1. স্বাস্হ্য আৰু জীৱন

Green Tea Benefits: হৃদৰোগ-ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰীন টী সেৱন কৰাতো কিয় প্ৰয়োজন ?

KJ Staff
KJ Staff
Green Tea
Green Tea

পুৱাৰ চাহ কাপৰ অবিহনে দিনটোৰ কাম-কাজ আৰম্ভ কৰাতোৱে কঠিন । পৰম্পৰাগতভাৱে আমাৰ অসমীয়া সমাজত চাহৰ বহুল প্ৰচলন আছে । অতিথি অপ্যায়নৰ পৰা আৰম্ভ কৰি প্ৰচলিত অনুষ্ঠান সমূহটো চাহৰ প্ৰচলন আমি সকলোৱে সৰুৱে পৰা দেখি আহিছো ।

যিকিনহওক, অসমে চাহৰ বাবে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । বিভিন্ন প্ৰকাৰৰ চাহ অসমে এতিয়া বিদেশলৈও ৰপ্তানি কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা অসমৰ চাহে আন্তৰ্জাতিক বজাৰত বিশেষ চাহিদা লাভ কৰিছে ।

অসমত বিভিন্ন প্ৰকাৰৰ চাহ উৎপাদন কৰে খেতিয়ক সকলে । ইয়াৰ ভিতৰত হৈছে স্বাস্থ্যৰ বাবে অধিক উপকাৰী Green Tea । শৰীৰিৰত শক্তিশালী ৰোগ প্ৰতিৰোধ প্ৰণালী বজাই ৰখাৰ লগতে Green Tea য়ে ওজন হ্ৰাস কৰা আৰু কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্য বাহাল ৰখাত সহায় কৰে । গতিকে এই প্ৰৱন্ধটিত Green Tea ৰ কিছু স্বাস্থ্যৰ উপকাৰীতাৰ বিষয়ে আলোচনা কৰা হৈছে ।

Green Tea ৰ স্বাস্থ্যৰ বাবে কিয় উপকাৰীঃ

  • দৈনিক গ্রীন টী সেৱন কৰিলে হৃদ ৰোগ বহুগুণে হ্রাস কৰে ৷ ২০১৫ চনত হোৱা এটা সমীক্ষাত দেখা গৈছে দৈনিক একাপ গ্রীন টী খোৱাৰ অভ্যাস কৰিলে হৃদৰোগৰ পৰা মৃত্যুৰ আশংকা ৫ শতাংশ হ্রাস পায় ৷
  • ষ্ট্র’ক এটা অতি জৰুৰী আৰু ভয়ানক ৰোগ, য’ত মগজুৰ তেজ প্রৱাহিত হোৱা সিৰা ফাটি যায় আৰু মগজুৰ ভিতৰত ৰক্তক্ষৰণ হয় ৷ উচ্চ ৰক্তচাপৰ বাবে ষ্ট্র’ক হয় ৷ দৈনিক গ্রীন টী সেৱনে ৰক্তচাপ হ্রাস কৰে আৰু ষ্ট্র’কৰ ৰক্ষা কৰিব পাৰে ।
  • দৈনিক গ্রীন টী সেৱন কৰিলে ৰক্তত কলেষ্টৰেলৰ মাত্রা হ্রাস কৰে ৷ ‘এল ডি এল’কলেষ্টৰেল দেহৰ বাবে বেছি অপকাৰী আৰু ই হৃদৰোগ সৃষ্টি কৰে ।
  • দেহৰ ওজন কমোৱা ঔষধ ৰূপে গ্রীন টীৰ প্রচলন খুব বেছি ৷ প্রত্যক্ষভাৱে গ্রীন টীয়ে দেহৰ মেদ বা চর্বি হ্রাস কৰিব নোৱাৰে ৷ যিহেতু গ্রীন টীত ‘কেফেইন’ থাকে, ‘কেফেইনে’ দেহৰ উষ্ণতা আৰু বিভিন্ন প্রক্রিয়াবোৰ বৃদ্ধি কৰি ওজন কমোৱাত সহায় কৰে ।
  • গ্রীন টীত থকা ‘থিয়েনহিন’নামৰ দ্রব্যই মনৰ উদ্বেগ হ্রাস কৰে আৰু মন শান্ত কৰে ৷ গ্রীন টীয়ে স্মৃতিশক্তি বৃদ্ধি কৰে আৰু এলজেইমাৰ প্রতিৰোধ কৰে ৷

লগতে পঢ়কঃ ব্যৱসায়িক ভিত্তিত ভোট জলকীয়াৰ খেতি কৰাৰ পূ্ৰ্বে জানিবলগীয়া কেইটামান তথ্য

English Summary: Health Benefits of Green Tea

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.