ৰোপনৰ এক অনুকুল পৰিৱেশে বিৰাজ কৰি থাকে। গতিকে এই সময়ছোৱাত পৰিৱেশ দিৱস লগত সংগতি ৰাখি গছ পুলি ৰোপন কৰাৰ লগতে ব্যৱসায়িক উদ্দেশ্যলৈ কিছুমান মূল্যৱান গছৰ পুলিয়ো এই সময়ছোৱাত আমাৰ পাঠকসকলে ৰোপন কৰিব পাৰে।

মেহগনি, চেগুণ, সাঁচি, চন্দন আদি গছসমূহৰ কাঠৰ মূল্য বৰ্তমান বহুত বেছি। তদুপৰি আমাৰ থলুৱা শিমলু, গমাৰি, তিতাচপা, আদিৰ গছৰ পুলি ৰোপন কৰিব পাৰে এই সময়ছোৱাত।

মেহগনি :

বৰ্তমান সময়ত মেহগনি গছে কৃষকসকলৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। বহু কৃষকে এই গছৰ পুলি ব্যৱসায়িক উদ্দেশ্যলৈ ইয়াৰ বাগান পাতিছে। বন্দুক বনাবলৈ, জাহাজ বনাবলৈ, কাঠৰ আচবাব বনাবলৈ এই গছৰ কাঠ ব্যৱহাৰ কৰা হয়। ধনী মানুহৰ ঘৰৰ ডাইনিং, বিলাসী হোটেলৰ ডাইনিং, চকী আদিৰ বাবে মেহগনি গছৰ কাঠ ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় বজাৰত মেহগনি গছৰ কাঠৰ মূল্য বহুত বেছি।

সাঁচি গছ-

সাঁচি গছকো বৰ্তমান সময়ত এবিধ মূল্যবান গছৰ ভিতৰত ধৰা হয়। সাঁচি গছৰ খেতি কৰাৰ পূৰ্বে সাঁচি গছৰ ব্যৱসায়িক দিশটো চাব লাগে আৰু কিছুমান কাৰীকৰি জ্ঞানৰো আৱশ্যক হয়। গতিকে এই কথাবোৰ শিকি ল’ব। নহ’লে পাছলৈ অসুবিধাৰ সন্মুখীন হ’ব। সাঁচি গছৰ পৰা সুগন্ধি প্ৰস্তুত কৰে।

চন্দন :

চন্দন গছক পৃথিবীৰ আটাইতকৈ দামী গছসমূহৰ ভিতৰত ধৰা হয়। অসমত বগা চন্দন ভাল হয়। গতিকে ইয়াৰ খেতি কৰি যথেষ্ট সফলতা লাভ কৰিব পাৰিব আমাৰ কৃষকসকলে। চন্দন গছৰ পৰা সুগন্ধি, স্কীন অইল, পাউদাৰ আদি তৈয়াৰ কৰা হয়। এই গছৰ পুলিও আমাৰ কৃষকসকলে জুন-জুলাইৰ সময়খিনিত ৰোপন কৰিব পাৰে।

চেগুণ- চেগুণ গছৰ কাঠৰ মূল্যও বৰ্তমান সময়ত বহুত বেছি। এই গছৰ খেতি ব্যৱসায়িকভাৱে কৰিলেও আমাৰ কৃষকসকল লাভান্বিত হ’ব। চেগুণ গছৰ কাঠ ঘৰুৱা আঁচবাব যেনে চুফা, টেবুল, শোভাবৰ্দ্ধক, জাহাজৰ কেবিন,বন্দুকৰ নাল আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। বৰ্তমান চেগুণ কাঠে বজাৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়িক ভিত্তিত চেগুণ কাঠৰ ব্যৱসায়ক জীবিকা হিচাবে গ্ৰহণ কৰি লাভৱান্বিত হ’ব পাৰি।

ওপৰত উল্লেখ কৰা গছসমূহৰ ওপৰি ফল-মূলৰ পুলি, কলৰ পুলি, অমিতা পুলি, নেমুৰ পুলি আদি জুন-জুলাইতে আমাৰ কৃষকসকলে ৰোপন কৰিব পাৰে।

লগতে পঢ়ক- 

Jun-July best farming time : জুন-জুলাইত ৰোপন কৰক এই উদ্যানশস্যসমূহৰ পুলি

English Summary: Tree plantation best time

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.