Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 October, 2022 2:59 PM IST
Gardening and mental health

যিসকলে গছ আৰু উদ্ভিদৰ মাজত থাকি ভাল পায় বা যিসকলে তেওঁলোকৰ ঘৰৰ বাগিচাত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ ৰোপণ কৰে আৰু সেইবোৰৰ যত্ন লয়,  তেওঁলোকৰ বাবে সেই বাগিচাতকৈ ভাল ঠাই থাকিব নোৱাৰে। বাগিচা কৰা মানুহে ফুল আৰু পাতৰ যত্ন লৈ কেৱল সুখে অনুভৱ নকৰে, তেওঁলোকে সেই সময়খিনিত তেওঁলোকৰ সমস্যাবোৰো পাহৰি যায়। কিন্তু, আপুনি জানেনে যে বাগিচাৰ এই নিচাই তেওঁলোকক মানসিকভাৱে স্বাস্থ্যৱান হৈ থকাতো সহায় কৰিব পাৰে? (gardening benefits in assamese)

শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে গছৰ মাজত বাস কৰা লোকসকলৰ মানসিক স্বাস্থ্য ভালে থাকে। এই অধ্যয়নৰ ফলাফলবোৰ "পিএলওএছ ৱান" আলোচনীত প্ৰকাশিত হৈছিল আৰু অধ্যয়নটো ফ্লৰিডা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে সম্পূৰ্ণ কৰিছিল। অধ্যয়ন অনুসৰি, বাগিচাৰ দ্বাৰা চাপ হ্ৰাস হয় আৰু উদ্বেগ আৰু হতাশাৰ দৰে মানসিক সমস্যাও হ্ৰাস হয়।

(effects of gardening in mental health assamese article)

বাগিচাৰ দ্বাৰা মানসিক স্বাস্থ্য কেনেকৈ উন্নত হয়?

বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে বাগিচা হৈছে এক প্ৰকাৰৰ কলা যাৰ বাবে শিক্ষা, পৰিকল্পনা আৰু ৰণনীতিৰ লগতে সৃজনশীলতাৰ প্ৰয়োজন। ইয়াৰ লগত শাৰীৰিক কাৰ্যকলাপো অন্তৰ্ভুক্ত হৈ আছে যাৰ ফলত মানসিক আৰু শাৰীৰিক ব্যায়ামো হয়।

উদ্বেগ আৰু হতাশাৰ লক্ষণবোৰ কমে

প্ৰতিৰোধমূলক ঔষধ প্ৰতিবেদনৰ (Preventive Medicine Reports) এক অধ্যয়ন অনুসৰি, বাগিচাৰ দ্বাৰা হতাশা আৰু উদ্বেগৰ লক্ষণবোৰ হ্ৰাস হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত উদ্বেগ আৰু হতাশগ্ৰস্ততাত ভুগি থকা ৰোগীসকলক প্ৰায়ে ফুল আৰু উদ্ভিদ ৰোপণ আৰু উদ্ভিদৰ যত্ন লোৱাৰ কামত অংশগ্ৰহণ কৰিবলৈ দিয়া হয়। প্ৰকৃততে, যেতিয়া মানুহে বাগিচা পতাৰ সময়ত মাটিত হাত থয়, ই হতাশা-বিৰোধী ঔষধৰ দৰে কাম কৰে। যি চাপ আৰু হতাশাৰ লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰে।

চাপৰ উপশম ঘটায়

দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত, মানুহৰ ব্যায়াম আৰু অন্যান্য শাৰীৰিক শ্ৰমৰ বাবে সময় নাই। এনে পৰিস্থিতিত, দৈনিক ১০-২০ মিনিটৰ বাবে বাগিচা কৰাটোৱে চাপৰ দৰে সমস্যাৰপৰা সকাহ দিয়ে।

মগজুৰ কাৰ্যক্ষমতা ভাল কৰে

বাগিচাৰ দ্বাৰা মগজুৰ কাম কৰাৰ ক্ষমতা বৃদ্ধি হয়। ই মনোযোগ আৰু একাগ্ৰতাও বৃদ্ধি কৰে। যাৰ ফলত পঢ়া শুনা কৰা শিশু আৰু কঠোৰ পৰিশ্ৰম কৰা লোকসকল যথেষ্ট লাভান্বিত হ’ব পাৰে।

আত্মবিশ্বাস বৃদ্ধি কৰে

বাগিচাত কাম কৰা, গছ-গছনিত পানী দিয়া আৰু প্ৰতিপাল কৰাটোৱে মানুহক সুখী কৰে আৰু লগতে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি কৰে।

লগতে পঢ়কঃ হালধিৰ বিভিন্ন ভেষজ গুণ তথা স্বাস্থ্য উপকাৰিতা

English Summary: mental health and gardening
Published on: 10 October 2022, 02:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now