Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 May, 2022 12:27 PM IST
সাঁচি গছৰ খেতি

সাঁচি গছ এবিধ মূল্যবান গছ। ঠাই বিশেষে এই গছৰ নাম অগৰু বা আগৰ বুলিও জনাজাত। সাধাৰণতে এনে গছ উজনি অসমৰ হাবিত হোৱা দেখা যায়। সাঁচি গছৰ গুটিৰ পৰা পুলি ৰোপণ কৰি বাগিছা আকাৰে ব্যৱসায়িক ভিত্তিত ৰোপন কৰিলে অধিক লাভৱান হব পাৰি। এই গছ সৰ্বাধিক ৩০ ফুটমানলৈকে বৃদ্ধি হোৱা দেখা যায়। আগৰ গছৰ কাঠৰ পৰা অতি মূল্যবান সুগন্ধি তেল প্ৰস্তুত কৰা হয়। বহিঃৰাষ্ট্ৰৰ চৌদি আৰৱকে আদি কৰি বিভিন্ন দেশত এই সুগন্ধি তেলৰ সমাদৰ অধিক। সেয়ে আগৰ গছৰ মূল্য আজিৰ দিনত সৰ্বাধিক আৰু ব্যৱসায়িক ভাবে লাভৱান হ’ব পাৰি।

গুটি সংগ্ৰহঃ

সাধাৰণতে গ্ৰীষ্ম কালত সাঁচি গছৰ ফুল ফুলি, ফল ধৰে। পৈণত ফলৰ পৰা গুটিবোৰ সংগ্ৰহ কৰি ভেটি আকাৰৰ মাটিত অলপ ঢাক খোৱাকৈ ৰুব লাগে। সংৰক্ষণ কৰা গুটিবোৰ মাটিৰ ওপৰত বা মুকলিকৈ ১৫ দিনৰ বেছি সময় ৰাখিব নালাগে, কিয়নো এই গছৰ গুটিবোৰৰ অঙ্কুৰণ ক্ষমতা বেছি দিনলৈ সজীব হৈ নাথাকে। ভেটি আকাৰৰ মাটিত ৰোৱাৰ পিছত প্ৰখৰ ৰ’দ, বৰষুণৰ পৰা নিৰাপদে ৰাখিবলৈ ওপৰত চালি দি ছাঁৰ ব্যৱস্থা কৰিব লাগে। লগতে নিয়মিতভাবে পানী যোগান ধৰিব লাগে, যাতে গুটিবোৰ জীপাল হৈ থাকে

এনেকৈ গুটিবোৰ ৰোৱাৰ ১৫-২০ দিনৰ পিছত গজালি আহিবলৈ ধৰিব আৰু এই পুলিবোৰৰ বৃদ্ধি অত্যাধিক ধীৰগতিৰে হয় বাবে প্ৰায় ২,৩ মাহৰ পিছত যেতিয়া ওখই ১০-১৫ ছে.মি.মান হ’ব তেতিয়া পুলিবোৰ মাটিৰে সৈতে উভালি আনি পলিথিনৰ বেগত মাটি ভৰাই নাৰ্ছাৰী আকাৰে সংৰক্ষণ কৰি, পিছত বিক্ৰীৰ বাবে বজাৰলৈ মোকলাই দিলেও অধিক লাভৱান হ’ব পাৰি। যদি কোনোৱে নিজাকৈ সাঁচি গছ ৰুবলৈ বিচাৰে, তেনেহ’লে পুলিবোৰ মাটিৰে সৈতে উভালি আনি মুকলি ওখ চাপৰিসদৃশ মাটিত ২ মিটাৰ মানৰ ব্যৱধানত গাঁত খান্দি ৰুব লাগে।

প্ৰথমে দুবছৰমানলৈ পুলিবোৰে সূৰ্য্যৰ প্ৰখৰ ৰ’দ সহ্য কৰিব নোৱাৰে, সেয়ে প্ৰতিটো পুলিৰ ওপৰত ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে। পিছলৈ কিন্তু কোনো ধৰণৰ ছাঁ প্ৰয়োজন নহয়গৈ, বৰঞ্চ সূৰ্য্যৰ ৰশ্মিৰহে অধিক প্ৰয়োজন হয়। এটা কথা লক্ষ্য ৰাখিব লাগে যাতে মুকলি ঠাইত ৰোৱা পুলিবোৰৰ গুৰিত যাতে কেতিয়াও বৰষুণৰ পানী জমা হৈ নাথাকে আৰু পুলিবোৰৰ গুৰিৰ পৰা ঘাঁহ-বনবোৰ নিয়মীয়াকৈ চিকুণাই ৰাখিব লাগে। অন্যথা পুলিবোৰ স্বাস্থ্যবান নহৈ ৰুগীয়া হোৱাৰ সম্ভাৱনা থাকে।

আন যিকোনো উদ্ভিদৰ তুলনাত যিহেতু সাঁচি গছৰ বৃদ্ধি লেহেমীয়া, সেয়ে এজোপা পূৰ্ণাঙ্গ আগৰ গছ হ’বলৈ অতি কমেও ১৫-২০ বছৰমান সময়ৰ প্ৰয়োজন হয়। পুলিবোৰ স্বাস্থ্যবান আৰু পূৰ্ণাঙ্গ গছ হৈ উঠিলে, মাটিৰ পৰা ঢুকি পোৱাকৈ প্ৰতিজোপা গছৰ গাত, অৰ্থাৎ ছালত লোৰ জোঙা গেজেঙেৰে কিছু আঁতৰে আঁতৰে খুচি খুচি ফুটা কৰি দিব লাগে নাইবা ঘৰুৱা দা-ৰে গছজোপাৰ ছালত কিছু আঁতৰে আঁতৰে ২ ইঞ্চিমান দ-হোৱাকৈ ঘপিয়াই দিব লাগে।

এনে কৰিলে গছজোপাৰ পৰা এবিধ আঠাজাতীয় বস্তু নিঃসৰিত হ’ব আৰু কেইদিনমানৰ ভিতৰতে তাত পোকে ধৰিব। এনেকৈ লাগি ধৰা পোকবোৰে গছৰ পৰা ওলোৱা আঠাবোৰ গোটেই গা-গছত মিহলাই পেলায়। আৰু আঠাবোৰ খমলা বান্ধিলে সেইবোৰ সুগন্ধি প্ৰস্তুত কৰাৰ বাবে সংগ্ৰহ কৰা হয়।

তদুপৰি পৈণত গছ একোজোপাৰ গাটো যেতিয়া ১-২ ফুট ব্যাসাৰ্দ্ধৰ হয়গৈ তেতিয়া গছৰ মাজভাগত টান ক’লা বৰণৰ কাঠৰ সৃষ্টি হয়। গা-গছজোপা কাটি টুকুৰা কৰি, তাৰ মাজৰ সেই ক’লা অংশ ছাচ বা কুঠাৰেৰে সুক্ষ্মভাবে ছাচি ছাচি মূল্যবান অংশ সংগ্ৰহ কৰা হয়। এই অংশও ব্যৱসায়িক ভিত্তিত সুগন্ধিযুক্ত তেল প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।

বহিঃৰাষ্ট্ৰলৈ এনেকৈ ছাচি সংগ্ৰহ কৰা কাঠৰ টুকুৰাবোৰ ৰপ্তানি কৰিব পাৰি। উজনি অসমৰ যোৰহাট, শিৱসাগৰকে আদি কৰি বৰ্তমানে নগাঁও জিলাৰো হোজাই, নীলবাগান অঞ্চলত এনে মূল্যবান আগৰ গছৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে, য’ৰ পৰা থলুৱা সাঁচি খেতিয়ক অধিক লাভান্বিত হ’ব পাৰিছে।

(Credit goes to Swabalamban Facebook Page-সংগৃহীত)

লগতে পঢ়ক-Mushroom Farming with Rice straw: ধানখেৰৰ কাঠফুলাৰ খেতি কেনেকৈ কৰিব?

English Summary: Aquilaria malaccensis, a Profitable Business for farmers
Published on: 19 May 2022, 12:09 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now