Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 December, 2020 10:58 AM IST

মূলা এবিধ অতি জনপ্ৰিয় পাচলি। মূলা উদ্ভিদজোপাৰ পুলি অৱস্থাৰ পৰাই মূখ্য মূলডাল ৰুপান্তৰিত হৈ মঙহহাল হৈ পৰে। ই আচলতে উদ্ভিদ জোপাৰ খাদ্য সঞ্চয়ৰ বাবেহে ৰুপান্তৰিত হয়। মূলাৰ এটি মৃদু জ্বল ভাব আছে যাৰ কাৰণ হ’ল গ্লুক’ছাইডৰ ভাঙোন। জাতবিশেষে মূলা বিভিন্ন আকাৰ আকৃতিৰ তথা বিভিন্ন ৰঙৰ হয় তথা জ্বলা ভাবটোও কম বেছি হয়।

মূলাৰ পুষ্টি মূল্য যথেষ্ট। ইয়াৰ প্ৰতি ১০০ গ্ৰামত পানীয়েই প্ৰায় ৯৪৪ গ্ৰাম, বাকী উপাদানবোৰ হ’ল-প্ৰটোন ১৭ গ্ৰাম, ফেট ০১ গ্ৰাম, খনিজ দ্ৰব্য ০৬ গ্ৰাম, অঁহ ০৮ গ্ৰাম, কাৰ্ব’হাইড্ৰেট ৩৪ গ্ৰাম, কেলৰি ১৭, কেলচিয়াম ৫০ মিলিগ্ৰাম, অঞ্জোলিক এচিদ ৯ মি: গ্ৰা:, ফছফৰাছ ২ মি:গ্ৰা:, আয়ৰণ ০৪ মি:গ্ৰা:, ছডিয়াম ৩৩ মি: গ্ৰা:, পটাছিয়াম ১৩৮ মি: গ্ৰা:, ভিটামিন –এ ৫ আই ইউ থায়মিন ০০৬ মি: গ্ৰা:, ৰাইব’ফ্লেভিন ১১২ মি: গ্ৰা:, নিক’টিনিক এচিড ০৫ মি: গ্ৰা:, ভিটামিন চি ১৫ মি:গ্ৰা:। মূলা বিভিন্ন ধৰণে খাব পৰা যায়। ভাৰতবৰ্ষৰ তথা পৃথিৱীৰ বিভিন্ন ঠাইত মূলাক প্ৰধানত: চালাড হিচাপে খোৱা হয়, ই বৰ উপকাৰী। তদুপৰি মূলাৰে বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন প্ৰস্তুত কৰি খোৱা হয়। মূলাৰ উপকাৰিতা বহুত তথা ই বহু ঔষধি গুণ বহন কৰে। মূলাত থকা যথেষ্ট পৰিমাণৰ পটাছিয়ামে দেহত ছডিয়াম-পটাছিয়ামৰ সমতুল্যতা বৰ্তাই ৰাখে বাবে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে। অৰ্থাত মূলাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা বহন কৰে।

মূলাত যতেষ্ট আঁহজাতীয় পদাৰ্থ থকা বাবে ডায়েবেটিছ থকা ব্যক্তিয়েও মূলা খাব পাৰে। মূলাই দেহৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে, বিশেষকৈ কাহ-পানী লগাৰ দৰে স্ংক্ৰমনৰ পৰা দেহক ৰক্ষা কৰি ৰাখিব পাৰে।ব্জণ্ডিচ ৰোগত তেজত হোৱা অতিৰিক্ত বিলিৰুবিনৰ পৰিমাণ কমাই ৰাখিব পাৰে বাবে এই ৰোগৰপৰা নিৰাময় পোৱাত সহায়ক হ’ব পাৰে। মূলাত থকা অতিৰিক্ত আঁহাজতীয় পদাৰ্থই তথা মূলাৰ পাচক ৰস আৰু পিত্তৰস নি:সৰণত অৰিহণা যোগোৱা গুণ থকা হেতুকে কোষ্ঠ্য-কাঠিন্য বা হজম সমস্যাত ভোগা ব্যক্তিৰ বাবে মূলা বৰ উপকাৰী। মূলাত বৰ বেছি কেল’ৰি নথকা বাবে তথা যথেষ্ট আঁহজাতীয় পদাৰ্থ থকা হেতুকে ওজন কমাব বিচত্ৰাদ ব্যক্তিয়ে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। অকৌ ইয়াত যথেষ্ট পৰিমাণে পানী তথা হজম নোহোৱাবিধৰ কাৰ্ব’হাইড্ৰেট থকা বাবেও এনে ব্যক্তিৰ বাবে মূলা এবিধ উতকৃষ্ট পাচলি, বিশেষকৈ চালাড হিচাপে খোৱাটোহে বেছি উপকাৰী। মূলাত থকা কিছুমান পদাৰ্থই এণ্টি এলাৰ্জিক্ গুণ বহন কৰে ববে এজমা বা শ্বাস প্ৰশ্বাস সমস্যাত ভোগা ব্যক্তিৰ বাবে এ এবিধ পথ্য। মূলাত পোৱা ভিটামিন চি তথা এণ্টিঅক্সিডেণ্টবোৰে কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষমতা বহন কৰে আৰু ছালক মৃসণতা প্ৰদানো কৰিব পাৰে। মূলাই বৃক্কক সক্ৰিয়তা প্ৰদান কৰিব পাৰে তথা সম্পূৰ্ণ ৰেচন প্ৰণালীটোক  সূচাৰুৰুপে ক্ৰিজ্যা কৰাত সহায়ক হ’ব পাৰে।

মূলাই চুলি সৰা প্ৰতিৰোধ কৰিব পাৰে, আনকি নতুন চুলি গজোৱাতো অৰিহণা যোগাব পাৰে, আকৌ মূৰৰ ছলত হোৱা উফি প্ৰতিহত কৰিব পাৰে। সেয়ে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিলে ভাল।

ড০ নমিতা নাথ, স্বস্থ্য আৰু দীৰ্ঘ জীৱন

English Summary: Benefits of Eating Radish
Published on: 08 March 2019, 09:11 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now