1. পশুপালন

ব্যৱসায়িক ভিত্তিত কেনেদৰে কৰিব বতা চৰাই পালন ?

KJ Staff
KJ Staff

বর্তমান সময়ত বতা চৰাইৰ ফার্ম বহুতো লোকে কৰা দেখা গৈছে আৰু লাভান্বিতও হৈছে ৷ বতা চৰাই ফাৰ্মিঙে  নিৱনুৱা যুৱক-যুৱতি সকলৰ ক্ষেত্ৰতো উপাৰ্জনৰ এক পথ সৃষ্টি কৰিছে । বজাৰৰ চাহিদা অনুসৰি বতা চৰাই পালন কৰি এক ভাল অংকৰ উপাৰ্জন লাভ কৰিব পাৰি ।

বতা চৰাইৰ শাৰীৰিক বৈশিষ্ট্যঃ

বতা চৰাই শাৰীৰিক গঠনত বৰ সৰু। ই ওখ প্ৰায় ১০-১৭ ছেন্টিমিটাৰ । ইয়াৰ সামান্য পৰিমাণত মাংস আৰু উজ্জ্বল সৰু কণীৰ কাৰণে পৃথিৱীৰ বিভিন্ন ঠাইত বতা চৰাই পালন কৰা হয় । দুমাহ বয়স হোৱাৰ পিছৰে পৰাই ই কণী পাৰিবলৈ আৰম্ভ কৰে ।

ধান, মাহ, সৰিয়হ, ফল-ফুল আদিৰ উপৰিও পোক-পৰুৱা আদি বতা চৰাই মুখ্য খাদ্য ।

বতা চৰাইৰ বৈজ্ঞানিক নাম- Coturnix Coturnix.

বতা চৰাইৰ ওজন প্ৰায় ৭০-১৪০ গ্ৰাম হয় ।

চৰাই বিধৰ গাৰ ৰং- মুগা, ক’লা, বগা, নীলা ।

চৰাই বিধৰ মতা-মাইকীৰ নিৰ্ধাৰণ কৰিবলৈ হ'লে আপুনি মন দিবলাগিব যে, বুকুত ৰেখা থাকিলে মাইকীআৰু ৰেখা নাথাকিলে মতা । মতাৰ তুলনাত মাইকী চৰাইজনী ডাঙৰ।

ব্যৱসায় ভিত্তিত পালনৰ বাবে আৱশ্যকীয় সা-সৰঞ্জাম –

সজা : ৫ ফুট দীঘল, ৩ ফুট বহল, ১ ফুট সজা এটা জালেৰে বনাব লাগিব । এনেকুৱা একোটা সজাত ৫০ টা বতা চৰাই ৰাখিব পাৰি।  প্ৰয়োজনীয়তা অনুসৰি কেবাটাও স্তৰ বনাব পাৰি ।

যদি পোৱালি উৎপাদন কৰিবলৈ হ'লে incubatorযন্ত্ৰৰ প্ৰয়োজন হ'ব । ইয়াৰ জৰিয়তে একেলগে বহুতো কণী জগাব পাৰি । অৱশ্যে মিনি incubator বজাৰত পোৱা যায় ।

কণীৰ উৎপাদনঃ

বতা চৰায়ে প্ৰথম বছৰত প্ৰায় ২৮০ টা কণী পাৰে। কিন্তু দ্বিতীয় বছৰৰ পৰা উৎপাদন কমি আহে। প্ৰায় ডেৰ বছৰ বয়স হ’লে ইয়াক মাংসৰ কাৰণে বিক্ৰী কৰিবৱ পাৰি ।

বতা চৰাই সৰু যদিও এযোৰ পাৰ চৰাইৰ তুলনাত এযোৰ বতা চৰাইৰ পৰা অধিক মাংস পোৱা যায়। সৰু ল’ৰা-ছোৱালী, গৰ্ভৱতী মহিলা, ৰোগীৰ কাৰণেও ই পুষ্টিকৰ খাদ্য ।

বতা চৰাইৰ কণীয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে । ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ উপৰিও মধুমেহ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। মুঠৰ ওপৰত আমি ইয়াকে ক’ব পাৰো যে শিশুৰ পৰা আৰম্ভ কৰি ৰোগী-নিৰোগী, বৃদ্ধ আদি সকলোৱেই বতা চৰাইৰ কণী খাব পাৰে ।

উপকাৰিতাঃ

বতা চৰাইৰ মাংস আৰু কণী শিশুৰ খাদ্য আৰু ৰোগীৰ অতি পুষ্টিকৰ । গৰ্ভৱতী মহিলাৰ কাৰণেও ই উপকাৰী । ১০ গ্ৰাম ৰন্ধা মাংসত- কেল’ৰি- ২২৭, চৰ্বি ১৪ গ্ৰাম, প্ৰ’টিন- ২৫ গ্ৰাম থাকে ।

বতা চৰাই পালন কৰাৰ সুবিধা-

  • ই যিহেতু সৰু চৰাই, সেয়েহে কম ঠাইতে ইয়াক পালন কৰিব পাৰি।
  • কম মূলধনৰ প্ৰয়োজন।
  • মহিলাসকলে সহজে ইয়াক পালন কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে।
  • পাঁচ সপ্তাহত ই বিক্ৰীৰ কাৰণে উপযুক্ত হয়।
  • কমদিনতে ই যৌৱনপ্ৰাপ্ত হয় আৰু ৬-৭ সপ্তাহত কণী পাৰিবলৈ আৰম্ভ কৰে।
  • কণী সৰু যদিও কুকুৰা কণীৰ দৰে একে মূল্যমানৰ।
  • খাদ্য তথা আনুষংগিক খৰচ কম কাৰণে অতি সামান্য মূলধনেৰে বতা চৰাইৰ ফাৰ্ম এখন খুলিব পাৰি।

লগতে পঢ়কঃ Ukraine Crisis:কণী আৰু কুকুৰা ৰপ্তানিৰ ক্ষেত্ৰত সুবৰ্ণ সুযোগ ভাৰতৰ

English Summary: How to Quail farming on a commercial basis?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.