Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 June, 2021 3:09 PM IST
Triphala (Photo Credit: Google)

   প্ৰকৃতিত এনেকুৱা বহুতো বস্তু আছে যিবোৰৰ কিছুমানে বাতনাশ কৰিব পাৰে, কিছুমানে পিত্তনাশ আৰু কিছুমানে কফনাশ কৰিব পাৰে। কিন্তু বাত, পিত্ত আৰু কফ এই তিনিওটা একেলগে নাশ কৰিব পৰা বস্তু প্ৰকৃতিত দুৰ্লভ।প্ৰকৃতিত বাত,পিত্ত আৰু কফ এই তিনিওটা একেলগে নাশ কৰিব পৰা সৰ্বোত্তম ফল হৈছে আমলখি। ইয়াৰ পিছত ক্ৰমান্বয়ে শিলিখা আৰু ভোমোৰা। এই আমলখি, ভোমোৰা আৰু শিলিখা লগলগাই ত্ৰিফলা (Triphala) বনোৱা হয়। 

মহৰ্ষি বাগভটে কেৱল ত্ৰিফলাৰ ওপৰতেই ১২০ ৰো অধিক সুত্ৰ লিখিছে। তেওঁৰ সুত্ৰ মতে ত্ৰিফলা বনোৱা পদ্ধতি হ'ল- শিলিখাঃভোমোৰাঃআমলখি=১০:২০: ৩ সাধাৰণতে বজাৰত পোৱা ত্ৰিফলা সম অনুপাতত মিহলাই বনোৱা হয়।

আৰু পঢ়ক- Eggs of the Sun Mango: বাংলাদেশত কৰা হৈছে বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি 'সূর্যডিম'

ত্ৰিফলাৰ আমাৰ বাবে কিয় উপকাৰী? (Benefit of Triphala)

ত্ৰিফলা ৰাতিপুৱাভাগত বা ৰাতিও খাব পাৰি । কিন্তু, ইয়াৰ পৰিণাম বেলেগ বেলেগ। 

ৰাতিপুৱা ত্ৰিফলা খোৱাৰ উপকাৰিতাঃ

১) আমাৰ শৰীৰৰ বাবে লাগতিয়াল পোষকতত্ব যেনে-- ভিটামিন C, ভিটামিন A, Multinutrents ইত্যাদি পোৱা যায়।

২)ত্ৰিফলাই এন্টিঅক্সিডেন্টৰ কাম কৰে । বিশেষকৈ ইয়াত থকা আমলখি এবিধ বহুত ভাল এন্টিঅক্সিডেন্ট।

৩) ত্ৰিফলাই মেদ হ্ৰাস কৰে। 

৪)ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৫) চাল, চুলি আৰু চকুৰ ৰোগত উপকাৰী।

 খোৱাৰ নিয়মঃ ৰাতিপুৱা এক চামুচ ত্ৰিফলাৰ গুড়িৰ লগত এক চামুচ মৌ বা অলপ গুৰ ভালদৰে হাতেৰে মিহলাই লৈ খাব লাগে। খোৱাৰ পিছত আধাকাপ গৰম পানী খাব লাগে। এনেকৈ খালিপেটত বা খোৱাৰ পিছতও লব পাৰে।

ৰাতি ত্ৰিফলা খোৱাৰ উপকাৰিতাঃ

* ৰাতি ত্ৰিফলা খালে পেট পৰিস্কাৰ হয়।

* গেছ, এচিডিতি,বদহজম কমে। 

* কোষ্ঠকাঠিন্যতা সম্পূৰ্ণ নিৰ্মূল হয়।

 খোৱাৰ নিয়মঃ এক চামুচ ত্ৰিফলা গুড়ি এক গিলাচ গৰম পানীৰ লগত ৰাতি শোৱাৰ আগতে খাব লাগে।।

  ত্ৰিফলা একেৰাহে ২/৩ মাহ খোৱাৰ পিছত ২০ দিন মানৰ বিৰতি দিয়াটো জৰুৰী ।

আৰু পঢ়ক- আপোনাৰ সন্তান পঢ়াত বেয়া নেকি বা পঢ়িলেও মনত নাথাকে; কিছু সময়তে পাহৰি যায় ৷ তেন্তে এই কেইবিধ খাদ্য নিতৌ খোৱাওক
English Summary: How to prepare triphala at home and what's Benefit to our health
Published on: 17 June 2021, 11:34 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now