শেহতীয়াকৈ আমাৰ দেশতো হাইড্ৰপনিক কৃষিপদ্ধতিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে। অসমতো দুই এজন শিক্ষিত যুৱকে বহিঃৰাজ্যত প্ৰশিক্ষণ লৈ হাইড্ৰপনিক কৃষি পদ্ধতিৰে খেতি কৰিবলৈ লৈছে। প্ৰথম কথা, এই পদ্ধতিত খেতি কৰিলে কঁপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰিব নালাগে, ৰদ, বৰষুণত বা বোকা-পানী গছকি খেতি কৰিব নালাগে। যাৰবাবে শিক্ষিত আৰু আধুনিক যুৱক-যুৱতীসকলৰ মাজত এই কৃষি পদ্ধতিৰ প্ৰতি আগ্ৰহী হৈ উঠিছে।
দ্বিতীয় কথা, বহুত ঠাইৰ প্ৰয়োজন নহয়। কম ঠাইতে কৰিব পাৰে। সাধাৰণতে খেতি কৰিবলৈ বহু মাটিৰ প্ৰয়োজন হয়। কিন্তু হাইড্ৰপনিক পদ্ধতিৰে কম ঠাইতে কৰিব পাৰে। এই পদ্ধতিৰে খেতি কৰিবলৈ অৱশ্যে প্ৰথমে মূলধনৰ প্ৰয়োজন হয়। কিন্তু এবাৰ মূলধন খৰচ কৰাৰ পাছত ১৫-২০ বছৰলৈ খৰচ কৰিব নালাগে। এই খেতিৰ বাবে পানীয়েই প্ৰধান। পানীৰ পৰাই উদ্ভিদজোপাই প্ৰয়োজনীয় সকলো খাদ্য গ্ৰহণ কৰে। গতিকে এই খেতি কৰাৰ পূৰ্বে পানীৰ সুব্যৱস্থা কৰি ল’ব লাগিব। এই খেতি কৰাৰ পূৰ্বে কৃষকগৰাকীক প্ৰশিক্ষণৰ অত্যন্ত প্ৰয়োজন। দুই-তিনি মাহৰ প্ৰশিক্ষণ লবই লাগিব। কাৰণ এই খেতিৰ পদ্ধতি একেবাৰে নতুন বিশেষকৈ আমাৰ অসমত। প্ৰশিক্ষণ অবিহনে এই খেতি কৰিবলৈ আগবাঢ়ি নহাই ভাল। এই খেতি কৰিবলৈ আগবাঢ়ি অহা লোকসকল শিক্ষিত হোৱাটো অত্যন্ত প্ৰয়োজনীয়।
অসমত হাইড্ৰপনিক পদ্ধতিৰে খেতি কৰাসকলৰ ভিতৰত তিনিচুকীয়া জিলাৰ অসম গৌৰৱ বঁটাপ্ৰাপ্ত কৃষক ৰাহুল গুপ্তা অন্যতম। তেওঁ হাইড্ৰপনিক কৃষি পদ্ধতিৰে দীৰ্ঘদিন খেতি কৰি আহিছে। যিসকল ব্যক্তি বা যুৱক-যুৱতীয়ে হাইড্ৰপনিক পদ্ধতিৰে কৰিব বিচাৰে তেওঁৰ পৰা পৰামৰ্শ ল’ব পাৰে। হাইড্ৰপনিক পদ্ধতিত প্ৰয়োজনীয় সা-সঁজুলিবোৰ কত পাব, খৰচ পাতি কেনেকুৱা হয় লগতে প্ৰশিক্ষণ ক’ত, কেনেকৈ গ্ৰহণ কৰিব আদি কথাবোৰ তেওঁৰ পৰা জানিব পাৰিব।