1. স্বাস্হ্য আৰু জীৱন

আপোনাৰ সন্তান পঢ়াত বেয়া নেকি বাw পঢ়িলেও মনত নাথাকে; কিছু সময়তে পাহৰি যায় ৷ তেন্তে এই কেইবিধ খাদ্য নিতৌ খোৱাওক

KJ Staff
KJ Staff
Coconut
Coconut

   বর্তমান সময়ত সকলো অভিভাৱকেই নিজৰ সন্তানৰ বৃদ্ধি আৰু বিকাশৰ বাবে যথেষ্ট চিন্তাশীল। প্রত্যেকজন অভিভাৱকেই বিচাৰে নিজৰ সন্তানটি ক্লাচত প্রথম হওক, পৰীক্ষাত ভাল নম্বৰ পাওক। পিছে বহু ল'ৰা-ছোৱালীৰ এনে সমস্যা আছে, যিয়ে কিবা পঢ়াৰ পিছত বা শিক্ষকে শিকোৱাৰ পিছতে পাহৰি যায়৷ ইয়াৰ কাৰণ হৈছে সেই ল'ৰা বা ছোৱালীজনীৰ স্মৃতিশক্তি অতি দুর্বল৷

    যিদৰে শিশুৰ বাবে শাৰীৰিক বিকাশ খুবেই প্ৰয়োজন ঠিক সেইদৰে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশো নিতান্ত প্রয়োজন। সুস্থ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্যও খুবেই প্ৰয়োজন। এই ক্ষেত্রত আমি আমাৰ লৰা-ছোৱালীৰ স্মৃতিশক্তি বিকাশ তথা শক্তিশালী কৰিবলৈ কিছুমান বিশেষ আহাৰ গ্রহণ কৰিব পাৰো। তলত এনে ১০ বিধ আহাৰৰ বিষয়ে আলোচনা কৰা হৈছে, যিবোৰ শিশুক সীমিত আৰু নিয়মিতভাবে খাবলৈ দিলে শিশুৰ মগজুৰ বিকাশ হোৱাত যথেষ্ট সহায় কৰে।

আৰু পঢ়ক- শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এই কেইবিধ খাদ্যই ক্ষীপ্র গতিত বৃদ্ধি কৰিব পাৰে (this foods can boost your immunity quickly)

কণীঃ

কণীত যথেষ্ট পাৰিমাণে ভিটামিন থাকে যি শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে। ই মগজুৰ কোষসমূহ বৃদ্ধি কৰাত সহায় কৰে। যিমান বেছি কোষ সিমানেই বেছি বুদ্ধিমত্তা বাঢ়ে। প্ৰতিদিনে ৰাতিপূৱা শিশুক কণী খাবলৈ দিব পাৰে।

নাৰিকলঃ

নাৰিকলে আমাৰ মগজুৰ কোষসমূহক মজবুত কৰাত যথেষ্ট .উদগনি যোগায়৷ ই মগজুক পঞ্চইন্দ্রীয়ই প্রেৰণ কৰা যিকোনো ইংগিত গ্রহণ কৰা আৰু তাক কাৰ্যত পৰিণত কৰাত প্রনালীত সহায় কৰে।

ওটমিলঃ

ওটমিলত যথেষ্ট পৰিমানৰ আঁহ পোৱা যায়, যাক খোৱাৰ পাছত লাহে লাহেে হজম হৈ থাকে। ফলত শিশুক লাহে লাহে শক্তি প্ৰদান কৰাত সহায় কৰে।

মাছঃ

চৰ্বীৰে পৰিপূৰ্ণ মাছত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু ওমেগা ৩ পোৱা যায় যি মগজুৰ পাহৰা সমস্যাক দূৰ কৰাত সহায় কৰে। Sardines, Salmon, Tuna আদি মাছত এনে ধৰণৰ তত্ত্ব পোৱা যায়।

ষ্টবেৰী আৰু কলা আঙুৰঃ

এই দুয়োবিধ ফলতেই এণ্টিঅক্সিডেন্ট পোৱা যায় যি শিশুৰ সংজ্ঞানাত্মক কাৰ্যসমূহ বৃদ্ধি কৰাত সহায় কৰে।ইয়াৰ উপৰি ইয়াত থকা এণ্টিঅক্সিডেণ্টে মগজুৰ কাম কৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

গাখীৰঃ

গাখীৰ হৈছে ভিটামিন, প্ৰটিন আৰু ফছফৰাচৰ এক প্ৰধান উৎস। যদি আপোনাৰ সন্তানে গাখীৰ খাই ভাল পায়, তেন্তে তাক নিতৌ গৰম কৰা গাখীৰ এগিলাচকৈ খাব দিয়ক।

আপেল আৰু ব্লবেৰীঃ 

এনে খাদ্যসমূহ আপুনি সন্তানৰ টিফিন বাকচত দিব পাৰে। বিদ্যালয়ত আহাৰ গ্ৰহণ কৰাৰ সময়ত এনে ধৰণৰ ফলে শিশুৰ স্মৃতি শক্তি বৃদ্ধিত বিশেষ ভূমিকা ল'ব পাৰে।

উৎস - নিৰিবিলি

আৰু পঢ়ক- আপুনি প্রয়োজনতকৈ অধিক শকত নেকি? এসপ্তাহৰ ভিতৰতে আপোনাৰ অলাগতিয়াল চর্বি আৰু ওজন কমাওক; জানক কেনেকৈ
English Summary: Do you have habits of forget quickly follow this tips to grid of

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.