Krishi Jagran Tamil
Menu Close Menu

Eggs of the Sun Mango: বাংলাদেশত কৰা হৈছে বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি 'সূর্যডিম'

Sunday, 13 June 2021 11:08 PM
Eggs of the Sun Mango

Eggs of the Sun Mango

   বাংলাদেশৰ দক্ষিণ অংশৰ পাহাৰীয়া জিলা খাগ্ৰাচাৰীত পৃথিৱীৰ আটাইতকৈ দামী আমৰ খেতি কৰা হৈছে, যি খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰামত 800 ৰ পৰা 1,000 টকাত বিক্ৰী কৰা হয়। এই আম পৃথিৱীৰ বিভিন্ন দেশত 5000-6000 টকাত বিক্ৰী কৰা হয়।

   কিন্তু বাংলাদেশত কৰা এই আমৰ প্ৰজাতি মূলতঃ জাপানৰ হয়। কিন্তু বর্তমান সময়ত ইয়াৰ বিশ্বৰ বিভিন্ন দেশত খেতি কৰা হৈছে।

    জাপানীজ ভাষাত এই প্রজাতিৰ আমক 'মিয়াজাকি' বুলি কোৱা হয়। ইয়াক বিশ্ববজাৰত 'ৰেড আম' বা 'সূৰ্যৰ কণী' বুলিও জনা যায়। ভাৰতীয় বজাৰত "সূৰ্যদিম" হিচাপে পৰিচিত হৈছে। এই আমৰ গাঁথনি সাধাৰণ আমতকৈ বহুত ডাঙৰ আৰু দীঘল। ইয়াৰ সোৱাদ অতি মিঠা আৰু আমৰ বাহিৰৰ আৱৰণটো গাঢ় ৰঙা বা ৰঙা-বেঙুনীয়া মিশ্ৰণৰ ৰং দেখা যায়। বাংলাদেশৰ সংবাদ মাধ্যমত বাতৰি প্রকাশ কৰা মতে প্ৰতিটো আমৰ ওজন ৩৫০ ৰ পৰা ৪৫০ গ্ৰামৰ ভিতৰত। সেই অনুসৰি, বাংলাদেশৰ বজাৰত, ইয়াৰ এটা আমৰ মূল্য 400 টকাৰ পৰা 500 টকা। 

আৰু পঢ়ক- 30 বছৰতকৈ কম বয়সৰ যুৱ লিখক লিখিকাই যদি জীৱনজীনাৰ সপোন দেখিছে, তেন্তে মোডী চৰকাৰৰ যুৱ আঁচনিত অংশগ্ৰহণ কৰক

এই কৃষকজনে কেনেকৈ খেতি কৰিছিল?

  খাগ্ৰাচাৰীৰ কৃষক হ্লেচিংমং চৌধুৰীয়ে ইতিমধ্যে এই ব্যয়বহুল আমৰ খেতি কৰি লাভৱান হোৱা বুলি জনাইছে। চৌধুৰীয়ে ধোমনিকঘাট অঞ্চলত 12 হাজাৰ ফুট উচ্চতাত 35 একৰ ভূমিত বাগিচা এখন নিৰ্মাণ কৰি ইয়াৰ খেতি কৰি আছে। তেওঁৰ এই বাগিচাখনৰ নাম হৈছে 'ক্ৰা এএ এগ্ৰো ফাৰ্ম'।

    সেই বাগিচাখনৰ এটা অংশতে তেওঁ 'সূৰ্যদিম' আমৰ খেতি কৰিছিল। অৱশ্যে, প্ৰতিকূল বতৰৰ পৰিস্থিতি আৰু পানীৰ সমস্যাৰ বাবে, তেওঁ এই আম খেতিত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বুলি কয়৷

2017 চনত, তেওঁ প্ৰথমে ভাৰতৰ পৰা এই আমৰ 10-15 টা গছপুলি কিনি নিছিল আৰু ইয়াক তেওঁৰ বাগিচাত সযত্নে ৰোপণ কৰিছিল। গছজোপা ২ বছৰতে বাঢ়িছিল আৰু ২০১৯ চনৰ পৰাই ফল ধৰা আৰম্ভ হৈছিল। তেওঁ উল্লেখ কৰে যে বর্তমান তেঁও মাতৃ গছৰ পৰা বংশ বিস্তাৰ কৰি অধিক গছপুলি ৰোপণ কৰি তেওঁৰ বাগিচাৰ পৰিসৰ বৃদ্ধি কৰিছে। এতিয়া তেওঁৰ বাগিচাত সূৰ্যদিমৰ প্ৰায় ১২০ ডাল গছ আছে। যিবোৰ প্ৰায় 6/7 ফুট ওখ। লগতে তেওঁ কয় ইয়াৰে প্ৰায় ৫০ ডাল গছ ৩-৪ বছৰ পুৰনি, যাৰ ফলত প্ৰতি বছৰে ৩০০ ৰ পৰা ৪০০ কিলোগ্ৰাম আম উৎপাদন কৰিব পাৰে।

খেতিৰ সময় 

   সূৰ্যদিম আম সাধাৰণতে ২০ ৰ পৰা ২৫ মেলৈ পকা আৰম্ভ হয় আৰু ১৫ ৰ পৰা ২০ জুনলৈ উপলব্ধ হয়। এই বছৰ, খৰাং বতৰৰ বাবে, সময়ৰ আগতে আম আহিছে।

আৰু পঢ়ক- বছৰি ৪২ হাজাৰ টকা জমা হব কৃষকৰ একাউন্টত, ইয়াৰ বাবে কৃষকে পিএম কিষান আৰু পিএম মন ধন যোজনাত পঞ্জীয়ন কৰিব লাগিব

ইয়াৰ দাম কিয় বেছিঃ

আমৰ মূল্য ইমান বেছি মুখ্যতঃ চাহিদা কম, মিঠা সোৱাদ, বিভিন্ন ৰং আৰু কৃষি পদ্ধতিৰ বাবে।

যত্ন:

   কৃষকজনৰ মতে, এই প্ৰকাৰৰ আমৰ খেতিৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগে৷ পৰ্যাপ্ত পোহৰ, পানী, ছাঁ যোগান ধৰিব লাগে। লগতে, গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমবোৰ অলপ বাঢ়ি যোৱাৰ লগে লগে পেকেটৰে ঢাকি ৰাখিব লাগিব। গছৰ পৰা আম ছিঙাৰ পিছত আমবোৰ বেছি সময় সংৰক্ষণ কৰি ৰাখিব নোৱাৰি। ইয়াক গৰমৰ বাবে সোনকালে বিক্ৰী কৰিব লাগে। তেওঁ এই আম অনলাইন মাধ্যমৰ জৰিয়তেও বিক্ৰী কৰে আৰু তেঁওৰ পৰা পাইকাৰী বেপাৰীয়ে নিব আহে বুলি জানিব দিয়ে। তেঁওৰ বাগিছাত উৎপাদিত আমবোৰ প্ৰতি কিলোগ্ৰামত ৩০০ ৰ পৰা ৫০০ টকাত বিক্ৰী কৰে যদিও খুচুৰা বজাৰত প্রায় দুগুণ হয় অর্থাৎ ৮০০ ৰ পৰা ১০০০ টকা হয়গৈ।

আৰু পঢ়ক- আপুনি জানেনে পইতা ভাত খালে দেহত চর্বীৰ পৰিমাণ নিয়ন্ত্রন হোৱাৰ উপৰিও লিভাৰ সুৰক্ষিত থাকে

   ইয়াৰ লগতে হ্লেচিংমঙে তেওঁৰ বাগিচাত প্ৰায় 60 প্ৰকাৰৰ আমৰ খেতি কৰি আহিছে আৰু সমন্তৰালকৈ প্ৰায় 150 প্ৰকাৰৰ পৰম্পৰাগত-অগতানুগতিক-বিলুপ্ত প্ৰকাৰৰ খেতি কৰি আহিছে, যাৰ ভিতৰত আছে ড্ৰেগনফ্ৰুট, ৰেম্বুটান, থাইলাংগন, মাল্টা ইত্যাদি। কিন্তু পাহাৰত এই আমৰ খেতি কৰা এয়াই প্রথম।

    আনুষ্ঠানিকভাৱে পুৰস্কৃত কৃষক শ্ৰীযুত হ্লেচিংমঙৰ পৰিকল্পনা হৈছে আমৰ উৎপাদন দেশজুৰি বিয়পাই দিয়া আৰু ইয়াক এটা ৰপ্তানিযোগ্য সামগ্ৰীলৈ লৈ যোৱা। তেওঁ কয়, "মই বিচাৰো যে এই ফল সমগ্ৰ বাংলাদেশতে উৎপাদন কৰা হওঁক। মই কৃষকসকলক বিনামূলীয়াকৈ বা অতি কম মূল্যত গছপুলি যোগান ধৰি আছোঁ। যদি সকলোৱে ইয়াৰ খেতি কৰিব আগ্রহী আৰু এই আমৰ উৎপাদন বৃদ্ধি কৰে, তেতিয়াহে দেশৰ প্ৰয়োজনীয়তা পূৰণ কৰি বৈদেশিক মুদ্ৰা লাভ কৰিব পাৰি। এনেদৰে কৃষক শ্রেণীয়ে এখন দেশৰ অর্থনীতি টনকিয়াল কৰাত এক বিশেষ ভূমিকা লব পাৰে"।

আৰু পঢ়ক- আপুনি প্রয়োজনতকৈ অধিক শকত নেকি? এসপ্তাহৰ ভিতৰতে আপোনাৰ অলাগতিয়াল চর্বি আৰু ওজন কমাওক; জানক কেনেকৈ
Mango Farming Eggs of the Sun Mango

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.