Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 8 January, 2025 6:34 PM IST
Uttar Pradesh farmer Abhishek Tyagi gets success from Mahindra arjun 605 DI tractor read story

উত্তৰপ্ৰদেশৰ বিজনোৰ এজন প্ৰগতিশীল কৃষক অভিষেখ ত্যাগী। কৃষিক জীৱিকা হিচাপে লৈ এক স্বচ্ছল জীৱন কটাই থকা কৃষকসকলৰ এজন অভিষেক ত্যাগী। কৃষকগৰাকীয়ে বিগত কেইবাটাও বছৰ ধৰি নতুন প্ৰযুক্তিৰে খেতি কৰি এক স্বচ্ছল জীৱন কটাই কৃষক আৰু কৃষি বৃত্তিৰে ব্যক্তিসকলক কৃষিৰ প্ৰতি অনুপ্ৰাণিত কৰিছে। কৃষকগৰাকী কৃষিৰ ক্ষেত্ৰখনত সদায় বন্ধুৰ দৰে কাষত থিয় থাকে তেওঁৰ Mahindra  Arjun 605 DI  টেক্টৰখন। প্ৰগতিশীল কৃষকগৰাকীয়ে তেওঁৰ সফলতাৰ আঁৰত  Arjun 605 DI  টেক্টৰখনৰ কথা কয়।

Abhishek Tyagi gets success from Mahindra arjun 605 DI tractor

কৃষক অভিষেক ত্যাগীৰ ২০ বিঘা কৃষিভূমি আছে। কৃষকগৰাকীয়ে তেওঁৰ ২০ বিঘা কৃষিভূমিৰ কুঁহিয়া, ঘেঁহু আৰু ধানৰ খেতি কৰে। প্ৰথম অৱস্থাত কৃষকগৰাকী উপাৰ্জন কম আছিল কিন্তু টেক্টৰ এখন নিজাকৈ লোৱাৰ সপোন আছিল। সেই সপোনক সাকাৰ ৰূপ দিবলৈ কষ্ট কৰি, প্ৰয়োজনতকৈ অধিক শ্ৰম কৰি আঁৰত  Arjun 605 DI  টেক্টৰখন ক্ৰয় কৰিছিল। টেক্টৰখন ক্ৰয় কৰাৰ পাছতেই কৃষকগৰাকী আৰু পিছলৈ উভটি চাব লগা হোৱা নাই। নিজৰ ইচ্চানুসৰি কৃষকগৰাকীয়ে এতিয়া খেতি কৰি বছৰকেত এটা ভাল উপাৰ্জন কৰি নিজৰ ঘৰখন, পৰিয়ালটো সূচাৰূপে চলাই গৈছে।

কৃষকগৰাকীয়ে কয়- Arjun 605 DI  টেক্টৰখনেই মোৰ জীৱনলৈ পৰিৱৰ্তন আনিলে। কৃষিৰ ক্ষেত্ৰত অহা প্ৰতিটো সমস্যাক তেওঁ সমাধান কৰিবলৈ সক্ষম হৈছিল। মই এতিয়া কোনো সমস্যা নোহোৱাকৈ প্ৰতিদিন ১৭-১৮ ঘন্টা পথাৰত কাম কৰিব পাৰিছো।

তেওঁ কয়- তেওঁ এতিয়া কোনো কৃষিভূমি পেলায় নাৰাখে। এটা শস্য চপোৱাৰ পাছতে পাছৰটোৰ শস্যৰ বাবে নিমিষত টেক্টৰখনে হাল বায় অন্য শস্যৰ খেতিৰ বাবে কৃষিপথাৰখন উপযোগী কৰি তোলো। গতিকে মোৰ এতিয়া পূৰ্বৰ তুলনাত আয় বৃদ্ধি পাইছে। আৰু এটা কব লাগিব যে Arjun 605 DI টেক্টৰখনে তেল কম খায়। যিটো এজন কৃষকৰ বাবে ভাল কথা।আনফালে টেক্টৰখনত সংযুক্ত পাৱাৰ মোডে কঠিন মাটি চহোৱা আৰু গধুৰ বোজা কঢ়িওৱা দৰে কামবোৰ সহজে কৰিব পাৰি।

Abhishek Tyagi With Mahindra arjun 605 DI tractor

কৃষক অভিষেক ত্যাগীয়ে তেওঁৰ কৃষিক্ষেত্ৰখনত আৰু নতুন প্ৰযুক্তি সংযোজন কৰিব বিচাৰিছে। আৰু তেওঁ আন কৃষকসকলকো কৃষিক্ষেত্ৰত আধুনিক সঁজুলি ব্যৱহাৰ কৰি কৃষিক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ কয়। তেওঁ লগতে কয়- মোৰ সপোন বাস্তৱায়িয়ত কৰিলে Mahindra Arjun 605 DI খনে। আৰু আপোনালোকেও আপোনাৰ সপোন পূৰণ কৰক। 

কৃষক অভিষেক ত্যাগীৰ কৃষিযাত্ৰাৰ কাহিনীয়ে ইয়াকে প্ৰমাণ কৰে যে কঠোৰ পৰিশ্ৰম আৰু আধুনিক সাঁ-সজুলিৰ ব্যৱহাৰে নিজ লক্ষ্যত উপনীত হ’ব পাৰি। কৃষক অভিষেক ত্যাগীৰ কঠোৰ পৰিশ্ৰমৰ সৈতে তেওঁ প্ৰতিটো খোজতে সহায় কৰিছিল মহিন্দ্ৰা অৰ্জুন ৬০৫ ডি আইয়ে।

লগতে পঢ়ক- 

Mahindra 275 DI TU PP : ১৮ বছৰ পূৰ্বে গঢ়া এটা সম্পৰ্ক, আজিও অটুট

English Summary: Uttar Pradesh farmer Abhishek Tyagi gets success from Mahindra arjun 605 DI tractor read story
Published on: 07 January 2025, 06:21 IST