Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 September, 2022 12:04 PM IST
Health Benefit of Natural Tea

বৰ্তমান  সকলো লোকেই স্বাস্থ্য সচেতন। নিজকে কিদৰে নিৰোগী, স্বাস্থ্যবান আৰু সুন্দৰ কৰি ৰাখিব পাৰি তাৰ বাবে সকলোৱেই কিবা নহয় কিবা প্ৰকাৰে চেষ্টা কৰি আছে। শাকপাচলি, ফলমূল অন্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ভেজাল হোৱাৰ বাবে আজিকালি জৈৱিক পদ্ধতিৰে কৰা খাদ্য সামগ্ৰীৰ প্ৰতি মানুহ বেছিকৈ  আকৰ্ষিত হোৱা দেখা গৈছে। গ্ৰীণ টি আৰু ভিন ভিন 'হাৰ্বেল টি'ৰ প্ৰতি বিশেষকৈ সকলো মানুহৰে দুৰ্বলতা আছে। কাৰণ এইবোৰ ঔষধি গুণসম্পন্ন আৰু বহু ৰোগত উপকাৰী।

হাৰ্বেল টি অৰ্থাৎ এই ঔষধি চাহ বিভিন্ন এন্টিঅক্সিডেন্টেৰে ভৰপূৰ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ফ্ৰী ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা ৰক্ষা কৰে। ডায়েবেটিচ, মেদবহুলতা, কলেষ্টৰল সমস্যা, হাৰ্টৰ অসুখ, কেঞ্চাৰ আদি বহুতো ৰোগৰ পৰাও আমাক বচাই ৰাখে। অনিদ্ৰা, ষ্ট্ৰেছ আদিও দূৰ কৰাত সহায় কৰে। হাৰ্বেল টি বুলি কোৱা হয় যদিও আমাৰ প্রিয় চাহকাপৰ দৰে এইবোৰত চাহপাত দি বনোৱা নহয়। ই আচলতে এবিধ বা ততোধিক বনৌষধিৰ পৰা বনোৱা এবিধ বিশেষ চাহ য'ত  চাহৰ কেফেইন (caffein) একেবাৰে নাথাকে বা একেবাৰে নগণ্য পৰিমানে কেফেইন থাকিব পাৰে।

বিদেশত বিভিন্ন বনৌষধিৰে বিভিন্ন হাৰ্বেল টি প্ৰস্তুত কৰা হয় যিবোৰৰ ভেছিভাগেই আমাৰ ঘৰত উপলব্ধ নহয়। কিন্তু আমিও নিৰাশ হোৱাৰ কাৰণ নাই। ভাৰততো এনে কিছুমান বনৌষধি পোৱা যায় যিবোৰ ঘৰে ঘৰে দৈনন্দিন খাদ্য তালিকাত ব্যৱহাৰ হৈয়ে থাকে। ঘৰতে সহজতে পোৱা এইবোৰ সামগ্ৰীৰেই প্ৰস্তত কৰিব পাৰি এই চাহ। এনে কেইবিধমান হাৰ্বেল টি কেনেকৈ প্ৰস্তুত কৰিব পাৰি আৰু লগতে সেইবোৰৰ উপকাৰীতা সমূহ জানোচোন আহক।

মিণ্ট টি বা পদিনা চাহ:

সুগন্ধিযুক্ত পদিনাৰ গুণাগুণ সৰ্বজন বিদিত এন্টিঅক্সিডেন্টেৰে ভৰপূৰ পদিনাৰ পৰা বিভিন্ন ঔষধ, টুথপেস্ট, প্ৰসাধন সামগ্ৰী বনোৱা হয়। আমাৰ বহুতো ব্যঞ্জনত পদিনাৰ ব্যৱহাৰ হয়। পদিনাৰ পৰা বনোৱা 'হাৰ্বেল মিণ্ট টি' ও বহু ঔষধি গুনেৰে ভৰপূৰ। মিণ্ট টি বনোৱা প্ৰণালীটো হৈছে- কেইটামান পদিনাৰ পাত(৫ খিলা বা ১০ খিলা) ভালকৈ ধুই ল'ব। দুকাপ পানী উতলিবলৈ দিব আৰু তাতে পদিনাৰ পাত কেইটা পেলাই দিব। দহ মিনিট মান উতলাৰ পিছত পানী কমি গৈ একাপ মান থাকোতে জুইৰ পৰা নমাই থব। অলপ ঠাণ্ডা হোৱাৰ পাছত চেকণিৰে চেকি অকণমান মৌ বা নেমুৰ ৰস দি সেৱন কৰক( ডায়েবেটিচ থাকিলে মৌ নিদিব)। দিনে একাপ বা দুকাপকৈ এইবিধ চাহ সেৱন কৰিব পাৰে। মিণ্ট টিৰ উপকাৰীতাসমূহ হৈছে:-

  • ইয়াত থকা মেন্থল (menthol) ৰ বাবে গেছ, এচিডিটি, বদহজম, কৌষ্ঠকাঠিন্য, IBS , পেট কামোৰণি আদিত এই চাহ উপকাৰী।

  • ষ্ট্ৰেছৰ সমস্যাত ভোগা লোকৰ বাবেও মিণ্ট টি উপকাৰী।

  • নিদ্ৰাহীনতাত ভোগা লোকৰ বাবেও এই চাহ অতি উপকাৰী।

  • মেদবহুলতাত ভোগা লোকৰ বাবেও মিণ্ট টি উপকাৰী।

  • এইবিধ চাহে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে কাৰণ ইয়াত পতাছিয়াম, ভিটামিন B কম্প্লেক্স আৰু বহুতো এন্টিঅক্সিডেন্ট আছে।

  • মুখৰ দুৰ্গন্ধ থকা লোকে মিণ্ট টি সেৱন কৰিলে সুফল পাব।

  • চাইনাচাইটিছ, তনচিলাইটিছ আদিত ভোগা লোকেও এই চাহ সেৱন কৰিব পাৰে।

  • মাহেকীয়াৰ সময়ত দেখা দিয়া বিভিন্ন উপসৰ্গ (PMS) নিৰাময় কৰাত এই চাহ উপকাৰী।

  • কলেষ্টৰল সমস্যাতো মিণ্ট টি উপকাৰী।

  • ডায়েবেটিচ, উচ্চ ৰক্তচাপ আদিত ভুগি থকা ৰোগীৰ বাবেও উপকাৰী।

  • ছাল, চুলিৰ বিভিন্ন সমস্যাত এই চাহ উপকাৰী

  • এই চাহে শৰীৰৰ শোধন বা বডী দিতক্স কৰে।

প্ৰাকৃতিক চাহ

জিনজাৰ টি বা আদাৰ চাহ:

আদা গৃহিনীসকলৰ বাবে অতি প্ৰয়োজনীয় মচলা। দাইল, ভাজি, চাটনি আদিত আদা অকনমান হ'লে সোনত সুৱগা চৰে। ব্যঞ্জনত প্ৰাণ দিয়াৰ উপৰিও আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে আদাৰ পৰা বনোৱা জিনজাৰ টি এবিধ অতি জনপ্ৰিয় হাৰ্বেল টি। আদাত থকা জিনজাৰল (gingerol) নামৰ এন্টিঅক্সিডেন্ট বিধৰ বাবে ইয়াৰ ঔষধি গুণ বহুত। এইবিধ চাহ বনোৱাৰ বিধিটো হৈছে: এক ইঞ্চি জোখৰ এডোখৰ আদা সৰু সৰুকৈ কাটি লওক। তিনিকাপ পানী উতলিবলৈ দিয়ক আৰু তাৰ লগত আদা কেইডোখৰ 20 মিনিট মান কম জুইত উতলিবলৈ দিয়ক। একাপ মান থাকোতে জুইৰ পৰা নমাই থওক। অলপ ঠাণ্ডা হোৱাৰ পাছত মিঠা ভাল পোৱা সকলে এই জিনজাৰ টিৰ লগত অকণমান মৌ মিহলাই লব পাৰে। ইচ্ছা কৰিলে অকণমান নেমুৰ ৰসো মিহলাব পাৰে। জিনজাৰ টিৰ উপকাৰীতা সমূহ হৈছে:-

  • কাহ, চৰ্দি, জ্বৰ, বিভিন্ন শ্বাস প্ৰস্বাসজনীত সমস্যাত এই চাহ অতি উপকাৰী।

  • বদহজম, পেট ফুলা, ডায়েৰীয়া, আভোক আদিত এই চাহ খালে সুফল পোৱা যায়।

  • কলেষ্টৰল, মেদবহুলতা আদি সমস্যাত ভোগা লোকৰ বাবে অতি উত্তম এই জিনজাৰ টি।

  • দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো এই চাহ উপকাৰী। আদাত থকা জিনজাৰলে আমাক ফ্ৰী ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰাও বচাই ৰাখে।

  • এলজাইমাৰ (Alzheimer's disease) ৰোগ প্ৰতিৰোধ কৰাতো এই চাহ উপকাৰী।

  • দাঁতৰ সমস্যাত এই চাহ উপকাৰী।

  • গাঁঠিৰ বিষ (Arthritis), বাতবিষ (Rheumatism) ৰ সমস্যাও কম কৰাত এই চাহ উপকাৰী।

ডালচেনি টি:

ভাৰতীয় ব্যঞ্জনত ব্যৱহৃত হোৱা 'গৰম মচলা'ৰ তালিকাত ডালচেনিও এবিধ মচলা। এ এবিধ ঔষধি গুণসম্পন্ন মচলা। সেয়েহে ইয়াৰ পৰা তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ চাহ অতি জনপ্ৰিয়। ডায়েবেটিচ, মেদবহুলতা আৰু আন বহুতো সমস্যাত ভোগা লোকে ডালচেনি টি সেৱন কৰে। এই চাহ বনোৱা বিধি আৰু উপকাৰীতা সমূহ হ'ল:-

  • এটুকুৰা ডালচিনি বা এচামুছ ডালচেনিৰ গুৰি দুকাপ উতলা পানীত দি দহ মিনিট মান সময় কম জুইত উতলাই থাকক। একাপ ৰৈ গ'লে জুইৰ পৰা নমাই কিছু সময় ঠাণ্ডা হবলৈ দিয়ক। সোৱাদ অনুসৰি অকনমান মৌ দিব পাৰে। ইচ্ছা কৰিলে ডালচেনিৰ লগত আদা এডোখৰো দিব পাৰে। এই দুয়োটা দিলে ইয়াৰ ঔষধি গুণ বৃদ্ধিও হয়।

  • ডালচেনিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আছে সেয়েহে ইয়াৰ পৰা বনোৱা চাহ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। এই চাহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

  • ডায়েবেটিচ ৰোগীৰ বাবে মহৌষধ এই চাহ।

  • এই চাহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড কম কৰে । গতিকে কলেষ্টৰল সমস্যাত ভোগা ৰোগীৰ বাবে উপকাৰী এই চাহ।

  • ওজন কম কৰাটো ডালচেনি চাহ উপকাৰী। যিসকল লোক মেদবহুলতাৰ সমস্যাত ভুগিছে তেওঁলোকৰ বাবে এই চাহ সুফল দায়ক।

  • PCOS বা পলিচিষ্টিক অভেৰিয়ান চিন্দ্ৰমত ভোগা মহিলাৰ বাবে উপকাৰী এই ডালচেনিৰ চাহ।

তুলসী টি বা তুলসী চাহ:

আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত তুলসীৰ বহুল ব্যৱহাৰ হয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰাই হওক বা চিকিৎসাৰ দৃষ্টিৰে হওক তুলসীৰ মহিমা অপাৰ। তুলসীৰ চাহ বিভিন্ন প্ৰকাৰে বনাব পাৰি । এইবিধ চাহ আদা, নেমু, মৌ, লং, ডালচেনি যি ইচ্ছা দি বনাব পাৰে আৰু সেই অনুসৰি ঔষধি গুণো পোৱা যায়। ৫ খিলা বা ১০ খিলা তুলসী পাত দি দুকাপ পানী উতলাই একাপ থাকোতে জুইৰ পৰা নমাই থব। অলপ ঠাণ্ডা হোৱাৰ পাছত সেৱন কৰক। অকণমান মৌ দিব পাৰে এই চাহত । তুলসী চাহৰ উপকাৰী গুণ কিছুমান হৈছে:

  • জ্বৰ, কাহ, চৰ্দি, হাপানী (Asthma), ব্ৰংকাইটিছ, বতৰ সলনিৰ সময়ত হোৱা এলাৰ্জিৰ সমস্যা আদিত এই চাহে মহৌষধৰ কাম কৰে।

  • গাঁঠিৰ বিষ, মূৰৰ বিষ, ইউৰিক এচিডৰ সমস্যাত উপকাৰী এই চাহ।

  • ওজন কমোৱাতো সহায় কৰে।

  • ষ্ট্ৰেছ(stress) কম কৰাত সহায় কৰে।

  • কলেষ্টৰল সমস্যাত উপকাৰী, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।

  • মুখ আৰু দাঁতৰ সুস্বাস্থ্যৰ বাবে উপকাৰী। মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে।

  • কিডনী ষ্টোনৰ সমস্যাতো উপকাৰী এই চাহ।

  • তনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো এই চাহ উপকাৰী।

  • ছাল, চুলিৰ সৌন্দৰ্য্য বৰ্ধন কৰাতো সহায় কৰে তুলসী চাহে।

হিবিছকাছ টি বা জবা ফুলৰ চাহ:

বৰ্তমান সময়ত এইবিধ চাহ অতি জনপ্ৰিয় হোৱা দেখা গৈছে। নানা গৱেষণাৰ অন্তত এইবিধ চাহ অতি উপকাৰী বুলি জনা গৈছে। স্বাস্থ্যসচেতন লোকৰ বাবে জবাফুলৰ পৰা তৈয়াৰী এই চাহ বৰদান স্বৰূপ। এই চাহ বনোৱাৰ বিধি হৈছে- একাপ পানী উতলাই জুইৰ পৰা নমাই তাত দুপাহ বা তিনিপাহ জবাফুল দিয়ক। কিছুসময় পিছত চামুচ এখনেৰে ভালকৈ ফুলকেইপাহ মোহাৰি দিয়ক আৰু চেকণিৰে চেকি লৈ সেৱন কৰক। সোৱাদ অনুসৰি মৌ বা নেমুৰ ৰস দিব পাৰি। এই চাহৰ উপকাৰীতা সমূহ হৈছে:-

  • উচ্চ ৰক্তচাপ আৰু কলেষ্টৰল নিয়ন্ত্ৰণ কৰে।

  • ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰে।

  • মেদবহুলতা দূৰ কৰে।

  • লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

  • স্ত্ৰী হ'ৰম'ন সমূহ নিয়ন্ত্ৰণ কৰে আৰু মাহেকীয়া জনীত বিভিন্ন সমস্যাত উপকাৰী।

  • এন্টিঅক্সিডেন্ট থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু জ্বৰ, কাহ ,চৰ্দি আদিৰ পৰা বচাই ৰাখে।

  • কৌষ্ঠকাঠিন্য সমস্যা নিৰাময় কৰে।

এই কেইবিধ হাৰ্বেল টি একেবাৰে সুলভ মূল্যৰ আৰু সহজলভ্য থলুৱা দ্ৰব্যৰে তৈয়াৰী। চাহপাতৰ ব্যৱহাৰ নাই বাবে কেফেইন নথকা চাহ। আনহাতে চাহ ভাল পোৱা সকলো নিৰাশ নহ'ব। তেওঁলোকৰ বাবেও দুবিধমান চাহ আগবঢ়াইছো য'ত সামান্য পৰিমানে চাহপাত ব্যৱহাৰ কৰিব পাৰি।

মচলা দিয়া ৰঙা চাহ:

পাকঘৰত ব্যৱহাৰ হোৱা মচলা যেনে আদা, লং, ইলাচি, ডালচেনি আৰু লগতে তুলসী দি বনাব পাৰি এই চাহ। পানী উতলাই তাত নামমাত্ৰ চাহপাত আৰু আপোনাৰ পছন্দৰ লং, ইলাচি, ডালচেনি ,আদা , তুলসী আদি দিয়ক। কিছু সময় ভালকৈ উতলাই চেকণিৰে চেকি অলপ ঠাণ্ডা হোৱাৰ পাছত মৌ দি সেৱন কৰক। বিভিন্ন ঔষধি দ্ৰব্য থকা বাবে এইবিধ চাহ জ্বৰ, কাহ, চৰ্দি, তনচিলাইটিছ, ফেৰিঞ্জাইটিছ, শ্বাস প্ৰশ্বাসৰ বিভিন্ন সমস্যাত মহৌষধিৰ কাম কৰে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি আমাক নিৰোগী কৰি ৰাখে।

লেমন টি বা নেমুৰ চাহ:

সোৱাদ ভৰা লেমন টি প্ৰায়বোৰ মানুহৰে প্রিয়। বিশেষকৈ ডায়েট প্লেন কৰাসকলৰ বাবে অতি উপকাৰী এই চাহ। গা মন সতেজ কৰি তোলা নেমুৰ চাহ বনোৱা পদ্ধতিটো তেনেই সহজ। একাপ ৰঙা চাহ বনাই তাৰ লগত কেইটোপাল মান নেমুৰ ৰস আৰু মৌ মিহলি কৰক আৰু সোৱাদ লওক। লেমন 'টি'ৰ উপকাৰীতা সমূহ হৈছে :-

  • শৰীৰৰ শোধন কৰা বা দিতক্স কৰাত ই মুখ্য ভূমিকা পালন কৰে। এই চাহে শৰীৰৰ পৰা অলাগতিয়াল টকচিন্স (toxins) নিষ্কাশন কৰে।

  • শৰীৰৰ ওজন কম কৰাতো সহায় কৰে।

  • ভিটামিন C থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । আনকি কেন্সাৰ হোৱাতো বাধা প্ৰদান কৰে।

  • লিভাৰ আৰু হাৰ্টক সুৰক্ষা প্ৰদান কৰে।

  • ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰে।

ঘৰতে সহজতে তৈয়াৰ কৰিব পৰা এইবোৰ বনৌষধি চাহৰ অজস্ৰ গুণাগুণ আছে। ঔষধি গুণযুক্ত বনৌষধিৰে বনোৱা এইবোৰ চাহে আমাক বহু ৰোগৰ পৰা বচাই ৰাখে। বিধিসন্মত ভাবে বনোৱা এইবোৰ হাৰ্বেল টি আমাৰ শৰীৰৰ বাবে অমৃততুল্য।

বি:দ্ৰ:- এই হাৰ্বেল টি সমূহৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। কিন্তু মাত্ৰাধিক পৰিমাণে সেৱন নকৰাটো বাঞ্ছনীয়।

লগতে পঢ়ক-Walking: সু স্বাস্থ্যৰ বাবে খোজ কাঢ়ক! 

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

গুৱাহাটী,7399114617

English Summary: Health Benefit of Natural Tea
Published on: 14 September 2022, 12:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now