Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 8 January, 2025 6:45 PM IST
Maharashtra Farmer Yogesh Bhutada Gets Success From Mahindra 575 DI XP Plus Tractor

যোগেশ ভূটৰা মহাৰাষ্ট্ৰ এজন গোপালক। তেওঁৰ প্ৰধান বৃত্তি যদিয়ো বিভিন্ন শস্যৰ খেতি কৰে আৰু গৰুৰ বাবে প্ৰয়োজন হোৱা ঘাঁহৰ খেতি কৰে। তেওঁৰ মহিন্দ্ৰা কোম্পানীৰ 575 DI XP Plus ৰ  নামৰ এখন টেক্টৰ আছে। টেক্টৰখনৰ দ্বাৰা গোপালক গৰাকীয়ে গৰুৰ বাবে প্ৰয়োজন হোৱা ঘাঁহ পথাৰৰ পৰা কঢ়িয়াই অনা, ঘাঁহৰ খেতি কৰা, চহৰৰ পৰা গৰুৰ বাবে প্ৰয়োজন হোৱা দানা কঢ়িওৱা, পথাৰলৈ গোৱৰ নিয়া ধৰণৰ কামবোৰ কৰে। গোপালক যোগেশ ভূটৰাই গোপালনৰ লগত জড়িত সকলো কামতে মহিন্দ্ৰা কোম্পানীৰ 575 DI XP Plus ৰ  টেক্টৰখন ব্যৱহাৰ কৰে। তেওঁৰ সফলতাত মহিন্দ্ৰা টেক্টৰখনে সদায় সাৰথি দৰে হৈ আহিছে।

২০১৯ চনত যোগেশ ভূটৰাই মাত্ৰ ৮ জনী গৰুৰে গোপালন আৰম্ভ কৰে। বৰ্তমান তেওঁৰ ১০০ জনী গাই গৰু আছে তেওঁৰ গৰুৰ ফাৰ্মখনত। বৰ্তমান গোপালনৰ পৰা একৰ পৰা ডেৰকোটি টকাৰ ব্যৱসায় কৰে। গোপালনৰ ক্ষেত্ৰখনত তেওঁ দেখুওৱা পাৰদৰ্শিতাৰ বাবে ২০২৪ বৰ্ষত কৃষি জাগৰণ মিডিয়া গ্ৰুপ আৰু আইচিআৰএয়ে মিলিয়নাৰ ফাৰ্মাৰ অৱ দ্যা ইণ্ডিয়া এৱাৰ্ড বঁটা প্ৰদান কৰে। কৃষকগৰাকীয়ে কয়- কঠোৰ পৰিশ্ৰম, পৰিকল্পনা আৰু আধুনিক সঁজুলিৰ ব্যৱহাৰে তেওঁৰ সফতাৰ আঁৰৰ কথা। তেওঁৰ সফলতাত মহিন্দ্ৰা কোম্পানীৰ 575 DI XP Plus ৰ  টেক্টৰখনৰ অৱদানৰ কথাও উল্লেখ কৰে।

লগতে পঢ়ক- 

Sponge Gourd : এবিঘা মাটিত কৰক এদিনত ২-৩ কুইন্টল বজাৰলৈ পঠাওঁক

নিজৰ অঞ্চলটোৰ লগতে ৰাজ্যখনত গৰুৰ গাখীৰৰ পৰা উতপাদিত সামগ্ৰীৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি যোগেশ ভূটৰাই ২০১৯ চনত গোপালন কৰিবলৈ লয়। কিন্তু গোপালনেৰে জড়িত কামবোৰ কৰিবলৈ অসুবিধা হৈছিল। পশুখাদ্য অনা নিয়া কৰা, চহৰৰ পৰা সামগ্ৰী কঢ়িওৱা, বজাৰলৈ সামগ্ৰী পঠোৱা, গৰুৰ ঘাঁহৰ বাবে খেতিৰ কৰাৰ কামবোৰ আগবঢ়াই নিবলৈ অসুবিধাৰ সন্মুখীন হৈছিল। এক কথাত প্ৰতিটো খোজতে প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল। এই প্ৰত্যাহ্বানবোৰৰ পৰা হাত সাৰিবলৈ তেওঁ মহিন্দ্ৰা কোম্পানীৰ 575 DI XP Plus ৰ  টেক্টৰখন ক্ৰয় কৰে। এই সন্দৰ্ভত গোপালক যোগেশে ভূটৰাই কয়, “মহিন্দ্ৰা ট্ৰেক্টৰে আমাৰ কাম বহুত সহজ কৰি তুলিছে ই আমাৰ সময় আৰু খৰচ দুয়োটা ৰাহি কৰিছে।

মহিন্দ্ৰা কোম্পানীৰ 575 DI XP Plus ৰ  টেক্টৰখনৰ প্ৰশংশা কৰি যোগেশে কয়, "মহিন্দ্ৰা ট্ৰেক্টৰে মোৰ যাত্ৰাক এক নতুন মাত্ৰা দিলে। ই কেৱল এটা যন্ত্ৰ নহয়, মোৰ সফলতাৰ এক গুৰুত্বপূৰ্ণ অংশ।

লগতে পঢ়ক- 

অভিষেক ত্যাগীয়ে ক্ৰয় কৰিলে আপুনিয়ো ক্ৰয় কৰক আৰু লক্ষ্যস্থানত উপনীয় হওঁক

English Summary: Maharashtra Farmer Yogesh Bhutada Gets Success From Mahindra 575 DI XP Plus Tractor
Published on: 08 January 2025, 06:45 IST