1. কৃষি সঁজুলি

প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই যোগাযোগ কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Indian government solar panel scheme for farmers
Indian government solar panel scheme for farmers

আমাৰ পাঠকসকলে আমাক বিভিন্ন সময়ত সুধি থাকে কৃষকৰ বাবে অহা ছ’লাৰ আমি কেনেকৈ লাভ কৰিম। সকলোকে ব্যক্তিগতভাৱে জনোৱাতো সহজ নহয় গতিকে ছ’লাৰ পোৱাৰ সকলোখিনি কথা সামৰি আমি এই লেখাটো প্ৰস্তুত কৰিছো। প্ৰথমে আপোনাক জনাওঁ যে এই ছ’লাৰখন আপোনালোকে জিলা কৃষি কাৰ্যৰ ক্ৰয় কৰিলে আপুনি ৮৫ শতাংশ ৰাজসাহাৰ্যত লাভ কৰিব। অৰ্থাত আপুনি ১০০ টকাত মাত্ৰ ১৫ টকাহে দিব লাগিব। ইয়াৰ বাবে আপুনি এজন কৃষক হ’ব লাগিব। কৃষক নহলে আপুনি লাভ নকৰিব।

ৰাজ্যৰ প্ৰতিখন জিলাত কৃষি বিভাগে এতিয়া কৃষকলৈ আগবঢ়াই আছে ৰাজ সাহাৰ্যযুক্ত ছ’লাৰ। এই ছ’লাৰ লাভ কৰিবলৈ প্ৰথমে কৃষকজনে জিলা কৃষি কাৰ্যালয়লৈ গৈ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ বিষয়াসকলক লগ কৰক। তাৰপাছতে তেওঁলোকে আপোনালোকক আবেদন কৰিবলৈ জনাব। আবেদন কৰাৰ পাছতে আপোনাৰ আবেদন বিষয়াসকলে পৰীক্ষা কৰিব। পৰীক্ষাত আপুনি ছলাৰ পোৱাৰ যোগ্যতা আছে বুলি বিবেচিত হোৱাৰ পাছতে ৩৩ হাজাৰ টকাৰ এটা ড্ৰাফট কাটিব লাগিব। তাৰ পাছতে আপুনি কিছুদিনৰ পাছতে ছলাৰ লাভ কৰিব। (ছ’লাৰখনৰ বিষয়ে সথিকভাৱে জানিবলৈ আপোনালোকে প্ৰথমে জিলা কৃষি কাৰ্যালয়লৈ গৈ সথিকভাৱে জানি লওঁক।)

লগতে পঢ়ক- 

Crop Cover : ক্ৰপ কভাৰ কি! কৃষকসকলে কিয় ব্যৱহাৰ কৰে ক্ৰপ কভাৰ

উল্লেখ্য যে এজন কৃষকক এখন ছ’লাৰে কিমান সহায় কৰে সেয়া ভাৱিব নোৱাৰে। কৃষক এজনৰ বাবে পানী হৈছে মৌলিক বস্তু। পানী অবিহনে কৃষকজনৰ সকলো শ্ৰম অথলে যাব। এই পানীয়েই কৃষকজনক দিনটোৰ আঠ-ন ঘন্টা যোগান ধৰিব ছলাৰখনে। পুখুৰীৰ পানী শুকাই গ’লেও ছলাৰখনৰ দ্বাৰা চলি থকা পানী পাম্পেৰে কৃষকজনে পুখুৰীত পানী যোগান ধৰি থাকিব পাৰিব।।

এইবোৰৰ ওপৰি কৃষকজনে বিভিন্নকামত ব্যৱহাৰ কৰিব পাৰে। যেনে- স্পিংকলাৰ ব্যৱহাৰ, সাৰ ছতিওৱা, গাহৰি গড়ালত মটৰেৰে পানী দি ছাফা কৰা, বয়লা কুকুৰা পুহিলে নিশা পোহৰৰ ব্যৱস্থা কৰা। এক কথাত বিজুলি প্ৰয়োজন হোৱা প্ৰতিটো কামতে কৃষকজনে ছ’লাখন ব্যৱহাৰ কৰিব পাৰিব।

লগতে পঢ়ক- 

৫০ হাজাৰটেই ডিলাৰ পৰা ঘৰলৈ যাব পাৰিব মহিন্দ্ৰা কোম্পানীৰ টেক্টৰ

English Summary: Indian government solar panel scheme for farmers

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.