সাম্প্ৰতিক বিশ্বত ভয়াবহ ৰোগ হিচাপে চিহ্নিত ৰোগবিধৰ নামেই হৈছে ডায়েবেটিছ। এইবিধ ৰোগক আমাৰ ভাষাত কোৱা হয় মধুমেহ বা বহুমূত্ৰ ৰোগ। আমাৰ শৰীৰ বা দেহত অন্যান্য ৰোগ হ’লে যিদৰে আৰম্ভণিতে ৰোগৰ উমান পোৱা যায় ডায়েবেটিছ বা মধুমেহ ৰোগৰ ক্ষেত্ৰত এই কথা নাখাটে। এই ৰোগবিধ শৰীৰত আৰম্ভ হোৱাৰ কথা ৰোগীয়ে প্ৰথম অৱস্থাত বা ভালেমান দিনলৈকে গমেই নাপায়। নীৰৱে এই ৰোগবিধে আমাৰ দেহত বাহ লৈ আমাৰ শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ, যেনে- কলিজা, স্নায়ু, বৃক্ক, লিভাৰ, চকু আদিৰ নীৰৱে ক্ষতিসাধন কৰি থাকে।
ৰোগীয়ে যেতিয়া দেহত এই ৰোগবিধৰ উপস্থিতিৰ উমান পায় তেতিয়া ৰোগবিধ ইতিমধ্যে দেহত পূৰঠ হৈ উঠিছে আৰু ৰোগীৰ ওপৰত উল্লিখিত অংগসমূহৰো ব্যাপক ক্ষতিসাধন কৰিছে। এনে কাৰণতে ডায়েবেটিছ ৰোগক মানুহৰ নীৰৱ ঘাতক বুলি কোৱা হয়। ই এনে এবিধ মাৰাত্মক ৰোগ যে কোনো ঔষধ-পাতিৰ দ্বাৰাই এই ৰোগ সম্পূৰ্ণভাৱে আৰোগ্য কৰাও সম্ভৱ নহয়। এনে কাৰণতে ডায়েবেটিছ বা মধুমেহ দুৰাৰোগ্য ব্যাধি হিচাপে চিহ্নিত হৈছে।
লগতে পঢ়ক-
Teeth diseases : সৰু ল’ৰা-ছোৱালীৰ দাঁত পোকে খোৱা ৰোগ কিয় হয় জানেনে!
আমাৰ শৰীৰে যিটো অৱস্থাত শৰ্কৰা জাতীয় পদাৰ্থ গ্ৰহণ কৰিব নোৱাৰা হয়। সেই অৱস্থাত তেজত শৰ্কৰা বা চেনিৰ পৰিমাণ বাঢ়ি গৈ ই মূত্ৰাশয়ৰ জৰিয়তে নিৰ্গত হয় আৰু ইয়াকে ডায়েবেটিছ ৰোগ বোলা হয়। ৰোগবিধত শৰীৰত কোনো বিষ-কোপ অনুভূত নহয় বাবে ৰোগীয়ে ৰোগ হোৱাৰ উমানেই নাপায়। ফলত শৰীৰত ভিতৰি ভিতৰি ৰোগ নীৰৱে পূৰঠ হৈ গৈ থাকে আৰু শৰীৰত যেতিয়া চেনিৰ মাত্ৰা খুব বেছি হয় তেতিয়াহে এই ৰোগবিধৰ উপস্থিতিৰ কথা ৰোগীয়ে ধৰিব পাৰে। আমাৰ শৰীৰৰ বিভিন্ন পাচক গ্ৰন্থিৰ সমন্বয়ত ক্লোমযন্ত্ৰ গঠিত হৈছে। এই ক্লোমযন্ত্ৰৰ পৰা নিৰ্গত ইনচুলিন বা ক্লোমৰসে শৰ্কৰাৰ বিপাকীয় ক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰে। ফলত শৰীৰত তাপ আৰু শক্তি উৎপন্ন হয়। কোনো কাৰণত এই ক্লোমযন্ত্ৰ দুৰ্বল হৈ পৰিলে বা ক্লোমৰস বা ইনচুলিন নিৰ্গত কৰিবলৈ সক্ষম নহ’লে শৰীৰৰ তন্তু বা কোষকলাৰ ভিতৰত শৰ্কৰা দগ্ধ বা দাহিত নহয়। এনে অৱস্থাত তেজৰ লগত শৰ্কৰা বিজাতীয় পদাৰ্থৰূপে সঞ্চিত হ’বলৈ ধৰে আৰু শৰীৰত নানা উপসৰ্গই দেখা দিয়াৰ ফলতে ডায়েবেটিছ ৰোগৰ উৎপত্তি হয়।
অধিক মিঠাজাতীয় খাদ্যবস্তু গ্ৰহণ, শৰীৰৰ মেদবহুলতা, মানসিক অশান্তি, অত্যধিক কৰ্মৰ চাপ, মানসিক উদ্বেগ আদিয়ে আমাৰ শৰীৰৰ ক্লোমযন্ত্ৰ দুৰ্বল কৰি শৰীৰত ডায়েবেটিছৰ উদ্ভৱ ঘটায়। মূলতঃ শৰীৰত সঞ্চিত দূষিত পদাৰ্থই আমাৰ শৰীৰত ডায়েবেটিছ ৰোগৰ উদ্ভৱ ঘটায়। এই ৰোগৰ উদ্ভৱে ৰোগীৰ শৰীৰ ক্ষীণকায় আৰু দুৰ্বল কৰি তোলে, ঘনাই প্ৰস্ৰাৱ হয়, পিয়াহ লাগে, ভোক লাগে, ওজন হ্ৰাস পায়, শৰীৰত তাপৰ মাত্ৰা কমে, শৰীৰত হোৱা ঘা সোনকালে নুশুকায়, দেহ অৱশ অৱশ লাগে, মেজাজ খিংখিঙীয়া হয়, সময়ত কলিজা, বৃক্ক, স্নায়ু, লিভাৰ, চকু আদিৰ ক্ষতি সাধন কৰি ৰোগীক নানা যন্ত্ৰণাৰ সন্মুখীন কৰাই মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।
(উৎসঃ বিকাশপেডিয়া, প্ৰভাৱতী কলিতা)
লগতে পঢ়ক-