Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 September, 2022 5:25 PM IST
Banana Cultivation Profitable Business for Farmers

কল, যাক বিশ্বব্যাপী গুৰুত্বপূৰ্ণ ফল হিচাপে গণ্য কৰা হয়। বাৰ্ষিক, ভাৰতত 14.2 নিযুত টন কলা উৎপাদন কৰা হয়, অৰ্থাৎ বিশ্বৰ আন দেশতকৈ অধিক। ভাৰতত, আমৰ পিছত কল হৈছে দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ ফল, আৰু কলা উৎপাদনত মহাৰাষ্ট্ৰ প্ৰথম স্থানত আছে। আৰু, মহাৰাষ্ট্ৰৰ জলগাওঁক কল চহৰ বুলি কোৱা হয়, কিয়নো ই মহাৰাষ্ট্ৰৰ কল উৎপাদনৰ দুই-তৃতীয়াংশৰ অৱদান দিয়ে।

কল দক্ষিণ পূৱ এছিয়াৰ আৰ্দ্ৰ ক্ৰান্তীয় অঞ্চলত হোৱা দেখা যায়, যাৰ ভিতৰত আছে ভাৰত উৎপত্তিৰ এটা কেন্দ্ৰ হিচাপে। বৰ্তমানে, বিশ্বৰ উষ্ণ ক্ৰান্তীয় অঞ্চলত, প্ৰায় 120 খন দেশত কলৰ খেতি কৰা হৈছে।

কল খেতিৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে জানো আহক

  1. মাটি নিৰ্বাচনঃ ওখ, পানী জমা নোহোৱা আৰু যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ থকা মাটি কল খেতিৰ বাবে উপযোগী৷

  2. ৰোপণ সামগ্ৰীঃ কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয় ৷ স্বাস্থ্যবান এটা পোখা বা পুলি ওঘালি তাৰ পৰা শিপাবোৰ ভালদৰে আঁতৰাই লব লাগে, যাতে মুঢ়াটোৱে আঘাত নাপায় ৷ তাৰ পাচত ১ ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷ বাছনি কৰা পুলিটোৰ ওজন ১.৫ – ২.০ কেজিৰ ভিতৰত হলে ভাল৷

পুলি ৰোৱাৰ পদ্ধতিঃ  পুলিবোৰ সাধাৰণতে গাঁত কৰি ৰোব লাগে আৰু এই গাতবোৰ সাধাৰণতে ৪৫ x ৪৫ x ৪৫ চে: মি: হব লাগে৷

পুলি ৰোৱাৰ ব্যৱধানঃ   চাপৰ জাত : ১.৪ x ১.৪ মিটাৰ

  মধ্য ওখ জাত : ২.১ x ২.১ মিটাৰ

  ওখ জাত : ২.৪ x ২.৪ মিটাৰ

পুলি ৰোৱাৰ সময়ঃ মাৰ্চ-এপ্ৰিল৷

সাৰ প্ৰয়োগঃ

১২ কেজি পচন সাৰ প্ৰতিজোপা গছৰ বাবে

১১০ গ্ৰাম ইউৰীয়া প্ৰতিজোপা গছৰ বাবে

৩৩ গ্ৰাম ফছফেট প্ৰতিজোপা গছৰ বাবে

৩৩০ প্ৰাম পটাচ প্ৰতিজোপা গছৰ বাবে

জাহাজী কলৰ ক্ষেত্ৰত পটাচৰ মাত্ৰা ৫৫০ গ্ৰাম প্ৰতিজোপা গছত প্ৰয়োগ কৰিব পাৰে৷ বৰ জাহাজীৰ ক্ষেত্ৰত ২০০ গ্ৰাম নাইট্ৰোজেন প্ৰতিজোপা গছত তিনিটা ভাগ কৰি ৩ মাহ, ৫ মাহ আৰু গা-গছ ওলাবৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷পুলি ৰোৱাৰ সময়তে পচনসাৰ প্ৰয়োগ কৰিব লাগে৷ ফছফৰাচৰ সম্পূৰ্ণ অংশ, নাইট্ৰোজেনৰ আৰু পটাচৰ আধা অংশ পুলি ৰোৱাৰ ৩ মাহৰ পাচতেই প্ৰয়োগ কৰিব৷ বাকী আধা অংশ নাইট্ৰোজেন আৰু পটাচ পুলি ৰোৱাৰ ৫ মাহৰ পাচত প্ৰয়োগ কৰিব৷

বৰ জাহাজী কলৰ বাবে বৰণ (৬ গ্ৰাম), জিঙ্ক (৯ গ্ৰাম), কপাৰ (৬ গ্ৰাম) আৰু মলিবিদেনাম (১ গ্ৰাম) প্রতিজোপা গছত প্ৰয়োগ কৰিলে উপকাৰ পোৱা যায়৷ এইবোৰ অনুসাৰ চেনিচম্পা আৰু জাহাজী কলত প্ৰয়োগ কৰিলে উত্পাদন বৃদ্ধি হয়৷

 খৰাং বতৰত মাহে ৩ বাৰকৈ জলসিঞ্চন কৰিব লাগে৷

যতনঃ

পোখা পুলি উঠোৱা: কলগছৰ গুৰিত ওলোৱা পোখা পুলিবিলাক মাতৃ গছত কলৰ ডিল নোলোৱালৈকে উঘালি পেলাব লাগে৷ কলডিল ওলোৱাৰ পিছতহে প্ৰতিজোপা গছৰ গুৰিত মাত্ৰ এটা পোখা পুলি ৰাখিব লাগে৷

অপতৃণ নিবাৰণঃ

কলৰ বাগিছাত গজা অপতৃণবিলাক মাজে সময়ে চিকুনাই থাকিব লাগে৷ ‘ডায়োৰণ’ ৩ কেজি প্ৰতি হেক্টৰত বা গেমাক্সিন প্ৰতি হেক্টৰত ১.৫ কিলো প্ৰয়োগ কৰিলে অপতৃণৰ পৰা হাত সাৰি থাকিব পাৰি৷

শস্য চপোৱাঃ

কলৰ ঠোকটোত যেতিয়া কলবোৰৰ শিৰাবিলাক ঘুৰণীয়া হবলৈ আৰম্ভ কৰে তেতিয়া কলথোকা কাটিব লাগে ৷ চাপৰ জাতৰ জাহাজী কল ৰোৱাৰ ১১-১৪ মাহৰ পাচত কাটিব পৰা হয় ৷ অন্যহাতে ওখ জাতবিলাক ১৪-১৬ মাহৰ ভিতৰত পূৰঠ হয় ৷ চেপ্তেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে কলখেতি চপাব পাৰি ৷

লগতে পঢ়ক-আদা খেতিৰ উন্নত কৃষি প্রনালী আৰু ইয়াৰ ৰোগ প্রতিৰোধ

English Summary: Banana Cultivation Profitable Business for Farmers
Published on: 30 September 2022, 05:25 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now