পূৰ্বপুৰুষৰ সময়ৰ পৰাই আমাৰ সমাজত ছাগলী গাখীৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে । চিকিৎসকসকলৰ মতেও ছাগলীৰ গাখীৰত বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষমতা আছে । আয়ুৰ্বেদৰ পৰামৰ্শ মতে ছাগলী গাখীৰে মানুহৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ কৰাত সহায় কৰে ।
কেৱল সেয়াই নহয়, আপোনাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে ছাগলীৰ গাখীৰে । আমি আজি এই প্ৰৱন্ধটিত আলোচনা কৰিছো ছাগলী গাখীৰৰ কেইটামান স্বাস্থ্য উপকাৰিতাৰ বিষয়ে ।
- কোভিড-19 মহামাৰীৰ পিছৰে পৰা প্ৰতিগৰাকী লোকেই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰাৰ লগতে ইয়াৰ উপায় বিচাৰি আছে । গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আপুনি খাব পাৰে ছাগলী গাখীৰ । ছাগলীৰ গাখীৰত যথেষ্ট পৰিমাণে চেলেনিয়াম(selenium) থাকে, যি ৰোগ সংক্ৰমণ প্ৰতিৰোধ কৰি আপোনাক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে।
- ছাগলীৰ গাখীৰত যথেষ্ট পৰিমাণৰ কেলচিয়াম অন্তৰ্ভুক্ত হৈ থাকে, যি হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। যদি আমি নিয়মীয়াকৈ ছাগলীৰ গাখীৰ খাওঁ, ই ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে ষ্ট্ৰোকৰ(stroke)আশংকা হ্ৰাস কৰা, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, আৰু প্ৰদাহজনক ৰক্ত নলীৰ ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে। ছাগলীৰ গাখীৰত গৰুৰ গাখীৰতকৈ কম কলেষ্টেৰল থাকে ।
- গৰুৰ গাখীৰতকৈ ছাগলীৰ গাখীৰ সহজে হজম হয় । ইয়াত প্ৰ'বায়োটিকৰ পৰিমাণো অধিক, যি আপোনাৰ অন্ত্ৰৰ বাবে সহায়ক আৰু আপোনাৰ পাচন তন্ত্ৰ উন্নত অৱস্থাত ৰাখে ।
- ছাগলীৰ গাখীৰত এ2-বিটা-কেচিন আৰু এমিনো এচিড ইচেঞ্চিয়া থাকে, যি অগ্ন্যাশয়ত ইনচুলিন সৃষ্টি কৰে । গতিকে ছাগলী গাখীৰ ডায়েবেটিছ থকা ৰোগীৰ বাবে অতি উপকাৰী ।
- ছাগলী গাখীৰে মানুহৰ ওজন হ্ৰাস কৰাত সহায় কৰে । ই মানুহৰ শাৰীৰিক শক্তি বৃদ্ধিতো অতি উপকাৰী । গতিকে আপুনি সুস্বাস্থ্য হৈ থাকিবলৈ ছাগলী খাব পাৰে ।
- নৱজাতকৰ বাবে মাতৃদুগ্ধ হৈছে আটাইতকৈ স্বাস্থ্যকৰ আহাৰ । কিন্তু শিশু এটি ডাঙৰ হৈ অহাৰ লগে লগে মাতৃ মাতৃদুগ্ধৰ যোগানো হ্ৰাস পায় । এনে ক্ষেত্ৰত বিকল্প হিচাপে আপুনি কেঁচুৱাটোৰ বাবে ছাগলী গাখীৰ ব্যৱহাৰ কৰিব পাৰে । কিয়নো এটি কেঁচুৱাৰ দৈহিক বৃদ্ধিত অতি পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় আৰু সেই অনুপাতে ছাগলীৰো অধিক পুষ্টিদায়ক ।
- যদি কেঁচুৱাটোৰ বয়স 6 মাহ হয়, কেঁচুৱাটোৰ প্ৰয়োজনীয়তা অনুসৰি ছাগলীৰ গাখীৰ প্ৰদান কৰিব পাৰি । এগৰাকী মহিলাই যদি তেওঁৰ কেঁচুৱাৰ বাবে পৰ্যাপ্ত গাখীৰ প্ৰস্তুত কৰিব নোৱাৰে, তেন্তে ছাগলীৰ গাখীৰ কেঁচুৱাটোৰ বাবে ব্যৱহাৰ কৰিব পাৰে ।
লগতে পঢ়কঃ Green Tea Benefits: হৃদৰোগ-ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰীন টী সেৱন কৰাতো কিয় প্ৰয়োজন ?