1. স্বাস্হ্য আৰু জীৱন

Walking: সু স্বাস্থ্যৰ বাবে খোজ কাঢ়ক!

RAHUL ALI
RAHUL ALI
Walking! a good exercise for health
Walking! a good exercise for health

' Walking is man's best medicine '- এই কথাষাৰ গ্ৰীক চিকিৎসক তথা আধুনিক চিকিৎসা শাস্ত্ৰৰ পিতা হিপ'ক্ৰেটিছে কৈ গৈছে। হয়, তেখেতে কৈ যোৱা এই কথাষাৰৰ গুৰুত্ব অপৰিসীম। খোজ কঢ়াটো সকলোতকৈ সহজ ব্যায়াম সেয়ে ইংৰাজীত এষাৰ কথা আছে ' walking is a good exercise'। এই কথাষাৰ আমি প্ৰত্যেকেই সৰুৰে পৰা শুনি আহিছো।

অজ্ঞতাৰ বাবে আমি বহুতেই প্ৰায়ে গুৰুত্ব নিদিও এইবোৰ সৰু কথা বুলি। শুনি অহা এইষাৰ কথা আজি আমাৰ জীৱনত প্ৰয়োগ কৰাৰ উপযুক্ত সময় আহি পৰিছে। আজিৰ যুগটোত দৈনন্দিন জীৱনত প্ৰত্যেক মানুহেই ব্যস্ত। পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে আমাৰ শাৰীৰিক পৰিশ্ৰম কমি গৈছে। সময়ৰ অভাৱত ইচ্ছা থাকিলেও আমি কাম বন কৰাত সমস্যাৰ সৃষ্টি হৈছে। কাৰণ জীৱিকাৰ বাবে দিনটো প্ৰতিজন লোকেই বিভিন্ন অফিচ, শিক্ষানুষ্ঠান বা অন্য ব্যৱসায়িক প্ৰতিষ্ঠান আদিত কৰ্মৰত।

শাৰিৰীক পৰিশ্ৰম কমি যোৱাৰ ফলত আমি বিভিন্ন ৰোগৰ কৱলতো পৰিছো। সেয়েহে আজিৰ দিনত বহু স্বাস্থ্যসচেতন লোকে বিশেষকৈ যুৱপ্ৰজন্মই সুস্বাস্থ্যৰ বাবে জিম বা ফিটনেছ চেণ্টাৰত নিতৌ শাৰীৰিক অনুশীলন কৰে যিটো খুব উৎসাহজনক ও প্ৰশংসনীয় প্ৰদক্ষেপ। ঠিক তেনেদৰে বহু লোকে সাঁতোৰ, চাইকেল চলোৱা, যোগাসন আদি বিভিন্ন প্ৰকাৰৰ শাৰীৰিক অনুশীলন কৰে যিবোৰে স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু সকলোৰে বাবে এইবোৰ দৈনিক অনুশীলন কৰাটো অলপ জটিল, বিশেষকৈ মধ্যবয়সীয়া আৰু বয়সস্থ লোকৰ বাবে।

সুস্বাস্থ্যৰ বাবে কেৱল এইবোৰই যে কৰিবই লাগিব তেনে কোনো বাধ্যবাধকতা নাই। যিসকলে এইবোৰ কৰিব নোৱাৰে তেওঁলোক হতাশ হোৱাৰ কাৰণ নাই। তেওঁলোকে যদি নিতৌ খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলে সেইটোৱে তেওঁলোকক ভাবিব নোৱাৰাকৈ বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব। ৰাতিপুৱা বা সন্ধিয়া যেতিয়াই সময় পায় কিছুসময় খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। বিভিন্ন গৱেষণামূলক পৰীক্ষা নিৰীক্ষাৰ পৰা খোজ কঢ়াৰ বিভিন্ন উপকাৰীতা সম্বন্ধে গম পোৱা গৈছে। নিতৌ কিছু সময় খোজ কঢ়া অভ্যাসে স্বাস্থ্য ৰক্ষাত কি কি ভূমিকা পালন কৰে জানো আহক :-

  • দৈনিক কিছু সময় খোজ কাঢ়িলে আমাৰ শৰীৰত তেজ চলাচল ভালকৈ হয়, শৰীৰে পৰ্যাপ্ত পৰিমানে অক্সিজেন পায় যিয়ে আমাক দিনটোৰ বাবে কাৰ্যক্ষম কৰি তোলে।

  • ই আমাৰ হৃদযন্ত্ৰ, শ্বাসতন্ত্ৰকো সুৰক্ষা প্ৰদান কৰে। নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাসে উচ্চ ৰক্তচাপ, স্ট্রোক আদি বিভিন্ন হৃদৰোগৰ পৰা বচাই ৰাখে। আমেৰিকান হাৰ্ট এছোচিয়েচন নামৰ সংস্থাটোৰ মতে দৈনিক এঘণ্টাকৈ খোজ কাঢ়িলে ই শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰে , , উচ্চ ৰক্তচাপ কম কৰে আৰু বিভিন্ন হৃদৰোগ হোৱাত বাধা প্ৰদান কৰে। খোজ কাঢ়িলে শৰীৰৰ বাবে উপকাৰী HDL কলেষ্টৰল বৃদ্ধি হয়। উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীয়ে নিয়মিত খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিলে সুফল পায়।

  • নিয়মীয়াকৈ খোজ কাঢ়িলে ডায়েবেটিচ ৰোগ হোৱাৰ সম্ভাৱনাও বহুখিনি হ্ৰাস হয়। তদুপৰি ডায়েবেটিচ ৰোগীয়ে খোজ কঢ়াৰ অভ্যাস কৰিলে ব্লাড চুগাৰ নিয়ন্ত্ৰণত আহে।

  • মেদবহুলতাৰ সমস্যাত ভোগা লোকে নিতৌ কিছু সময় খোজ কঢ়াৰ অভ্যাস কৰিলে শৰীৰৰ ওজন হ্ৰাস পায় কাৰণ ই অতিৰিক্ত কেলৰিৰ ক্ষয় কৰাত সহায় কৰে। মহিলা সকলৰ তলপেটত জমা হোৱা চৰ্বি কমোৱাতো ই বহু উপকাৰী।

  • নিয়মিত খোজ কঢ়া লোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। ই তেজৰ শ্বেত ৰক্তকণিকাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে যাৰ বাবে ই বিভিন্ন ৰোগৰ বীজাণুৰ আক্ৰমণ প্ৰতিৰোধ কৰে।

  • নিয়মিত খোজ কাঢ়িলে আমাৰ হাড় আৰু অস্থি সন্ধি মজবুত হয় আৰু মাংসপেশী সবল হয়। ই কঁকালৰ বিষ, পিঠি বিষ, অৰথ্ৰাইটিছ, অষ্টিওপৰ'চিছ আদি সমস্যা উপশম হোৱাতো সহায় কৰে।

  • দৈনিক কিছুসময় খোজ কাঢ়িলে আমাৰ মন প্ৰসন্ন হয়, মানসিক দুশ্চিন্তা, মানসিক অৱসাদ লাহে লাহে দূৰ হয়। খোজ কাঢ়িলে আমাৰ শৰীৰত এণ্ডৰফিন , চেৰ'টনিন আদি বিশেষ কিছুমান ৰাসায়নিক পদাৰ্থৰ নিঃসৰণ  হয় যিয়ে ষ্ট্ৰেছ, ডিপ্ৰেছন আদি দূৰ কৰাত সহায় কৰে  আৰু মানসিক সুস্থিৰতা প্ৰদান কৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিত খোজ কঢ়া লোকৰ এলজেইমাৰ ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস হয়। সন্ধিয়া খোজ কঢ়া অভ্যাসে আমাৰ টোপনি ভালকৈ অহাতো সহায় কৰে। যিসকলৰ নিদ্ৰাহীনতাৰ সমস্যাত ভুগি আছে তেওঁলোকে সন্ধিয়া খোজ কঢ়াৰ অভ্যাস কৰিলে নিশ্চয় সুফল পাব।

  • দৈনিক খোজ কঢ়া ব্যক্তিৰ পাচনতন্ত্ৰও সক্ৰিয় হয়। কৌষ্ঠকাঠিন্য সমস্যাত ভোগা লোকৰ বাবেও ই অতি উপকাৰী।

  • নিয়মিত খোজ কাঢ়িলে ই আমাৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে, কেটেৰেক্ট, গ্লুকমা আদি চকুৰ বিভিন্ন বিকাৰ হোৱাত বাধা দিয়ে।

  • দৈনিক খোজ কাঢ়িলে ই কেনচাৰ প্ৰতিষেধক হিচাবেও কাম কৰে। সেয়েহে খোজ কঢ়া অভ্যাস অতি প্ৰয়োজনীয়।

  • আমি সকলো আমাৰ ছাল,  চুলিৰ সৌন্দৰ্য্য লৈ সচেতন। নিয়মিত খোজ কঢ়াৰ অভ্যাসে আমাৰ ছাল, চুলিৰো সৌন্দৰ্য্য বৰ্ধন কৰে। কাৰণ ই আমাৰ শৰীৰৰ হৰম'ন সমূহৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে। ইয়াৰ আটাইতকৈ ডাঙৰ উপকাৰ হৈছে শৰীৰত জমা হোৱা টকচিন্স বা বৰ্জিত পদাৰ্থ সমূহৰ নিষ্কাশন।

 ওপৰৰ কথাখিনি জানি পাঠকসকলে নিশ্চয় খোজ কঢ়া অভ্যাসৰ গুৰুত্ব বুজি উঠিছে। ডেকাৰ পৰা বৃদ্ধ সকলোৱে কৰিব সহজ ব্যায়াম হৈছে খোজকঢ়া । আজিকালি বহু লোকে ৰাতিপুৱা বা সন্ধিয়া নিয়মিত খোজ কাঢ়ে। নিজক ভাল পোৱা প্ৰতিজন লোকেই এনেকুৱা সুন্দৰ অভ্যাস গঢ়ি তোলক আৰু স্বাস্থ্যবান হৈ জীয়াই থাকিবলৈ চেষ্টা কৰক। কাৰণ ইংৰাজীত এষাৰ কথা আছে ' Prevention is better than cure'

লগতে পঢ়কঃ বাৰীৰ চুকতে ভেদাইলতাৰ গছ এজোপা ৰুই লওঁক। টাবতো ৰুব পাৰিব নগৰীয়াসকলে

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

গুৱাহাটী, ফোন- 7399114617

English Summary: Walking! a good exercise for health

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.