1. স্বাস্হ্য আৰু জীৱন

ঔটেঙা, ঢেকীয়া আৰু পচলাৰ কথাৰে

RAHUL ALI
RAHUL ALI
ঔটেঙা , ঢেকীয়া আৰু পচলাৰ কথাৰে
ঔটেঙা , ঢেকীয়া আৰু পচলাৰ কথাৰে

পৰম্পৰাগত অসমীয়া ব্যঞ্জন সমূহত ঔটেঙা,  ঢেকীয়া আৰু পচলাৰ বিবিধ ব্যঞ্জনৰ সমাহাৰ দেখিবলৈ পোৱা যায়। ঢেকীয়াৰ তেনে কিছুমান চিনাকি ব্যঞ্জন হৈছে ঢেকীয়াৰ শুকান ভাজি, গুটি আলুৰ সৈতে ঢেকীয়া ভাজি, বুটৰ সৈতে ঢেকীয়া ভাজি, ঔটেঙা আৰু ঢেকীয়াৰ আঞ্জা (মাগুৰ বা শিঙি বা কাৱৈ মাছৰ লগত), ঢেকীয়া শাকৰ লগত মুৰ্গী মাংসৰ আঞ্জা, ঢেকীয়া দি বনোৱা দাইল আদি।

ঔ টেঙাৰো বহুত ব্যঞ্জন আছে যেনে-মাছৰ সৈতে ঔটেঙাৰ টেঙা জোল,  ঔটেঙা দি বনোৱা দাইল, ঔটেঙাৰ টেঙা মিঠা অম্বল বা তক, ঔটেঙাৰ লগত গাহৰি মাংস,  মাটিদাইল, কচু আৰু ঔটেঙাৰ আঞ্জা, ঔটেঙাৰ আচাৰ ইত্যাদি। অসমীয়াত এষাৰ কথা আছে:- 'ঔটেঙা ঢেকীয়া শাক জিভাৰ পানী পৰি থাক।' খাওঁতা জনেহে জানে ইয়াৰ জুতি। আৰু এইবিধ ব্যঞ্জনৰ নাম শুনা জনৰো লোভৰ পানী পৰে।এইবোৰ ব্যঞ্জন খাবলৈ যিমান সোৱাদ সিমান ঔষধি গুণসম্পন্নও হয়।

ঢেকীয়া
ঢেকীয়া

ঠিক তেনেকৈ পচলাৰো বহুত সুস্বাদু ব্যঞ্জন আছে-মচুৰ দাইলৰ সৈতে পচলাৰ আঞ্জা, কল পচলাৰ খাৰ,হাঁহৰ মাংসৰ লগত কল পচলাৰ জ্বলা ভাজি, মাছৰ  মূৰ বা মাথাৰ সৈতে পচলাৰ খাৰ, পচলাৰ সৈতে মুৰ্গীৰ মাংস ইত্যাদি। মুঠতে কিমান ব্যঞ্জন আছে কৈ শেষ কৰিব নোৱাৰি। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছু খাদ্যাভ্যাস দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ কিছুমানৰ খাদ্যাভ্যাসৰ লগত মিল আছে। পচলা, ঢেকীয়া, ঔটেঙা আদি সেইবোৰ দেশতো প্ৰচুৰ পৰিমাণে খোৱা দেখা যায়। মালায়চিয়া, থাইলেণ্ড, ফিলিপাইনচ, ইণ্ডোনেছিয়া আদিত ঢেকীয়াৰ ষ্টিৰ ফ্ৰাই বা কম তেলত বনোৱা ব্যঞ্জন,  চালাডত ঢেকীয়া  খুব জনপ্ৰিয়।

ঠিক তেনেকৈ বহু ব্যঞ্জনত ঔটেঙাৰ ব্যৱহাৰো খুব হয়। পচলাৰো ব্যবহাৰ খুব হয় সেই দেশসমূহৰ ব্যঞ্জনত। নকলেও হব যে এইবোৰ উপকৰণে তেওঁলোকক নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিছে আৰু ই প্ৰতিফলিত হয় তেওঁলোকৰ ছাল আৰু চুলিত। তেওঁলোকে খোৱা তেলবিহীন, বিনা মচলাৰ সুস্বাদু ব্যঞ্জনৰে যাদু বুলি কলেও ভুল কোৱা নহব কিজানি। আমাৰ পৰম্পৰাগত থলুৱা ব্যঞ্জন সমূহো খুবেই স্বাস্থ্যকৰ আৰু ঔষধি গুণযুক্ত।

জুতি লগা ব্যঞ্জন সমূহৰ এই উপকৰণ সমূহৰ ঔষধি গুণৰ কথা সকলোৱে জনা উচিত। সেয়েহে  থুলমূলকৈ এই উপকৰণ সমূহৰ উপকাৰীতা আৰু গুণাগুণ জনাব বিচাৰিছো-

ঢেকীয়া(Fiddlehead fern , বৈজ্ঞানিক নাম Diplazium esculentum):-

 ঢেকীয়াত প্ৰটিন, ভিটামিন এ ভিটামিন বি কম্প্লেক্স ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

(১). নিৰামিষভোজী সকলৰ বাবে ই খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে।গতিকে মাংস নাখাই পুষ্টিহীনতাত ভূগিছো বুলি ভুল ধাৰণা লব নালাগে। ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য। নিচিন্ত মনেৰে খাওক

(২). কেলচিয়াম, ফস্ফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।

(৩). জীৱণুনাশক গুণ থকা আৰু  স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে   মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

(৪). বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে  শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

(৫). ৰুচি বৰ্ধক,আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।

(৬). পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।

(৭). লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

(৮). ডায়েবেটিচ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য।

(৯). ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী।

Elephant Apple
Elephant Apple

ঔটেঙা(Elephant apple ,বৈজ্ঞানিক নাম Dillenia indica)

টেঙা বস্তুৰ নাম শুনিলেই মুখৰ পানী ওলোৱাটো স্বাভাৱিক। ঔটেঙাৰ ব্যৱহাৰ আঞ্জা,  জাম, জেলী, আচাৰ আদি বনোৱাত ব্যৱহাৰ হয়। ইয়াত ভিটামিন বি,ভিটামিন চি, বিতা কেৰোটিন,ৰাইবফ্লেভিন,  কাৰ্বহাইড্ৰেট, প্ৰটিন ,কেলচিয়াম, ফচফৰাছ ,ফাইবাৰ ইত্যাদি পোৱা যায়।

(১). ডায়েবেটিচ ৰোগত ঔটেঙা খালে সুফল পোৱা যায়। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। সেয়েহে ডায়েবেটিচ ৰোগীয়ে মাজে মাজে ঔটেঙাৰ ব্যঞ্জন খোৱা উচিত। ঔটেঙা ৰদত শুকুৱাই গুৰি কৰি পাউদাৰ হিচাবে সংৰক্ষণ কৰিও থব পাৰি। ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে এই পাউদাৰ খাব পাৰে । অফ চিজনত খাব পাৰি আৰু ৰোগীয়েও সুফল পাব।

(২). কোষ্ঠকাঠিন্যত ঔটেঙা খালে সুফল পোৱা যায়।

(৩). মেদবহুলতাত ভোগা সকলে ঔটেঙা খালে সুফল পাব। টেঙাই এনেও চৰ্বি কাটে। গতিকে মেদবহুল লোকে ঔটেঙা খোৱা উচিত।

(৪). কলেষ্টৰল বৃদ্ধি হলে ঔটেঙা খালে সুফল যায়।

(৫). চুলিৰ গুৰিত উফিৰ সমস্যা হলে ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশৰে চুলি ধুব লাগে। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ঔটেঙা বিজলেৰে মূৰ ধোৱা পৰম্পৰা অতীত কালৰে পৰা চলি আহিছে।

কলপচলা

কল পচলা বহু ৰোগত উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পতাচিয়াম,আইৰণ আদি পোৱা যায়।

(১). প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়।

(২). আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী।

(৩). উচ্চ ৰক্তচাপত পচলা উপকাৰী ।ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

(৪). কলেষ্টৰল সমস্যাটো পচলা খালে সুফল পোৱা যায়।

পচলা
পচলা

(৫). পেটৰ চৰ্বি কমোৱাত পচলাই সহায় কৰে। সেয়েহে মাজে মাজে পচলা খাব লাগে।

(৬). মূত্ৰজনন(diuretic) হোৱাৰ বাবে পেচাবৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায়। মূত্ৰনলীৰ সংক্ৰমণ (urinary tract infection) ত পচলা খালে সুফল পোৱা যায়।

(৭). পচলাই কিডনী স্টোন হোৱাত বাধা দিয়ে।

(৮). ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী।এই সমস্যাত ভোগা সকলে মাজে মাজে পচলা খাওক।

(৯). ডায়েবেটিচ ৰোগতো ই খুব উপকাৰী। ডায়েবেটিচ ৰোগীয়ে নিচিন্ত মনেৰে পচলা খাওক।ই ডায়েবেটিচ ৰোগৰ পৰা হোৱা অন্য সমস্যাও দূৰ কৰাত সহায় কৰে।

(১০). বডী দিতক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জ্য পদাৰ্থ সমূহ পেচাব, পাইখানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াত ই সহায় কৰে।

(১১). লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী। বিশেষকৈ ফেটি লিভাৰ,জণ্ডিচত পচলা খালে উপকাৰ পোৱা যায়।

বি:দ্ৰ: আমাৰ ককা আইতা সকলে কিছুমান ৰোগত ঔটেঙা ঢেকীয়া খাবলৈ মানা কৰিছিল।তেওঁলোকৰ আক্ষৰিক জ্ঞান নাছিল যদিও ব্যৱহাৰিক জ্ঞান আছিল অপৰিসীম। নিশ্চয় ইয়াৰ বৈজ্ঞানিক যুক্তিযুক্ততা থাকিব। এচিডিটি, বদহজম, জ্বৰ, এলাৰ্জি আদিত ঢেকীয়া আৰু ঔটেঙা খালে কেতিয়াবা আমনি হয় কিছুমানৰ। আৰু প্ৰত্যেকৰে হজম কৰা শক্তিও বেলেগ বেলেগ। সেয়েহে ৰোগ চাই খাদ্য গ্ৰহণ কৰা উচিত।

লগতে পঢ়ক-কচু শাকৰ গুণাগুণ, উপকাৰিতা আৰু ল’ব লগা সাৱধানতা

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

ফোন: 7399114617

গুৱাহাটী

English Summary: Health Benefit of Elephant Apple, Fiddlehead Fern and Posola

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.