Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 October, 2022 1:51 PM IST
কুকুৰাৰ বিষ্ঠাৰ পৰা পচন সাৰ প্ৰস্তুত

কুকুৰাৰ বিষ্ঠাৰ পৰা পচন সাৰ তৈয়াৰ কৰিবলৈ কাৰ্বন আৰু নাইট্ৰজেনৰ অনুপাত ১:২৫-৩০ ৰাখিবলৈ কুকুৰাৰ বিষ্ঠাৰ লগত আন জৈৱিক পদাৰ্থ মিহলি কৰিব লাগে । সাধাৰণতে কুকুৰাৰ বিষ্টাত যথেষ্ট পৰিমাণে নাইট্ৰজেন থাকে বাবে ইয়াৰ পৰা পোনে পোনে কেঁচু সাৰ প্ৰস্তুত কৰিব নোৱাৰি। নাইট্ৰজেন কেঁচুৰ বাবে বিষাক্ত বাবে নাইট্ৰজেনৰ পৰিমাণ কমাবলৈ আন জৈৱিক পদাৰ্থ মিহলি কৰিব লাগে।

ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠানৰ (ICAR) অন্তৰ্গত ভাৰতীয় পশু অনুসন্ধান প্ৰতিষ্ঠানৰ (IVRI) বৈজ্ঞানিক সকলৰ মতে তলত দিয়া ধৰণে কুকুৰাৰ বিষ্ঠা আৰু আন জৈৱিক পদাৰ্থ মিহলি কৰিব লাগে -

১। কুকুৰাৰ বিষ্ঠা ৫১ কেজি+ফলিয়া তুঁহ ৮৪.১৫ কেজি। (১০০+১৬৫ কেজি) (১:৩০)

২। কুকুৰাৰ বিষ্ঠা ১৩ কেজি+ গছৰ শুকান পাত ৪৬ কেজি (১০০+৩৫৩ কেজি) (১:২৫)

৩। কুকুৰাৰ বিষ্ঠা ১০০ কেজি+ ধান খেৰৰ টুকুৰা ১২৫ কেজি (১:২৫)

ওপৰৰ সামগ্ৰী খিনিৰ লগত ওৱেষ্ট ডিকম্পোচাৰ (Waste decomposer) বা কাঠফুলাৰ বীজ (Oyster mushroom seed) মিহলি কৰি ইয়াক প্ৰায় ৫০-৬০ দিনলৈ পচন কৰিব লাগে।

প্ৰস্তুত হোৱা পচন সাৰ খিনি পোনে পোনে কৃষি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি। অধিক উন্নত ফল পাবলৈ কুকুৰাৰ বিষ্ঠাৰ পৰা উৎপন্ন হোৱা পচন সাৰ খিনি পুনৰ কেঁচু সাৰ তৈয়াৰ কৰিব লাগে।

কুকুৰাৰ বিষ্ঠাৰ পৰা উৎপন্ন পচন সাৰৰ পৰা কেঁচু সাৰ প্ৰস্তুত-

কেঁচু এবিধ অ-মেৰুদণ্ডী প্ৰাণী। ইহঁতে মাটিত বাস কৰে। কেঁচু বিভিন্ন প্ৰজাতিৰ আছে। ইহঁতে মাটি আৰু জৈৱিক পদাৰ্থ খায়। কেঁচুৰ বিষ্ঠা উত্তম সাৰ। ইয়াক কেঁচু সাৰ বুলি কোৱা হয়। খেতি পথাৰত কেঁচুৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে বাবে কেঁচুক কৃষকৰ বন্ধু বুলি কোৱা হয়। প্ৰজাতি ভেদে ইহঁতে শৰীৰৰ ওজনৰ ৭৫-১০০ শতাংশ আহাৰ খায়। অৰ্থাৎ ১ গ্ৰাম ওজনৰ কেচু এডালে দৈনিক ৭৫০ মিলি গ্ৰামৰ পৰা ১ গ্ৰাম খাদ্য খায়। কেঁচুৰ জীৱন কাল ৪ মাহ। এই চাৰি মাহত ইহঁতে প্ৰতি মাহৰ মূৰে মূৰে কণী পাৰি বংশ বৃদ্ধি কৰে। কেঁচু সাৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে অষ্ট্ৰেলিয়াৰ প্ৰজাতি আইছেনিয়া ফেটিডা ( Eisenia fetida) নামৰ কেঁচু ব্যৱহাৰ কৰা হয়। এই প্ৰজাতিৰ কেঁচু অন্যান্য প্ৰজাতিৰ কেঁচুতকৈ অধিক উপযোগী।

কেঁচু সাৰ প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী-

১। কেঁচু

২। কেঁচুৰ বাবে খাদ্য - যেনে ৭-২০ দিন পুৰণি গৰু,  গাহৰি বা কুকুৰাৰ গোবৰ, আন জৈৱিক পদাৰ্থ যেনে ধান খেৰ, গছৰ শুকান পাত, কাগজ, কৃষিত বৰ্জিত পদাৰ্থ ইত্যাদি।

৩। কেঁচু সাৰ প্ৰস্তুত কৰিবলৈ বিছনা (Bed) - পকী চৌবাচ্চা (Concrete tank), প্লাষ্টিকৰ চৌবাচ্চা (Vermi bed) বা প্লাষ্টিকৰ চাদৰ (Plastic sheet)।

৪। কোৰ, বাল্টি, মগ ইত্যাদি।

৫। পানী।

কেঁচু সাৰ প্ৰস্তুত কৰা প্ৰণালী-

১। এটি ১২ ফুট দীঘল, ৪ ফুট বহল আৰু ২ ফুট উচ্চতাৰ চৌবাচ্চাৰ চলিত ২-৩ ইঞ্চি ডাঠকৈ গছৰ শুকান পাত বা চুটি চুটিকৈ কটা ধান খেৰৰ এটি তৰপ পাৰি দিব লাগে।

২। ধান খেৰৰ তৰপটোৰ ওপৰত ডেৰ ফুট আগতীয়াকৈ প্ৰস্তুত কৰা কুকুৰাৰ বিষ্ঠাৰ পচন সাৰ দিব লাগে। এনে চৌবাচ্চা এটাত প্ৰায় ১৫০০ কেজি সাৰ ধৰে।

৩। কুকুৰাৰ বিষ্ঠাৰ ওপৰত প্ৰায় ২০ কেজি কেঁচু সমান ভাবে এৰি দিব লাগে। কেঁচু বোৰ এৰি দিয়াৰ অলপ পিচতে কুকুৰাৰ বিষ্ঠাৰ ভিতৰত সোমাই যাব।

৪। কেঁচুৱে তীব্ৰ পোহৰ বেয়া পায় । আন্ধাৰ হে ভাল পায়। সেয়েহে কেঁচু এৰি দিয়াৰ পিছত বিষ্ঠাৰ ওপৰত ধান খেৰ, কলপাত বা পুৰণি মৰাপাতৰ বস্তাৰে এটি আৱৰণ দিব লাগে।

৫। ইয়াৰ পিছত সামগ্ৰী খিনিৰ ওপৰত পানী চতিয়াব লাগে।

৬। প্ৰতিদিনে বিষ্ঠাখিনিৰ আৰ্দ্ৰতা পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি পানী চতিয়াব লাগে।

৭। ৭০-৭৫ দিনৰ অন্তত ২০ কেজি কেঁচুৱে ১৫০০ কেজি বিষ্ঠা ভক্ষণ কৰি প্ৰায় ৬০০ কেজি সাৰ প্ৰস্তুত কৰে। এই সময়খিনিত কেঁচু বোৰে ওপৰৰ পৰা বিষ্ঠা ভক্ষণ কৰি তলি পায়গৈ।

৮। প্ৰস্তুত হোৱা কেঁচু সাৰ বোৰ সাৱধানে ওপৰৰ পৰা আতৰাই আনি চালনিৰে চালি সাৰ আৰু কেঁচু পৃথক কৰিব লাগে।

 

৭৫ দিনৰ অন্তত ২০ কেজি কেঁচুৰ পৰা বংশ বৃদ্ধি হৈ নুন্যতম ৪০ কেজি কেচু পোৱা যায়। কেঁচু সাৰ ব্যৱসায়িক ভাবে উৎপাদন কৰি কৰ্ম সংস্হাপন লাভ কৰিব পাৰি। জৈৱিক কৃষিৰ বাবে পচন সাৰ আৰু কেচু সাৰ অত্যাৱশ্যকীয়।

লগতে পঢ়ক-Manure from chicken Feces: কুকুৰাৰ বিষ্ঠাৰ পৰা সাৰ প্ৰস্তুত

কৰ্মশ্ৰী ডাঃ অম্বিকা ডেকা

পৰিচালক জিলা কুকুৰা পাম

জাৱজাৱকুছি, নলবাৰী, অসম

English Summary: Compost from poultry feces
Published on: 21 October 2022, 01:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now