Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 7 June, 2024 6:13 PM IST
পথাৰত আলি দিয়া মেচিন

আপোনালোকে পথাৰত হালবোৱা, মাটি ৰুৱা, ধান কটা, মৰণা মৰা মেচিন দেখিছে। কিন্তু নিশ্চিতকৈ কম যে অসমৰ বহু কৃষকেই পথাৰৰ আলি দিয়া মেচিন দেখা নাই। কিন্তু শেহতীয়াকৈ কৃষকৰ পথাৰৰ আলি দিয়া কাৰ্যত সহায় হোৱাকৈ এটা যন্ত্ৰ সাজি উলিয়াই চমক সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ এঙেৰা অঞ্চলৰ  মৃদুপৱন সন্দিকৈ নামৰ যুৱকজনে ৷

তেওঁ পথাৰত আলি দিয়া যন্ত্ৰ উদ্ভাৱন কৰি অসমৰ কৃষক সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ দৈনিক ৪০ বিঘাকৈ পথাৰত আলি দিব পাৰিব এই যন্ত্ৰ সহায়ত৷ অত্যাধুনিক প্ৰযুক্তিৰে নিজ কাৰখানত তৈয়াৰ কৰা এই যন্ত্ৰটি লৈ  যথেষ্ট আশাবাদী মৃদুপৱন সন্দিকৈ৷ কৃষিকৰ্মক এক লাভজনক বৃত্তি হিচাপে গঢ়ি তুলিবলৈ তেওঁ এই সঁজুলি তৈয়াৰ কৰিছে।

লগতে পঢ়ক- 

৫০ হাজাৰটেই ডিলাৰ পৰা ঘৰলৈ যাব পাৰিব মহিন্দ্ৰা কোম্পানীৰ টেক্টৰ

তেওঁ উদ্ভাৱন কৰা এই সঁজুলি বিধে আগন্তুক দিনত ধান খেতি উৎপাদন বৃদ্ধিৰ লগতে কৃষকসকলৰো উপাৰ্জন বৃদ্ধিত সহায় কৰিব। সম্প্ৰতি এই আলি দিয়া যন্ত্ৰ উদ্ভাৱন কৰি যুৱকগৰাকী বৰ্তমান ব্যাপক চৰ্চা লাভ কৰা লগতে মৃদুপৱনৰ এই সফলতাক এতিয়া সকলোৱে আদৰণি জনাইছে l এই মেচিনটোৰ ব্যৱহাৰে আমাৰ কৃষকসকলে কম সময়তে, কম খৰচতে অধিক কাম কৰিব পাৰিব। এই মেচিনটো টেক্টৰত সংযোগ কৰা হয়। টেক্টৰ সহায়ত হাল বাবৰ ৰটাভেটৰ লগোৱাৰ দৰেই এই মেচিনটোকো সংযোগ কৰি লোৱা হয়।

উদ্ভাৱক গৰাকীয়ে জানিবলৈ দিয়া মতে, এই মেচিনটোৱে এদিনত ৪০ বিঘা মাটিত খুৱ নিয়াৰিকৈ আলি দিয়া কাৰ্য সমাপন কৰিব পাৰে। উল্লেখ্য যে এই আলি দিয়া যন্ত্ৰটোৰ ওপৰতত বিগত কিছু দিনৰ আগতে আমি এটা চুটি ভিডিঅ’ প্ৰস্তুত কৰিছিলো। ভিডিঅ’টোৱে যথেষ্ট দৰ্শকৰ সমাদৰ লাভ কৰিছিল। আৰু বহুজনে এই কৃষি যন্ত্ৰটোৰ বিষয়ে জানিব বিচাৰিছিল আৰু যোগাযোগ নাম্বাৰ বিচাৰিছিল। আমাৰ পাঠকসকলে এই মেচিনটোৰ বিষয়ে অধিক জানিবলৈ এই নাম্বাৰত মৃদুপৱন সন্দিকৈৰ লগত যোগাযোগ কৰিব পাৰিব।

লগতে পঢ়ক- 

প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই যোগাযোগ কৰক

English Summary: Coming new agri Machine to Agriculturead
Published on: 07 June 2024, 12:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now