Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 1 May, 2025 6:12 PM IST
Uttar Pradesh farmer Ram Santosh with Mahindra 275 DI TU PP tractor

উত্তৰ প্ৰদেশৰ কাণপুৰ দেহাত জিলাৰ ৰাম সন্তোষৰ এজন সাধাৰণ কৃষক নহয়। ৰাম সন্তোষ এজন সংগ্ৰামী ব্যক্তি। কঠোৰ পৰিশ্ৰম,  দূৰদৰ্শিতা আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে কৃষিক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে বিৰাট পৰিৱৰ্তন। তেওঁৰ কৃষক জীৱনৰ এনে পৰিৱৰ্তনৰ আঁৰত আছে- মহিন্দ্ৰা 275 DI TU PP ট্ৰেক্টৰখনৰ বিশেষ ভূমিকা

আৰম্ভণি সীমিত সম্পদ, কিন্তু ডাঙৰ স্বপ্ন

ৰাম সন্তোষৰ জীৱনৰ আৰম্ভণি অতি সংঘৰ্ষময় আছিল। কৃষিকৰ্মৰ আগবঢ়াই নিবলৈ তেওঁক প্ৰয়োজন হোৱা সা-সঁজুলি আছিল সীমিত পৰিমাণৰ। নাছিল আধুনিক যন্ত্ৰ-পাতি, নাছিল সহায়ক সা-সঁজুলি। কিন্তু তেওঁৰ স্বপ্ন আছিল আধুনিক কৃষি যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি খৰচ কমোৱাৰ লগতে উৎপাদন বৃদ্ধি কৰা।

ভৱিষ্যৎ পৰিবৰ্তন কৰা সিদ্ধান্ত: মহিন্দ্ৰা 275 DI TU PP

এদিন তেওঁ কঠোৰ পৰিশ্ৰম আৰু অভিজ্ঞতাৰ লগত প্ৰযুক্তি সংযুক্ত কৰাৰ সিদ্ধান্ত ল’লে আৰু মহিন্দ্ৰা 275 DI TU PP ট্ৰেক্টৰ কিনিলে। তেওঁ কয়, "যেতিয়াৰ পৰা এই ট্ৰেক্টৰখন কিনিলোঁ, কাম দুগুণ হ’ল আৰু খৰচ আধা। টকাও বাচিলোঁ, কামো বেছি হ’ল।"

শক্তি, সঞ্চয় আৰু নিৰ্ভৰযোগ্যতা – এটা ট্ৰেক্টৰতে

মহিন্দ্ৰা 275 DI TU PP -ৰ মুখ্য বৈশিষ্ট্যসমূহ:

  • শক্তিশালী DI ইঞ্জিন: যিকোনো পথাৰত শক্তিৰে কাম কৰে
  • 180 Nm PTO শক্তি: গধুৰ সঁজুলিও সহজে চলাব পাৰে
  • কম ইন্ধন, বেছি মাইলেজ
  • আৰামদায়ক ডিজাইন
  • টেকসই গঠন আৰু কম মেৰামতি
  • এইবোৰ গুণে ৰাম সন্তোষক কম সময়ত বেছি উৎপাদন কৰাত সহায় কৰিছে।

লগতে পঢ়ক- 

অভিষেক ত্যাগীয়ে ক্ৰয় কৰিলে আপুনিয়ো ক্ৰয় কৰক আৰু লক্ষ্যস্থানত উপনীত হওঁক

Ram Santosh with Mahindra 275 DI TU PP tractor

আধুনিক কৃষকৰ পৰিচয়

আজি ৰাম সন্তোষে কেৱল পৰম্পৰাগত খেতি নকৰে, মহিন্দ্ৰা ট্ৰেক্টৰৰ সহায়ত নতুন পদ্ধতিৰে বেছি শস্য উতপাদন আৰু কম ব্যয়ত বেছি লাভ অৰ্জন কৰিছে। তেওঁৰ গাঁৱৰ বহুতো কৃষকে এতিয়া তেওঁৰ পৰামৰ্শ লয় আৰু তেওঁৰ দৰে ট্ৰেক্টৰ কিনিবলৈ উৎসাহিত হৈছে।

ৰাম সন্তোষৰ কাহিনীয়ে প্ৰমাণ কৰে যে যদি সঠিক প্ৰযুক্তি আৰু কঠোৰ পৰিশ্ৰম একেলগে হয়, তেন্তে কোনো কৃষকেই সফলতা অৰ্জন কৰিব পাৰে।  শেষত কওঁ- মহিন্দ্ৰা 275 DI TU PP  ৰাম সন্তোষৰ প্ৰথম পছন্দ আৰু প্ৰতিগৰাকী কঠোৰ পৰিশ্ৰমী কৃষকৰ বিশ্বাসী সহায়ক।

লগতে পঢ়ক- 

এসময়ত পুৱাই খাই গধুলি কি খাম বুলি চিন্তা কৰিছিল! এটা পৰিয়ালে

English Summary: Uttar Pradesh farmer Ram Santosh Success Story with Mahindra 275 DI TU PP tractor read story
Published on: 01 May 2025, 06:11 IST