1. পশুপালন

Manure from chicken Feces: কুকুৰাৰ বিষ্ঠাৰ পৰা সাৰ প্ৰস্তুত

RAHUL ALI
RAHUL ALI
Preparation of fertilizer from chicken feces               Source: Google
Preparation of fertilizer from chicken feces Source: Google

কুকুৰাৰ বিষ্ঠা যথেষ্ট সাৰ যুক্ত। ইয়াত অতি উচ্চ হাৰত নাইট্ৰজেন, ফচফৰাছ আৰু পটাছিয়াম থাকে। গতিকে যিকোনো কৃষিৰ বাবে কুকুৰাৰ বিষ্ঠা উপযোগী সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। উচ্চ হাৰত নাইট্ৰজেন থকা বাবে ইয়াক পোনে পোনে কৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে কুকুৰাৰ বিষ্ঠাৰ পৰা পচন সাৰ আৰু এই পচন সাৰৰ পৰা কেচু সাৰ প্ৰস্তুত কৰি প্ৰয়োগ কৰিলে অধিক সুফল পোৱা যায়।

বৰ্তমান সময়ত মানুহৰ আৰ্থ সামাজিক পৰিবৰ্তন আৰু স্বাস্থ্য সজাগতাৰ বাবে কুকুৰাৰ মাংস আৰু কণীৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ ফলত অসংখ্য বৃহৎ কলেৱৰৰ ব্ৰইলাৰ আৰু কণীৰপৰা কুকুৰাৰ পাম গঢ়ি উঠিছে। এই পাম সমূহৰ জৰিয়তে কৰ্ম সংস্থাপন হোৱাৰ লগতে কম খৰচতে মাংস আৰু কণী উপলব্ধ হৈছে।

বৰ্তমান ভাৰতত প্ৰায় ৩৪৩০ নিযুত কুকুৰা আছে আৰু ইয়াৰ পৰা প্ৰায় ৩.৩০ নিযুত টন কুকুৰাৰ বিষ্ঠা প্ৰতি বছৰে উৎপন্ন হয়। কুকুৰাৰ খাদ্য অতি উচ্চ প্ৰ'টিন যুক্ত হোৱা বাবে ইয়াৰ বিষ্ঠাত যথেষ্ট পৰিমাণে ইউৰিক এচিদ আৰু ইউৰিয়া থাকে। এই ইউৰিয়াৰ পৰা এমʼনিয়া  উৎপন্ন হৈ বায়ুমণ্ডলৰ লগত মিহলি হৈ বায়ুমণ্ডল প্ৰদুষিত কৰে আৰু ই জীৱকুলৰো যথেষ্ট ক্ষতি সাধন কৰে।

সাধাৰণতে কুকুৰাৰ বিষ্ঠাত ৪.৫৫-৫.৪৬% নাইট্ৰজেন, ২.৪৬-২.৮২% ফচফৰাছ, ২.০২-২.৩২% পটাছিয়াম, ৪.৫২-৮.১৫% কেলছিয়াম, ০.৫২-০.৭৩% মেগনেছিয়াম আৰু যথেষ্ট পৰিমাণে অত্যাৱশ্যকীয় খনিজ লৱণ থাকে। ইয়াৰ উপৰিও ২.২৬-৩.৬২% চেলুলজ, ১.৮৯-২.৭৭% হেমি চেলুলজ আৰু ১.০৭-২.১৬% লিগনিন থাকে। এই সমগ্ৰ বৰ্জিত পদাৰ্থবোৰ অনুজীৱ আৰু ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পচন কৰি অতি উচ্চ গুণসম্পন্ন জৈৱিক সাৰলৈ পৰিবৰ্তন কৰিব পাৰি।

কুকুৰা বিষ্ঠাত থকা নাইট্ৰজেনৰ ৬০% নাইট্ৰজেন ইউৰিক এচিদ হিচাপে থাকে। এই ইউৰিক এচিদ আৰু ইউৰিয়া উদ্বায়ী (Volatile) পদাৰ্থ। ইহঁতে এমʼনিয়া হিচাপে বায়ুমণ্ডললৈ উৰি গুচি যায় আৰু সাৰ হিচাপে কুকুৰাৰ বিষ্ঠাৰ গুণাগুণ হ্ৰাস পায়।

সেয়েহে উপযুক্ত সময়ত উপযুক্ত পদ্ধতিৰে কুকুৰাৰ বিষ্ঠা পচন কৰি এমʼনিয়া নিৰ্গমন ৰোধ কৰি পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ লগতে উন্নত মানদণ্ডৰ জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি।

কুকুৰাৰ বিষ্ঠাৰ পচন (Compost) প্ৰণালী

প্ৰয়োজনীয় সামগ্ৰী -

১। কুকুৰাৰ বিষ্ঠা

২। ধান খেৰ/ নাৰিকলৰ জাবৰ/ গছৰ পাত ইত্যাদি।

৩। অনুজীৱ Pleuritus sajo - caju (কাঠফুলাৰ বীজ - Oyster mushroom seed) ।

প্ৰণালী -

১। কুকুৰাৰ বিষ্ঠা আৰু সৰু সৰুকৈ কাটি লোৱা ধান খেৰৰ টুকুৰা ১:১.২৫-১.৫ অনুপাতত মিহলি কৰি ল'ব লাগে যাতে কাৰ্বন আৰু নাইট্ৰজেনৰ অনুপাত ১:২৫-৩০ হয়।

২। প্ৰতি টন মিশ্ৰণৰ বাবে ২৫০ গ্ৰাম কাঠফুলাৰ বীজ (৫ পেকেট) মিহলি কৰি দিব লাগে।

৩।  আটাইখিনি সামগ্ৰী ভাল দৰে মিহলি কৰি ছাঁ পৰা ঠাইত এটি ঢিপ (Heap) কৰি থʼব লাগে।

৪। উক্ত মিশ্ৰণটোত আৰ্দ্ৰতাৰ হাৰ ৫০-৬০% হ'ব লাগে। ।

৫। ঢিপটো ২১,৩৫ আৰু ৪২ দিনত ওলট পালত কৰি পুনৰ ঢিপ বনাই থʼব লাগে। প্ৰায় ৫০-৬০ দিনৰ অন্তত মিশ্ৰণটো সাৰলৈ পৰিবৰ্তন হ'ব।

গোটেই মিশ্ৰণৰটোৰ আয়তন ১/৩ অংশ হ'ব। মিশ্ৰণটো ক'লা ৰঙৰ হ'ব। মিশ্ৰণটোত কাৰ্বন আৰু নাইট্ৰজেনৰ অনুপাত প্ৰায় ১:১৩.২০% হ'ব। উক্ত সাৰত প্ৰায় ১.৮৯% নাইট্ৰজেন, ১.৮৩% ফচফৰাছ আৰু ১.৩৪% পটাছিয়াম থাকে।

মজিয়াত কুকুৰা পালন কৰিলে সাধাৰণতে ধানৰ ফলিয়া তুঁহ ব্যৱহাৰ কৰা হয়। গতিকে মজিয়া পদ্ধতিত কুকুৰা পালন কৰিলে বিষ্ঠাৰ লগত ধান খেৰ বা আন জৈৱিক পদাৰ্থ মিহলি কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পোনে পচন কাৰ্য কৰিব পাৰি।

উৎপাদিত পচন সাৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি। এনে পচন সাৰ কাঠফুলাৰ (Button mushroom) খেতিৰ বাবে অতি উত্তম। কুকুৰাৰ বিষ্ঠাৰ পৰা উৎপন্ন হোৱা পচন সাৰ পুনৰাই কেচু সাৰ তৈয়াৰ কৰিলে অধিক উপযোগী হয় আৰু অধিক ফচল লাভ কৰিব পাৰি।

লগতে পঢ়ক-Integrated farming: সমন্বিত হাঁহ আৰু মাছ পালন

লেখকঃ   কৰ্মশ্ৰী ডাঃ অম্বিকা ডেকা

পৰিচালক, জিলা কুকুৰা পাম

জাৱজাৱকুছি, নলবাৰী, অসম

English Summary: Preparation of fertilizer from chicken feces

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.