1. পশুপালন

কদকনাথ কুকুৰা পালন আপোনাৰ বাবে হ’ব পাৰে এক লোভনীয় ব্যৱসায়!

RAHUL ALI
RAHUL ALI
Kadaknath
Kadaknath

কদকনাথ কুকুৰা ভাৰতত অতি জনপ্ৰিয়। এই কুকুৰাৰ ৰং ক'লা। দ্বিতীয়তে, এই মুৰ্গীৰ মাংস অতি সুস্বাদু। ইয়াৰ উপৰিও, কণী অতি উচ্চ মূল্যত বিক্ৰী কৰা হয়। ইয়াৰ উপৰিও, উচ্চ পুষ্টিগত মূল্যৰ বাবে এই কুকুৰাৰ জনপ্ৰিয়তাও যথেষ্ট বেছি। সৰ্বোপৰি, এই কুকুৰাটো এতিয়া ভাৰতৰ হাৰ্টথ্ৰব। বহুলোকে এই মুৰ্গীৰ মাংস ক্ৰয় কৰে আৰু বহুলোকে এই কুকুৰাৰ ব্যৱসায়ো কৰে।

আমি আপোনাক কওঁ যে কদকনাথ কুকুৰা পালন আতিকৈ লাভজনক। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে নিজেই এই কদকনাথ কুকাৰৰ পালন কৰে।

কেনেকৈ আৰম্ভ কৰিব কদকনাথ কুকুৰা পালন?

কদকনাথ কুকুৰাৰ পালনৰ বাবে আপুনি প্ৰথমে এটা কুকুৰা ফাৰ্ম বনাব লাগিব। ঠাই নিৰ্বাচন এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিশ। মনত ৰাখিব লাগিব যে কদকনাথ কুকুৰাৰ পালনৰ বাবে যথেষ্ট ঠাইৰ প্ৰয়োজন।

ঠাই নিৰ্বচন কৰাৰ পিছত আপুনি মুৰ্গী কিনিব লাগিব। পোৱালি কিনাৰ সময়ত এইটো মনত ৰাখিব যে সেইটো স্বাস্হ্যকৰ হয়। কিয়নো কেৱল স্বাস্থ্যকৰ কুকুৰা ক্ৰয় কৰাৰ দ্বাৰা লাভান্বিত হ'ব। কদকনাথ কুকুৰা যিমানে স্বাস্থ্যকৰ হ'ব, আপুনি সিমানে উপকৃত হ'ব।

আপুনি কেনেকৈ জানিব যে কুকুৰা স্বাস্থ্যকৰ হয় নে নহয়?

আপুনি ক্ৰয় কৰা কুকুৰাটো স্বাস্থ্যকৰ হয় নে নাই বুজিবলৈ উপায় আছে। যদি কুকুৰাটো স্বাস্থ্যকৰ হয়, ই জঁপিয়াই দৌৰিব। আনহাতে, যদি কুকুৰাটো দুৰ্বল হয়, ই এনে নকৰিব। গতিকে কুকুৰা কিনাৰ সময়ত এই বস্তুবোৰ মনত ৰাখিব লাগে।

আৰু এটা কথা মনত ৰাখিব, যদি আপুনি কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে-তেনেহ'লে আপুনি নিয়ম অনুসৰি কুকুৰাবোৰক ভেকছিন দিব লাগিব। কদকনাথ কুকুৰাৰ পালনৰ ক্ষেত্ৰত নিয়মীয়াকৈ ভেকছিন দিয়াটো বাঞ্চনীয়।

আপুনি কদকনাথ কুকুৰা পালন কৰিব বিচাৰেনে কমেণ্ট বক্সত মন্তব্য কৰি আমাক জনাব

লগতে পঢ়ক-মহিলাসকলে ঘৰতে বতা চৰাই পুহি কিদৰে আত্মনিৰ্ভৰশীল হ’ব!

English Summary: Kadaknath Farming

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.