সমন্বিত কুকুৰা আৰু মাছ পালন কি-
আমাৰ পুখুৰীৰপৰা মাছৰ লগত মাংস, কণী আদি উৎপাদন কৰিব পৰা আন এটা পদ্ধতিৰ বিষয়ে এই নিবন্ধত আলোচনা কৰা হ’ব। সমন্বিত কুকুৰা আৰু মাছ পালন পদ্ধতিৰ সুবিধাসমূহ হৈছে-
-
পানীৰ ওপৰতে বা পুখুৰীৰ পাৰত গঁৰাল নিৰ্মাণ কৰি কুকুৰা পালন কৰাৰ ফলত একে ঠাইৰপৰা একে সময়তে মাছৰ উপৰি কণী আৰু মাংসৰ উৎপাদন পোৱা সম্ভৱ হয়।
-
কুকুৰাৰ মল প্ৰয়োগ হোৱা বাবে পুখুৰীত সাৰ আৰু কৃত্ৰিম খাদ্য ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয় যাৰ বাবে মাছৰ উৎপাদন ব্যয় সীমিত হয়।
-
মীন পামখনৰ সামগ্ৰিক উৎপাদন আৰু আয়ৰ হাৰ বৃদ্ধি হয়।
প্ৰধানত: দুটা পদ্ধতিৰে কুকুৰাৰ লগত মাছৰ সমন্বয় কৰা হয়- প্ৰত্যক্ষ পদ্ধতি আৰু পৰোক্ষ পদ্ধতি।
প্ৰত্যক্ষ পদ্ধতি
এই পদ্ধতিত পুখুৰীৰ ওপৰতে ছিদ্ৰযুক্ত মজিয়াৰ চাংঘৰত কুকুৰা পালন কৰি ইহঁতৰ মল প্ৰত্যক্ষভাৱে পানীত পৰিবলৈ দিয়া হয়।
পৰোক্ষ পদ্ধতি-
পুখুৰীৰ পাৰত ঘৰ সাজি, সঁজা বা ডিপলিটাৰ কৌশলত কুকুৰা পালন কৰি ইহঁতৰ মল-মূত্ৰ এক নিৰ্দিষ্ট মাত্ৰাত পুখুৰীত প্ৰয়োগ কৰা হয়। ডিপলিটাৰ পদ্ধতিত গঁৰালৰ মজিয়াত ১০-১২ ছেন্টিমিটাৰ ডাঠকৈ তুঁহ, বালি আৰু চূণৰ এটি মিশ্ৰণ তৈয়াৰ কৰিব লাগে। কুকুৰাৰ মল-মূত্ৰ মিহলি হৈ তঁহখিনি পচাৰ পিছত এই মিশ্ৰণটোক ডিপলিটাৰ বুলি কোৱা হয়। এই ডিপলিটাৰ গঁৰালৰপৰা সংগ্ৰহ কৰি মজুত কৰি ৰাখি তাৰপৰা নিৰ্দিষ্ট হাৰত পুখুৰীত প্ৰয়োগ কৰিব লাগে।
সমন্বিত কুকুৰা-মাছ পালন পদ্ধতিত পুখুৰীৰ নিম্নতম পানী কালি ০.০৪৫ হেক্টৰ(প্ৰায় ডেৰ কঠা) আৰু উচ্চতম ০.২৮ হেক্টৰ(প্ৰায় দুবিঘা) হ’ব লাগে। এই পদ্ধতিত কুকুৰাৰ ঘৰটো এনে ঠাইত সজাব লাগে যাতে পোহৰৰ সুব্যৱস্থা থাকে আৰু বতাহ চলাচল হয়। খেৰ আৰু বাঁহেৰে কম খৰচতে এনে ঘৰ নিৰ্মাণ কৰিব পৰা যায়। কিন্তু স্থায়ীভাৱে পকীঘৰো নিৰ্মাণ কৰা হয়। কুকুৰাৰ ঘৰটো মজিয়াৰপৰা মূধচলৈ ৩.৬ মিটাৰ আৰু চতিলৈ ২.৭২ মিটাৰ উচ্চতাৰ হ’ব লাগে। বেৰৰ ওপৰভাগৰ তিনিভাগৰ দুই অংশ চিলিঙি আৰু তলৰ বাকী অংশ গাধৈ দিব লাগে। জহকালেই টান ৰ’দ আৰু শীতকালি ঠাণ্ডা বতাহ নিয়ন্ত্ৰণৰ বাবে চিলিঙিত চটিৰ বস্তাৰ পৰ্দা আঁৰি দিয়াৰ ব্যৱস্থা ৰাখিব লাগে।
চাংঘৰৰ ক্ষেত্ৰত ৪-৬ বৰ্গ ছেন্টিমিটাৰ আকাৰৰ ছিদ্ৰযুক্ত এখন বাঁহৰ চাং গঁৰালৰ মজিয়া হিচাপে ব্যৱহাৰ কৰা হয়। চিলিং তৈয়াৰ কৰাৰ সময়ত বাঁহৰ কামিৰ পিঠিৰ ফালটো ওপৰফালে ৰখাৰ ব্যৱস্থা কৰিব লাগে। চাংখন পানীৰপৰা ১.২-১.৫ মিটাৰ ওপৰত থাকিব লাগে। পকীঘৰৰ ক্ষেত্ৰত চাংখনত লোৰ জালিকা ব্যৱহাৰ কৰা হয়।
পুখুৰীৰ পাৰত সজা গঁৰালৰ ভেটি ০.৭৫-০.৯ মিটাৰ ওখ হোৱা প্ৰয়োজন। গঁৰালৰ ভেটি পকী হ’লে ভাল। প্ৰতিজনী কুকুৰাৰ বাবে ০.৩-০.৫ বৰ্গমিটাৰ হিচাপত গঁৰালৰ মজিয়াৰ কালি নিৰ্ণয় কৰিব লাগে। গঁৰালত বিদ্যুতৰ সুব্যৱস্থা থাকিব লাগে।
কুকুৰাৰ জাত-
সঁজা আৰু ডিপলিটাৰ পদ্ধতিত মঙহাল(ব্ৰয়লাৰ) আৰু কণী পৰা(লেয়াৰ) দুয়োবিধ কুকুৰা পালন কৰিব পাৰি। কিন্তু চাংঘৰত কেৱল কণী পৰা জাতহে বৰ্তমানলৈ অনুমোদিত। প্ৰত্যক্ষ চাংঘৰ পদ্ধতিত কিষ্ট’ন গ’লডেন জাতৰ কুকুৰাহে পালন কৰা হয়। ডিপলিটাৰ আৰু সঁজা পদ্ধতিত যিকোনো উন্নত জাতৰ কুকুৰা পালন কৰিব পাৰি।
কুকুৰাৰ বয়স-
সমন্বিত পদ্ধতিত কুকুৰা পোৱালিৰ বয়স ৬-৮ সপ্তাহ হ’ব লাগে। ১৮ মাহ বয়সলৈ কুকুৰাৰ কণী পৰা প্ৰাবল্য অটুট থাকে, সেয়ে ১৮ মাহ পিছত পুৰণি কুকুৰাৰ জাক আঁতৰাই নতুন এবাহ কুকুৰা আনিব লাগে।
কুকুৰাৰ সংখ্যা-
এক হেক্টৰ পানীকালিৰ বাবে ৫০০-৬০০(৬৭-৮০ প্ৰতি বিঘা)টা কুকুৰা পালন কৰা হয়।
কুকুৰা পালনঃ
পুখুৰী প্ৰস্তুতিৰ পিছতেই আৰু পোনা মেলাৰ কমেও এমাহ আগেয়ে গঁৰাৰলৈ কুকুৰা অনাৰ ব্যৱস্থা কৰিব লাগে।
খাদ্য যোগান-
বয়স অনুসৰি কুকুৰাক তিনিধৰণৰ খাদ্য খুৱাব লাগে।
পোৱালিৰ খাদ্য-
৮ সপ্তাহ বয়সলৈ বজাৰত পোৱা ‘শ্বিক মেছ’ খাদ্য খুৱাব লাগে। এই খাদ্যত ২১-২২ শতাংশ প্ৰ’টিন থাকে। দৈনিক প্ৰতিটো পোৱালিক ৪০-৪৫ গ্ৰাম খাদ্য ৩-৪ বাৰত ভগাই যোগান ধৰিব লাগে।
বাঢ়নৰ খাদ্য
৮-১৮ সপ্তাহ বয়সলৈ ১৫-১৬ শতাংশ প্ৰ’টিনযুক্ত খাদ্য খুৱাব লাগে। বজাৰত ইয়াক ‘গ্ৰোৱাৰ্চ মেছ’ বুলি জনা যায়। প্ৰতিটো কুকুৰাক দৈনিক ৫০-৭০ গ্ৰাম খাদ্য ৫-৬ বাৰত ভগাই যোগান ধৰিব লাগে।
কণী পৰা কুকুৰাৰ খাদ্য
১৮ সপ্তাহৰপৰা বজাৰত পোৱা ‘লেয়াৰ্চ মেছ’ নামৰ খাদ্য যোগান ধৰিব লাগে। এই খাদ্যত ১৮-১৯ শতাংশ প্ৰ’টিন থাকে। প্ৰতিজনী কুকুৰাক দৈনিক ১২০-১২৫ গ্ৰাম খাদ্য ৩-৮ বাৰত ভগাই যোগান ধৰা উচিত।
সঁজাত খাদ্য যোগানৰ বাবে বিশেষ সুবিধাযুক্ত পাত্ৰ থাকে। ডিপলিটাৰ আৰু চাংঘৰ পদ্ধতিত ফলা বাঁহ নাইবা বজাৰত পোৱা ‘শ্বিক ফিডাৰ’ত খাদ্য যোগান ধৰিব লাগে। পানী যোগানৰ বাবে বহল পাত্ৰ নাইবা ড্ৰিকাৰ ব্যৱহাৰ কৰিব লাগে।
পোহৰৰ ব্যৱস্হা-
পোহৰৰ ওপৰত কুকুৰাৰ কণী পৰা ক্ষমতা নিৰ্ভৰ কৰে। ১৯ সপ্তাহ বয়সলৈ গঁৰালত নিশাৰ ভাগত পোহৰৰ আৱশ্যক নাই। ২০ সপ্তাহৰপৰা পোহৰৰ আৱশ্যক হয়। বিজুলী বাতি বা হাৰিকেন লেম্পৰ সহায়ত পোহৰ যোগান ধৰা হয়। কিষ্ট’ন গ’লডেন জাতৰ কুকুৰাৰ বিভিন্ন বয়সৰ বাবে আৱশ্যকীয় পোহৰৰ মাত্ৰ তালিকা-১ত দিয়া হ’ল।
তালিকা :১
বয়স(সপ্তাহ) |
পোহৰ(ঘন্টা) |
আন্ধাৰ(ঘন্টা) |
মন্তব্য |
২০ |
১৪ |
১০ |
১৯ সপ্তাহ বয়সলৈকে দিনৰ পোহৰেই যথেষ্ট
৩৪ সপ্তাহৰ পৰা পোহৰৰ মাত্ৰা একেই ৰখা হয়। |
২২ |
১৪.৩০ |
৯.৩০ |
|
২৪ |
১৫ |
৯.০ |
|
২৬ |
১৫.৩০ |
৮.৩০ |
|
২৮ |
১৬ |
৮ |
|
৩০ |
১৬.৩০ |
৭.৩০ |
|
৩২ |
১৭ |
৭ |
|
৩৪ |
১৭.৩০ |
৬.৩০ |
কুকুৰাৰ গঁৰালটো পৰিস্কাৰ কৰি ৰাখিলে ৰোগৰপৰা হাত সাৰিব পাৰি। ডিপলিটাৰ পদ্ধতিত ব্যৱহাৰ কৰা তুঁহ, বালি আৰু চূণৰ মিশ্ৰণখিনি শুকান কৰি ৰাখিব পাৰিলে ভাল। প্ৰতি সপ্তাহত ডিপলিটাৰ খুচৰি দিব লাগে। সঁজা পদ্ধতিত কুকুৰাৰ মল আৰু অৱশিষ্ট খাদ্য প্ৰতিদিনে নিয়াৰিকৈ আঁতৰাব লাগে। চাংঘৰ পদ্ধতিত বাঁহৰ চিলিঙৰ কামিৰ ফাকত লাগি থকা কুকুৰাৰ মল আৰু অৱশিষ্ট খাদ্য পৰিষ্কাৰ কৰি থাকিব লাগে। গঁৰালৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত পটাছ নাইবা ফেনাইল পানীত হাত-ভৰি ধুই ল’ব লাগে। কুকুৰাৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে। তাৰ ভিতৰত- ৰাণীখেট, ফউল পক্স, লেৰিংগোট্ৰেকাইটিচ, মাৰেক্স আদি। সময়মতে প্ৰতিষেধক ছিটা দি এইবোৰ ৰোগৰপৰা হাত সাৰিব পাৰি। ওচৰৰ পশু চিকিৎসকৰ পৰামৰ্শ মতে কুকুৰাৰ বিভিন্ন ৰোগ সন্দৰ্ভ৭ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
কণী সংগ্ৰহ-
কুকুৰাই ১৮-২০ সপ্তাহ বয়সৰপৰা কণী পাৰিবলৈ আৰম্ভ কৰে। ২২ সপ্তাহ বয়সৰপৰা কণীৰ উৎপাদন নিয়মীয়া হয়। ৫-৬ জনী কুকুৰাৰ বাবে ৩০.৫*৩০.৪*৩০.০ ছেন্টিমিটাৰ আকাৰৰ কণী পৰা বাকচ গঁৰালত ৰাখিব লাগে। গতিকে নিতৌ দুবাৰকৈ বাকচৰপৰা কণী সংগ্ৰহ কৰিব লাগে।
পাছ পালন:
প্ৰত্যক্ষ পদ্ধতিত গঁৰাললৈ কুকুৰা নিয়াৰ এমাহ পিছত মাছ পোনা মেলিব লাগে। পৰোক্ষ পদ্ধতিত পোনা মেলাৰ ১৫ দিন আগেয়ে প্ৰতি হেক্টৰত ৭৫০ কিলোগ্ৰাম(১০০ কিলোগ্ৰাম প্ৰতি বিঘা) হিচাপত ডিপলিটাৰ বা কুকুৰাৰ কেঁচা মল পুখুৰীত প্ৰয়োগ কৰিব লাগে। মাছৰ পোনা মেলাৰ পিছদিনাৰপৰাই প্ৰতি হেক্টৰত দৈনিক ৫০ কিলোগ্ৰাম(৬.৭ কিলোগ্ৰাম প্ৰতি বিঘাত) হিচাপত ডিপলিটাৰ হিচাপে পুখুৰীত প্ৰয়োগ কৰিব লাগে। চাংঘৰ পদ্ধতিত গঁৰালৰ তলিত জমা হোৱা মল মাজে-সময়ে ঘেদালি সিচঁৰিত কৰি দিব লাগে।
মাছ পালনৰ বাবে চূণ প্ৰয়োগ, গ্ৰাছ কাৰ্পৰ বাবে ঘাঁহৰ যোগান ধৰাৰ বাহিৰে অন্য সাৰ বা পৰিপূৰক খাদ্য যোগান ধৰিব নালাগে। পুখুৰীত পানীত মুগা চামনি পৰিলে তথা পানীৰ বেয়া গোন্ধ ওলালে কুকুৰাৰ মল প্ৰয়োগ কিছুদিনলৈ বন্ধ কৰি ৰাখিব লাগে।
কুকৰাৰ মল ব্যৱহাৰিক মূল্য-
সমন্বিত কুকুৰা আৰু মীন পালন পদ্ধতিত মাছ উৎপাদনৰ বাবে কুকুৰাৰ মলেই প্ৰধান সবল। এজনী কুকুৰাই দৈনিক ৬৫-৮০ গ্ৰাম মল ত্যাগ কৰে। অৰ্থাৎ এক হেক্টৰ পানীকালিৰ বাবে ৰখা ৬০০ জনী কুকুৰাই এবছৰত ১৪,২৩৫-১৭,৫২০ কিলোগ্ৰাম মল পুখুৰীলৈ প্ৰবাহিত কৰে। পুখুৰীত কুকুৰাৰ মল ব্যৱহাৰ কৰাৰ ফলত সাৰ আৰু মাছৰ পৰিপূৰক খাদ্যৰ বাবদ বছৰি ৪০,০০০-৫০,০০০ টকা ৰাহি হয়।
উৎপাদন আৰু অৰ্থনীতি-
সমন্বিত পদ্ধতিত এক হেক্টৰ পানীকালিৰপৰা বছৰি প্ৰায় ৪,৫০০ কিলোগ্ৰাম(৬০০ কিলোগ্ৰাম/বিঘা) মাছ, ১,২০,০০০ টা(১,৬০০/বিঘা) কণী আৰু গড়ে ৬৯০ কিলোগ্ৰাম(৯২ কিলোগ্ৰাম/বিঘা) কুকুৰাৰ উৎপাদন কৰোতে প্ৰায় ১২-১৮ টকা খৰচ পৰে আৰু বিনিয়োগ কৰা সঞ্চালন ব্যয়ৰ ওপৰত ৩৫-৪২ শতাংশ লাভ পোৱা যায়।
সমন্বিত কুকুৰা আৰু মাছ পালনৰ জৰিয়তে আমি যথেষ্ট লাভ পাব পাৰোঁ। এই পদ্ধতি অৱলম্বনৰ জৰিয়তে আমাৰ নিবনুৱাসকল আগবাঢ়ি আহিলে নিশ্চয়কৈ আমাৰ মাংস, কণী আৰু মাছৰ চাহিদা পূৰণৰ অলপ হ’লেও বৰঙণি আগবঢ়াব পাৰিব। লগতে নিবনুৱাসকলেও স্বনিৰ্ভৰশীল হ’ব পাৰিব।
লেখক: প্ৰতুল ডেকা, মীন উন্নয়ন বিষয়া, মীন বিভাগ
লগতে পঢ়ক-অসমৰ থলুৱা আলংকাৰিক মাছ আৰু ইয়াৰ সংৰক্ষণ