Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 4 January, 2025 5:57 PM IST
Health benefit of walnuts?

বৰ্তমান সময়ত এন্টিঅক্সিডেন্ট যুক্ত খাদ্য সামগ্ৰীৰ প্ৰতি সকলোৰে ধাউতি বাঢ়িছে। বহু স্বাস্থ্যসচেতন লোক এই এন্টিঅক্সিডেন্টৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত। সেয়েহে আজিকালি প্ৰায়বোৰ মানুহেই দৈনন্দিন খাদ্য তালিকাত এন্টিঅক্সিডেন্ট যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰে। এই এন্টিঅক্সিডেন্টে ফ্ৰী ৰেদিকেলৰ (free radical) প্ৰতিকূল প্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে। এন্টিঅক্সিডেন্টে হাৰ্টৰ সুৰক্ষা কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰথ্ৰাইটিছ (arthritis) ,কেন্সাৰ আদি প্ৰতিৰোধ কৰে, ছাল , চুলিৰ সৌন্দৰ্য বৰ্ধন কৰে আৰু আমাৰ বাৰ্ধক্য অহাতো বাধা প্ৰদান কৰে (anti aging) । এন্টিঅক্সিডেন্টযুক্ত বহুতো খাদ্যসামগ্রী আছে। তাৰ ভিতৰত বাদাম জাতীয় শুকান ফল (dry fruit) আখৰোট যাক ইংৰাজীত ৱালনাত (walnut) বুলি কোৱা হয় সিও অন্যতম। চকলেট, কেক, কুকিজ আদি বিভিন্ন সুস্বাদু ব্যঞ্জনত আখৰোট ব্যৱহাৰ হয়। কাজু, চীনা বাদাম, খেজুৰ ,কিছমিছ আদি শুকান ফল সমূহ সৰ্বসাধাৰণ লোকৰ মাজত যিমান জনপ্ৰিয় আখৰোট ইমান বেছি জনপ্ৰিয় নহয়।

সঠিক তথ্যৰ অভাৱৰ বাবে বহুতেই ইয়াৰ উপকাৰীতাৰ বিষয়ে নাজানে।  কিন্তু গুণগত দিশত আখৰোট আন বহুতো শুকান ফলতকৈ উচ্চ মানদণ্ডৰ। কাৰ্ব'হাইড্ৰেট, প্ৰটিন, স্নেহ, অমেগা 3 ফেতি এচিড, অমেগা 6 ফেতি এচিড, আইৰণ, কেলচিয়াম, ভিটামিন A, ভিটামিন B কম্প্লেক্স, ভিটামিন E, মেংগানিজ, মেগনেছিয়াম, চডিয়াম, কপাৰ, ফচফৰাছ ,আঁহ আদি অত্যাৱশ্যকীয় উপদানেৰে পৰিপূৰ্ণ আখৰোট আমাৰ বাবে বহু উপকাৰী। এক কথাত কবলৈ গ'লে ইয়াক একপ্ৰকাৰৰ 'চুপাৰ ফুড' বুলি ক'ব পাৰি। ই হৈছে এবিধ প্ৰকৃতিপ্ৰদত্ত মাল্টিভিটামিন (multivitamin)।  উৎকৃষ্ট শুকান ফল এই আখৰোট আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানোচোন আহক:-  

  • আখৰোটত থকা বিভিন্ন এন্টিঅক্সিডেন্ট, ভিটামিন E, মেলাতনিন, অমেগা 3 ফেতি এচিদ, পলিফিনলে (polyphenol) আমাক হাৰ্টৰ বহুতো সমস্যাৰ পৰা বচাই ৰাখে। আখৰোটে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল, ট্ৰাই গ্লিচাৰাইড হ্ৰাস কৰে , উচ্চ ৰক্তচাপ কম কৰাতো সহায় কৰে। ইয়াত থকা অলিক এচিড (oleic acid), আলফা লিনলিক এচিড (alpha linoleic acid বা ALA) , লিনলিক এচিডে কৰ'নাৰী হাৰ্ট ডিজিজ (CHD) হোৱাত বাধা প্ৰদান কৰে।
  • ওজন কম কৰাতো আখৰোট উপকাৰী কাৰণ ইয়াত আঁহ (fiber) আছে।
  • ইয়াত থকা কেলচিয়াম, মেংগানিজ, 'পাৰ, জিঙ্ক, ভিটামিন B ৰ বাবে হাড়ৰ গঠন মজবুত হয় আৰু অষ্টিওপৰ'ছিছ (osteoporosis) সমস্যা ৰোধ কৰে।
  • মেগনেছিয়াম, মেংগানিজ, কেলচিয়াম, ফলেট, কপাৰ, আইৰণ থকাৰ বাবে শৰীৰৰ বিপাকীয় কাৰ্য্য (healthy metabolism) সুচাৰুৰূপে সম্পন্ন হোৱাত সহায় হয়।

 ডায়েবেটিচ ৰোগীৰ বাবেও আখৰোট উপকাৰী।

অমেগা 3 ফেতি এচিড, মেগনেছিয়াম, আৰ্গিনিন (arginine) আদিয়ে ফ্ৰী ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে, অংগৰ প্ৰদাহ (inflammation) ৰোধ কৰি আৰথ্ৰাইটিছ , এলজেইমাৰ, কেন্সাৰ আদিৰ পৰাও আমাক বচাই ৰাখে।

এন্টিঅক্সিডেন্ট থকাৰ বাবে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ( immunity) বৃদ্ধি কৰে।

গৰ্ভৱতী মহিলাৰ বাবেও আখৰোট উপকাৰী কাৰণ ইয়াত অত্যাৱশ্যকীয় উপাদান যেনে বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ (mineral) পোৱা যায়। এইবোৰ উপদানে গভস্থ শিশুৰ বিকাশতো সহায় কৰে।

ইয়াত থকা মেলাতনিনে( melatonin) ষ্ট্ৰেছ আৰু নিদ্ৰাহীনতা দূৰ কৰে।

আখৰোটে স্মৃতি শক্তি বৃদ্ধি কৰে, মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, কাৰণ ইয়াৰ ভিটামিন E আছে। এই ভিটামিন E য়ে স্নায়ুকোষক ফ্ৰী ৰেদিকেলৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে। মৃগী (epilepsy) ৰোগীৰ বাবেও আখৰুট উপকাৰী।

আখৰোটে পাচন ক্ৰিয়াতো সহায় কৰে, কৌষ্ঠকাঠিন্য দূৰ কৰে আৰু গলব্লাডাৰৰ বিভিন্ন সমস্যা দূৰ কৰে।

ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধনতো আখৰোট উপকাৰী। ইয়াত থকা ভিটামিন E, প্ৰটিন, আইৰণ আদিয়ে ছাল, চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু শালমন, 'লা দাগ আদি বহুতো সমস্যা নিবাৰণ কৰে। সেয়েহে বিভিন্ন শ্বেম্পু , প্ৰসাধন সামগ্ৰীত আখৰোট ব্যৱহাৰ কৰা হয়। আখৰোটে অকালতে অহা বাৰ্ধক্যও ৰোধ কৰে( anti aging)

 

      ইমানখিনি গুণ থকা শক্তিদায়ক শুকান ফল আখৰুট মাজে মাজে আমি সকলোৱে সেৱন কৰা উচিত। ইয়াক গাখীৰ বা যিকোনো মিঠা ব্যঞ্জনত দি খাব পাৰি বা অন্য উপায়েৰেও খাব পাৰি। অৱশ্যে এনেবোৰ শুকান ফল অত্যাধিক মাত্ৰাত খোৱা অনুচিত। বেছিকৈ খালে ডায়েৰীয়া বা অন্য পেটৰ সমস্যা হব পাৰে।

 

(বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত এন্টিঅক্সিডেন্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সৰ্বসাধাৰণ ৰাইজ যাতে উপকৃত হয় তাৰ বাবে এই লেখনিটো আগবঢ়োৱা হৈছে- লেখক।

-ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

BAMS ( GU)

গুৱাহাটী, 7399114617

লগতে পঢ়ক- 

Indigenous Foods As Medicines : ঔষধ হিচাপে কেইবিধমান থলুৱা খাদ্য

English Summary: Health benefit of walnuts
Published on: 30 November 2024, 04:24 IST