Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 December, 2020 4:06 PM IST
Pomegranate

শিশুৰ এটি জনপ্ৰিয় নিচুকনি গীত "ডালিম ঐ ডালিম আমালৈ আনিছা কি? আনিছোঁ আনিছোঁ ৰণুৱা ঘোঁৰাতে ডিঙিতে শিৰকলি দি….." বহুতৰেই হয়তো শুনা মনত পৰে৷ আকৌ অসমীয়া সাহিত্যত নাৰীৰ মুখৰ সৌন্দৰ্য্যৰ বৰ্ণনা কৰোতে ডালিমগুটীয়া দাঁতৰ কথা কদাচিতহে বাদ নপৰাকৈ ৰৈ যায়৷

কিন্তু এই ডালিমৰ আমাৰ স্বাস্থ্য ৰক্ষাত কি ভূমিকা সেয়া আমাৰ বহুতৰে অৱগত নহয়৷ আজিৰ পৰা চাৰি দশক আগতে মেঘালয়ৰ নংপোত এজন বয়সিয়াল নেপালী লোকৰ সংস্পৰ্শত আহিছিলোঁ৷ তেওঁ কোৱা মনত পৰে ডালিম গছৰ শিপা বা ছাল গুৰি কৰি চূণৰ পানীৰ লগত মিহলাই খোৱালে ফিটা পেলু (আৰু আন কৃমিৰো) বিনাশ হয়৷

ফিটা পেলু নিৰ্মূল কৰা কিমান জটিল সেয়া চিকিৎসকসকলে জানে৷ অতি পৌৰাণিক কালৰ পৰা চীন দেশত ডালিমক উৰ্বৰতা আৰু সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰি অহা হৈছে৷ ইৰাণৰ তেহৰানত প্ৰতি বছৰে অক্টোবৰ মাহত 'ডালিম উৎসৱ' পালন কৰা হয়৷

ইজৰাইলৰ ইহুদী বিদ্বানসকলে এই মত পোষন কৰে যে আদাম আৰু ইভে সৰগত জুতি লোৱা নিষিদ্ধ ফল বিধ আপেল নহয়, ডালিমহে আছিল৷ আমাৰ হাতত সহজে উপলব্ধ ডালিমৰ বৈশিষ্ট্য বিশ্লেষণ কৰাৰ উদ্দেশ্যৰে এইখিনি পাতনি মেলিলোঁ৷

ডালিমৰ বৈজ্ঞানিক নাম হ'ল Punica granatum ৷ ই Lythraceae পৰিয়ালৰ অন্তৰ্ভুক্ত৷ ইংৰাজীত ডালিমক Pomegranate বুলে৷

*হিন্দীত অনাৰ বা অনাৰদানা,

*নেপালীত দাৰিম,

*বাংলাদেশত আৰু বাংলা ভাষাত অনাৰ, ডালিম আৰু বেদানা নামেৰে পৰিচিত৷

আন আন কেইটিমান ভাষাত ডালিমক মতা নাম এনে ধৰণৰ –

*অনাৰদানা (উৰ্দু আৰু পঞ্জাবী),

*ডালিম্ব (ওৰিয়া, কানাড়া, কোংকনী আৰু মাৰাঠী),

*ডাডামনা (গুজৰাটী),

*মধুলাই আৰু মথালাম পাঝম (তামিল),

*মধালানাৰংগা আৰু উৰিয়াম পাঝম (মলয়ালম),

*ডানিম্মা পান্দু আৰু ডালিম্ব (তেলেগু)৷

প্ৰাপ্তিস্থান -

ডালিমৰ প্ৰাথমিক উৎপত্তি স্থল ইৰাণ আৰু ইৰাক বুলি জনা যায়৷ তাৰ পৰাই ভাৰত উপমহাদেশলৈ ডালিমৰ সঁচ আহে৷

বৰ্তমান ডালিমৰ গছ অপৰ্যাপ্ত পৰিমাণত পোৱা দেশসমূহ হ'ল-

*আফগানিস্তান,

*চীন,

*বার্মা,

*পাকিস্তান,

*বাংলাদেশ,

*ফিলিপাইনচ,

*তুৰস্ক,

*চিৰিয়া,

*স্পেইন,

*আজাৰবাইজান,

*আর্মেনিয়া,

*চৌডি আৰব,

*ইজৰাইল,

*জর্ডান,

*ইজিপ্ত,

*কোৰিয়া,

*জাপান,

*ভূমধ্যসাগৰীয় অঞ্চল,

*দক্ষিণ ইউৰোপ আৰু আফ্ৰিকাৰ গ্ৰীষ্ম প্ৰধান দেশসমূহ৷

স্পেইনৰ নাবিক আৰু সদাগৰসকলে ১৭৬৯চনত ডালিমৰ সঁচ লেটিন আমেৰিকা আৰু কেলিফৰ্নিয়ালৈ নিয়ে৷ আজিৰ দিনত আফগানিস্তানৰ পৰা ভাৰতবৰ্ষ আৰু পাকিস্তানলৈ বুজন পৰিমাণৰ ডালিমৰ ৰপ্তানি হয়৷

গছৰ বৰ্ণনা -

ডালিম গছ হ'ল জোপোহা আকৃতিৰ৷ উচ্চতা ১৫ৰ পৰা ৩০ফুট পৰ্য্যন্ত৷ ইয়াৰ কেইবাটাও প্ৰজাতি আছে৷ ফ্ৰান্স দেশত পোৱা এটা প্ৰজাতিৰ ডালিম গছৰ আয়ুস ২০০বছৰ৷ পিছল পাতবিলাক জোঙা আকৃতিৰ; দেড়ৰ পৰা ৩ইঞ্চি দীঘল আৰু আধা ইঞ্চিমান বহল৷

ফুলৰ বৰণ উজ্বল ৰঙা৷ ৰঙা বৰণৰ একোটা ডালিমৰ ফলৰ আকাৰ প্ৰজাতিভেদে সৰু-বৰ হয়৷ এটা ডালিমৰ ফলত ২০০ৰ পৰা ১৪০০টালৈকে গুটি থাকিব পাৰে৷

পূৰঠ ফলৰ স্বাদ মিঠা৷ উল্লেখযোগ্যযে ডালিম গছৰ প্ৰতিটো অংশই ঔষধি গুণযুক্ত বুলি প্ৰমাণিত হৈছে৷

কি কি লাগতিয়াল তত্ব ডালিমত থাকে?

প্ৰতি ১০০গ্ৰাম ডালিমৰ পৰিপুষ্টিৰ তালিকাখন এনে ধৰণৰ :

*শক্তি ৮৩ কেলৰি,

*কাৰ্বোহাইড্ৰেট ১৯ গ্ৰাম,

*প্ৰটিন ১-৭ গ্ৰাম,

*ফেট ১-২ গ্ৰাম,

*ডায়েটেৰী ফাইবাৰ ৪ গ্ৰাম৷

ডালিমত থকা ভিটামিনসমূহ হ'ল -

*ভিটামিন-চি,

*ভিটামিন-ই,

*ভিটামিন বি-১,

*ভিটামিন বি-২,

*ভিটামিন বি-৩,

*ভিটামিন বি-৫,

*ভিটামিন বি-৬,

*ভিটামিন বি-৯,

*ভিটামিন- কে আৰু ক'লিন৷

খনিজসমূহ হ'ল-

*কেলচিয়াম,

*মেগনেচিয়াম,

*মেংগানিজ,

*প'টেচিয়াম,

*চ'ডিয়াম,

*জিংক,

*আইৰণ আৰু

*ফছফৰাছ৷

ডালিম কেনেকৈ খাব?

এন্টিঅক্সিডেন্ট আৰু ভিটামিনৰ সম্পূৰ্ণ লাভ পাবলৈ হলে সতেজ পূৰঠ ফল বা তাৰ ৰস গ্ৰহণ কৰিব৷ ডালিমক চালাডত, পায়সত, দৈ, পুডিং আদিত দিয়ো খাব পাৰি৷ কোনো কোনো দেশত ইয়াৰ মদো বনায়৷

ভাৰতীয় আয়ুৰ্বেদিক আৰু য়ুনানী চিকিৎসাত ডালিম কিদৰে প্ৰয়োগ হয়?

*সকলো ধৰণৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ - যেনে নাকৰ তেজ ওলোৱা, আঘাত হোৱা ঠাইৰ পৰা তেজ ওলোৱা বন্ধকৰিবলৈ ডালিমৰ ফুল বা পাতৰ ৰস প্ৰয়োগ কৰিলে ভাল ফল পোৱা হয়৷

*মহিলাৰ ৰক্তস্ৰাব আৰু লিউকোৰিয়াৰচিকিৎসাত ডালিমৰ ফুল মৌজোলৰ সৈতে খোৱালে ৰোগী উপকৃত হয়৷

*কোনো কোনো মহিলাৰ সঘনে হোৱা গৰ্ভপাত নিৰাময় কৰিবলৈ ডালিম গছৰ পাত দৈ আৰু মৌজোলৰ সৈতে খোৱালে গৰ্ভপাতৰ সম্ভাৱনা আতৰ হয়৷

*সকলো বয়সৰ লোকৰ সকলো প্ৰকাৰৰ পেলুৰ ৰোগ নিৰ্মূল কৰিবলৈ ডালিমৰ প্ৰয়োগ ঘৰুৱা ভাবে কৰি অহা হৈছে৷

*ডালিম হ'ল শক্তিবৰ্ধক আৰু তেজবৰ্ধক৷

*শিশুৰ নানাবিধ উদৰৰ বিকাৰ আৰু পেটৰ বিষৰ চিকিৎসাত ডালিম গছৰ ছাল ব্যৱহৃত হয়৷

*ক্ৰনিক ডিচেন্ট্ৰিৰ চিকিৎসাৰ বাবে ডালিমৰ শুকান বা কেঁচা বাকলি উপকাৰী৷

বৈজ্ঞানিক সকলৰ মতে ডালিমৰ বিভিন্ন উপকাৰিতা সমূহ -

১) পাক প্ৰণালীৰ উপকাৰিতা –

খাদ্য হজম হোৱাত সহায়ক আৰু আন্ত্ৰৰ সংক্ৰমণ হ্ৰাস কৰে৷ সেয়ে আলচাৰেটিভ ক'লাইটিচ আৰু ক্ৰনজ ডিজিজৰ ৰোগীৰ বাবে উপকাৰী ফল৷

২) হৃদৰোগ-

যেনে তেজৰ নলীত চৰ্বি জমা হোৱা,ক'লেষ্টেৰল কমোৱা,উচ্চ ৰক্তচাপ কমোৱাত সহায়ক প্ৰমাণিত হৈছে৷

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি)বঢ়োৱা-

নানাবিধ ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ বাবে সেয়া সম্ভৱ পৰ৷

৪) কৰ্কট ৰোগ প্ৰতিৰোধত ডালিমৰ ভূমিকা –

ঘাইকৈ প্ৰষ্টেটৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত৷

৫) স্মৃতি শক্তি হ্ৰাস পোৱা ৰোধ কৰে সেয়ে এলঝাইমাৰ ৰোগীৰ বাবে উপকাৰী৷ ইয়াৰ বাবে দিনে ২৫০মিলিলিটাৰ ডালিমৰ ৰস গ্ৰহণ কৰা উচিত৷

৬) এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণযুক্ত৷

৭) ডায়েবেটিজ ৰোগীৰ বাবে সহায়ক-

ডালিমে ইনচুলিনৰ সক্ৰিয়তা বঢ়াই তেজৰ চুগাৰৰ পৰিমান কমায়৷

৮) সকলো ধৰণৰ বাত বিষ, আৰ্থাইটিচ আৰু অষ্টিঅ'প'ৰচিচ হ্ৰাস কৰাত সহায়ক৷

৯) এন্টিইনফ্লেমেটৰী গুণ ডালিমত থকা এন্টিঅক্সিডেন্টৰ বাবে সম্ভৱ৷ ডালিমত গ্ৰীন-টিৰ তুলনাত ৩গুণ বেচি এন্টিঅক্সিডেন্ট থাকে৷ এই এন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি-ৰেডিকেলচৰ পৰা শৰীৰক সুৰক্ষা প্ৰদান কৰে আৰু কোষৰ বিনাশ ঘটিবলৈ নিদিয়ে৷

১০) যৌন সক্ষমতা বৃদ্ধিকাৰক-

ডালিম হ'ল পুৰুষৰ টেষ্ট'ষ্টৰন হৰমোন বঢ়োৱাত সহায়ক৷

১১) মহিলাৰ গৰ্ভধাৰণৰ ক্ষমতা বঢ়োৱাত সহায়ক-

ডালিমে অক্সিডেটিভ ষ্ট্ৰেচ কমায়৷

১২) মুখমণ্ডল আৰু ছালত বয়সৰ ছাপ পৰিবলৈ নিদিয়ে৷ পৰীক্ষাগাৰত প্ৰমাণিত হৈছে যে ডালিমৰ নিয়মীয়া সেৱনে ছালৰ ইলাষ্টিক কোষবিলাকক অক্ষত অৱস্থাত থকাত সহায় কৰে৷ মুখৰ কমনীয়তা বঢ়ায়৷

১৩) সুনিদ্ৰাত সহায়ক-

পেনিনচালভিয়া বিশ্ববিদ্যালয়ৰ এটি অধ্যয়নত দেখা গৈছে যে ডালিমত কিছু এনে ৰাসায়নিক তত্ব থাকে যি ভাল নিদ্ৰা অনাত সহায়ক৷

১৪) মেদবহুলতা কমোৱাত সহায়ক-

ডালিমত থকা পলিফেনলৰ বাবে প্ৰাকৃতিকভাবে ভোকৰ পৰিমাণ হ্ৰাস হয় আৰু ফলত শৰীৰৰ ওজন কমোৱাত সহায়ক সিদ্ধ হৈছে৷ এই বিষয়ে এডিনবাৰ্গৰ কুইন মাৰ্গাৰেট ইউনিভাৰ্চিটিত গবেষণা চলি আছে৷ তদুপৰি ডালিমত থকা পলিফিনল এন্টিঅক্সিডেন্ট, কনজুগেটেড লিনয়িক এচিড আদি তত্বই দেহৰ চৰ্বি গলোৱাত সহায় কৰে৷

১৫) মুখৰ আচিনাই কমোৱাত সহায়ক৷

১৬) খেলুৱৈক ততালিকে শক্তি যোগান ধৰে৷

১৭) লিভাৰৰ সক্ৰিয়তা বঢ়াবলৈ নিতৌ ডালিম খাব লাগে৷

১৮) সূৰ্য্যৰ ৰশ্মিৰ দ্বাৰা চানবাৰ্ণ হ'লে ডালিমত থকা এলাজিক এচিড আৰু পলিফিনল এন্টিঅক্সিডেন্টে সেই ছালৰ ক্ষতিৰ নিৰাময় কৰে৷

১৯) ছালৰ টিউমাৰৰ বৃদ্ধি ডালিমে ৰোধ কৰিব পাৰে৷


২০) মদ্যপায়ী লোকৰ দেহৰ ক্ষতিসাধন ৰোধ কৰি স্বাস্থ্যৰ উন্নতি সাধন কৰে৷

আমি দৈনিক কিমান পৰিমানত ডালিম খোৱা উচিত?

আমেৰিকাৰ কৃষি বিভাগে প্ৰকাশ কৰা পত্ৰিকাৰ মতে এজন প্ৰাপ্তবয়স্কই নিতৌ দুই পিয়লা ডালিমৰ ৰস গ্ৰহণ কৰা উচিত৷

ডালিমৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা -

*কাচিৎ কোনো কোনো লোকৰ ডালিম, মধুৰী, কিৱি আদি ফল খোৱাৰ পিছত পেটত গেছ হব পাৰে৷ এনে হয় ডালিম আদি ফলত থকা ফাইবাৰ পাক প্ৰণালীৰ বেক্টেৰিয়াৰ সৈতে হোৱা ক্ৰিয়াৰ ফলত৷

*আকৌ কদাচিত কোনোজনৰ ডালিম খাই এলাৰ্জি হোৱাৰ বাবে ছালত চকলা বন্ধা, খজুৱতি, নিশ্বাসৰ কষ্ট, নাকৰ পৰা স্ৰাৱ ওলোৱা আদি হব পাৰে৷

*পোহনীয়া কুকুৰক ডালিম নোখুৱাব৷ ডালিমত থকা টেনিন আৰু এচিডে কুকুৰৰ পাক প্ৰণালীৰ অহিত সাধিব পাৰে৷

লেখক: ডা ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

English Summary: Benefits of Pomegranate
Published on: 01 March 2019, 05:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now