1. স্বাস্হ্য আৰু জীৱন

বাৰীৰ চুকতে ভেদাইলতাৰ গছ এজোপা ৰুই লওঁক। টাবতো ৰুব পাৰিব নগৰীয়াসকলে

KJ Staff
KJ Staff
ভেদাই লতা
ভেদাই লতা

ভেদাই লতা হ’ল দীঘল পাতৰ লতাজাতীয় এবিধ উদ্ভিদ । সাধাৰণতে হাবি -জংঘলত পোৱা যায় যদিও মানুহে সুবিধাৰ বাবে বাৰীতো ৰুই লয় । বহুতে ইয়াৰ আন এটা নাম 'গোন্ধোৱা লতা বুলি ক ভেদাইলতাৰ পাত,  ঠাৰি, ফুল সকলো অংশই খাব পাৰি। চাতনী কৰি ,বড়া ভাজি কৰি , মাছৰ লগত জোল কৰিও ভোদাই লতা খাব পাৰি। ভেদাই লতাৰ বহুতো উপকাৰিতা আছে। তলত সেইবোৰ উল্লেখ কৰা হ’-

(১) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয় ।
(২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়াহয় ।
(৩) হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে । 
(৪) প্ৰমেহ(Gonorrhoea), কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য ।

(৫) একাংগী (paralysis) ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে ।
(৬) দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজক ; বিষ কমি যাব ।
(৭) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায় ।
(৮) ইয়াৰ কুমলীয়া আগ কেইফুটামান নহৰুৰ লগত চাটনী কৰি ভাতৰ লগত খালে ভোক বাঢ়ে আৰু হজমী শক্তি বাঢ়ে ৷

Paederia foetida
Paederia foetida

গতিকে দেহত বেমাৰ থাকক বা নাথাকক মাজে মাজে ভেদাইলতা সকলোৱে খাব লাগে। বাৰীত নাই যদি ওচৰৰ কাৰোবাৰ পৰা পুৰঠ ডাল এটা আনি ৰুই লব পাৰে বাৰীৰ চুকতে। জেগা নহ’লে ডাঙৰ টাবতো ৰুব পাৰি ভেদাই লতাৰ গছ।

লগতে পঢ়ক- পথাৰত গজা জিলমিল শাকৰ উপকাৰিতা

English Summary: Benifit of Paederia foetida

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.