Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 29 January, 2025 12:57 PM IST
Un session Farming in Polyhouse & its benefit

পলিহাউচত অবতৰীয়া খেতি আৰু ইয়াৰ লাভালাভ (Un session Farming in Polyhouse & its benefit)

সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰ বিভিন্ন দিশলৈ পৰিৱৰ্তন আহিছে। এইক্ষেত্ৰত কৃষিক্ষেত্ৰখনো পিছপৰি থকা নাই। কৃষিক্ষেত্ৰখনলৈয়ো ব্যাপক পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনৰ লগত মিলিব পাৰিলেহে কৃষকসকল নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব। কৃষিক্ষেত্ৰখনলৈ পলিহাউচ, হাইড্ৰপনিক কৃষিপদ্ধতি, জিৰ’ টিলেগ কৃষি পদ্ধতিৰ লগতে ড্ৰিপ ইৰিগেশ্ব্যন আদিৰ কৃষিপদ্ধতিসমূহ কৃষিক্ষেত্ৰখনলৈ আহিল। লগতে প্ৰতিদিনে নিত্য-নতুন বিভিন্ন কৃষিযন্ত্ৰসমূহৰ আগমণ ঘটিছে কৃষিক্ষেত্ৰখনলৈ।

কৃষিক্ষেত্ৰখনত প্ৰতিদিনে সংযোগ হৈ থকা নিত্য-নতুন কৌশলসমূহৰ লগত আমাৰ কৃষকসকলৰ পৰিচয় নহ’লে পূৰ্বৰ দৰেই পৰম্পৰাগত পদ্ধতিৰে খেতি কৰিলে সময়ৰ সোঁতে আমাৰ কৃষকসকলক উটুৱাই নিব। গতিকে কৃষকসকলে আধুনিক কৃষি ব্যৱস্থাই কঢ়িয়াই কৌশলসমূহক আয়ত্ত কৰি নিজ কৃষিক্ষেত্ৰখনত প্ৰয়োগ কৰিব লাগিব। গতিকে আজি এই আধুনিক কৃষি ব্যৱস্থাই কঢ়িয়াই অনা পলিহাউচত অবতৰীয়া খেতি আৰু ইয়াৰ লাভালাভ সন্দৰ্ভত দুটামান কথা আমাৰ কৃষকসকলৰ লগত আলোচনা কৰিম।

পলিহাউচ কি! What is Polyhouse

পলিহাউচ কি! এই বিষয়ে অসমৰ সম্ভৱ অধিকাংশ কৃষকেই জানে। পলিহাউচ হ’ল পলিথিনৰ এটা ঘৰ। য’ত খেতি কৰিলে আপোনাৰ শস্যখিনি সূৰ্যৰ তীব্ৰ ৰ’দ-বৰষুণৰ পৰা বচাব পাৰি। গতিকে পলিহাউচৰ ভিতৰত বৰষুণৰ বতৰত কৰিব নোৱৰা শস্যৰ খেতি বৰষুণৰ বতৰত কৰিব পাৰিব। বা ঠাণ্ডাদিনত কৰা খেতি বাৰিষা দিনতো কৰিব পাৰিব। তদুপৰি পলিহাউচবোৰত আগতীয়াকৈ কোনো শস্যৰ বীজ অংকুৰিত কৰিব পাৰি। পলিহাউচৰ ভিতৰত বীজ অংকুৰিত কৰিলে পুলিবোৰ সুস্থ-সৱল হৈ উঠে। সুস্থ-সৱল পুলি এটা কৃষিক্ষেত্ৰখনৰ সফলতাত বিশেষ ভূমিকা লয়।

পলিহাউচত অবতৰীয়া খেতি কৰিলে কেনেকৈ লাভান্বিত হ (Polyhouse farming benefit)

উদাহৰণস্বৰূপে বিলাহী, বেঙেনা, পেপচিকাম আদি শস্যবোৰ খেতি সাধাৰণতে শীতকালত কৰা হয়। শীতকালত এই শস্যসমূহৰ অনুমাণিক দাম প্ৰতিকিলোত ক্ৰমে ২০, ২৫, ৩০ টকা (কম বেছি হ’ব পাৰে)। যদি এই শস্যসমূহৰ খেতি অবতৰত অৰ্থাত বাৰিষা কালত পলিহাউচৰ ভিতৰত কৰি বজাৰলৈ পঠিয়াবলৈ সক্ষম হয় তেতিয়া বিলাহী, বেঙেনা, পেপচিকাম আদি শস্যবোৰ ৬০, ৫০, ৮০ টকা দৰত অৰ্থাত দুগুণতকৈ অধিক দামত বিক্ৰি কৰিব পাৰি। পলিহাউচৰ ভিতৰত সকলো সময়তে সকলো ধৰণৰ শস্যৰ খেতি কৰাৰ এক পৰিৱেশ থাকে। গতিকে কৃষকসকলে সকলো সময়তে বিভিন্ন শস্যৰ খেতি কৰিব পাৰে। এবছৰত এটা পলিহাউচৰ ভিতৰত ৩-৪ টা শস্যৰ খেতি কৰিব পাৰে। তদুপৰি ৰদ, বৰষুণৰ বতৰতো, ৰাতিয়ো কৃষকসকলে কোনো সমস্যা নোহোৱাকৈ খেতি কৰিব পাৰে। পলিহাউচৰ এই সুবিধাসমূহ উপলব্ধি কৰি কৃষকসকলে পলিহাউচত বিজ্ঞান সন্মতভাৱে খেতি কৰিলে খুব কম ঠাইতে, কম খৰচতে, অধিক উপাৰ্জন কৰিব পৰা পাৰিব।

লগতে পঢ়ক- 

Ginger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

English Summary: Un session Farming in Polyhouse & its benefit
Published on: 29 January 2025, 12:57 IST