Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 21 October, 2024 6:10 PM IST
Winter Crop Farming Benefit

অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। কৃষিয়েই অসমৰ অৰ্থনীতিৰ মূল জীৱনী শক্তি। অসমৰ সামগ্ৰিক অৰ্থনীতিৰ ওত:প্ৰোত ভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। অসমত খাৰিফ আৰু ৰবি দুয়োটা তলৰ খেতি বাৰিষা আৰু খৰালি কৰা হয়।

সাধাৰণতে খাৰিফ শস্য বাৰিষা (এপ্ৰিলৰ পৰা অক্টোবৰলৈ) কালত কৰা হয়। এই খেতিয়ে ধান, মাহ মিলেট চয়াবিন ইত্যাদিৰ খেতিক সামৰি লয়। আনহাতে ৰবি শস্য খৰালি (অক্টোবৰৰ পৰা এপ্ৰিলৈ) কৰা হয়। খাৰিফ শস্যক মৌচুমী খেতিও বোলা হয় যিহেতু  মৌচুমী বায়ু আগমনৰ লগে লগে এই খেতি আৰম্ভ হয়। অসমত ৰবিশস্যই শাক-পাচলি, আলু, মটৰ, গম, সৰিয়হ আদিৰ খেতিক সামৰি লয়।

বাৰিষা কালত কৰা খেতিতকৈ ৰবি শস্য অৰ্থাৎ খৰালি কালৰ খেতিৰ অসমত যথেষ্ট সুবিধা থকা দেখা যায়। যিহেতু অসম এখন নদীমাতৃক ৰাজ্য, আৰু ইয়াত বৰষুণৰ পৰিমাণ বেছি হোৱাৰ বাবে মৌচুমী বায়ু সদায় খেতিৰ বাবে অনুকুল নহয়। বিশেষকৈ মৌচুমী বায়ুৰ প্ৰভাৱত অসমত বৰুষুণৰ পৰিমাণ সঘনাই বেছি বা কম হৈ বাৰিষাৰ খেতি প্ৰায়ে নষ্ট হয়। যাৰ ফলত খেতিয়কে খাৰিফ শস্য খেতিত লোকচান ভৰে। এই লোকচান পূৰণ কৰিবৰ বাবে অসমৰ খেতিয়ক সকলে ৰবিশস্যক বিকল্প খেতি হিচাপে গ্ৰহণ কৰিব পাৰে। কিয়নো বাৰিষা কালৰ খেতিৰ সমান ইয়াত বিশেষ কষ্টকৰিব নালাগে। যিহেতু বৰষুণৰ সমস্যা বা বান পানীৰ সমস্যা নেথাকে,ৰবি শস্যক সহজেই সকলো শ্ৰেণীৰ খেতিয়কে কৰিব পাৰে। ৰবিশস্যৰ প্ৰাৰম্ভিক ব্যবস্থা খিনি কৰি লব পাৰিলে অসমত এই খেতিয়ে গ্ৰাম্য উদ্যমিতা বিকাশৰ পথ সহজ কৰি তুলিব।

ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত কৃষিৰ অংশ ১৫% হ্ৰাস পাইছে যদিও মুঠ কৰ্মশক্তিৰ আধা অংশই কৃষিত নিয়োজিত। সেয়ে প্ৰধান মন্ত্ৰীয়ে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত কৃষি খণ্ডৰ লগত নিয়োজিত সকলোকে ভাৰতৰ কৃষিক উৎপাদনশীল, লাভজনক,প্ৰতিযোগিতামূলক,বৈচিত্ৰধৰ্মী আৰু ৰহনক্ষম অবস্থালৈ উন্নীত কৰি খাদ্য সুৰক্ষাৰ লগতে কৃষিক এক নতুন মাত্ৰা দিবলৈ সকলোকে আহবান কৰিছে।

সেয়ে অসমতো বাৰিষাৰ খেতিৰ লগে লগে ৰবিশস্যৰ খেতিৰো চাহিদা বাঢ়িছে। কৃষিবিজ্ঞান কেন্দ্ৰ সমূহৰ সমীক্ষা অনুসৰি এটা কথা প্ৰতীয়মান হৈছে যে দুয়োটা ঋতুৰ খেতিৰ ভিতৰত ৰবি শস্যৰ খেতিৰ প্ৰচুৰ সম্ভাৱণীয়তা দেখা গৈছে। কিয়নো অসমত খৰালি বতৰত বৰষুণ একেবাৰে পাতল, আদ্ৰতাৰ পৰিমাণে অতিসীমিত, কীট-পতঙ্গ আৰু কৃষিৰোগৰ পৰিমাণ কম, অপতৃণৰ পৰিমান সীমিত, সূৰ্য্যৰ ৰশ্মি দৈৰ্ঘ্যতা কম, বানপানী মুক্ত, খেতি নাশ হোৱাৰ অৱকাশ সীমিত আদি উপাদানৰ বাবে ৰবি শস্য উৎপাদনত যথেষ্ট সহায়ক হয়। সেয়ে ক্ষুদ্ৰ খেতিয়ক সকলেও সীমিত সংখ্যক মাটিত এই খেতি নিশ্চিত কৰি লাভ অৰ্জন কৰিব পাৰে। ইয়াৰ উপৰিও ৰবি শস্যই সৰিয়হ, বাও ধানৰ খেতিৰ উপৰিও শাক-পাচলি ফলমূলৰ খেতি সামৰি লয় বাবে ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰটো ৰবি শস্যৰ চাহিদা যথেষ্ট আছে।

লগতে পঢ়ক- 

পলিহাউচ আৰু সমন্বিত পদ্ধতিৰে গাহৰি আৰু মীন পালন কৰি স্বাৱলম্বী সীমান্ত গগৈ

বৰ্তমান খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন কৃষি আচনিৰ সহায়ত অতিৰিক্ত খেতিৰ অঞ্চল ৰবি শস্যৰ আওঁতালৈ আনিবলৈ প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰিছে। NFSM( National Food Security Mission) আৰু RKVY ( Rastriya Krishi Vikas Yojona) এই দুয়োখন আচনিয়ে কৃষিৰ ক্ষেত্ৰত এক পৰিবৰ্তন আনিব বুলি আশা কৰা হৈছে।

কৃষক সকলৰ সজাগতা আৰু উদ্যামিতাই অসমৰ ৰবি শস্যৰ ক্ষেত্ৰখনৰ বৈপ্লৱিক পৰিবৰ্তন আনবলৈ সক্ষম হ’ব যদিহে চৰকাৰৰ সৌজন্যত ৰবি শস্যৰ বাবে গুণগত জলাসঞ্চনৰ ব্যৱস্থা, শস্যৰোপনৰ আগৰ আৰু শস্য চপোৱাৰ পিছৰ ব্যৱস্থাৰ পৰিচালনা সঠিক হয়, নতুন কৃষি কাৰিকৰী ব্যৱস্থাৰ প্ৰবৰ্তন, আৰু কেচাসামগ্ৰীৰ যোগান আৰু অত্যাধিক বিক্ৰি ব্যৱস্থা শীতলীকৰন, মজুত কৰাৰ ব্যৱস্থাৰ আদি আচল অৰ্থত প্ৰয়োগ কৰা হয়।

ৰবি শস্যৰ ক্ষেত্ৰত ‘বাছনিমূলক ক্ষেত্ৰ’ ব্যৱস্থাৰ জৰিয়তে সম্ভাৱনাৰপূৰ্ণ ৰবি শস্য সমূহৰ খেতিৰ প্ৰসাৰে গ্ৰাম্য, ক্ষুদ্ৰ কৃষক সকলক খাদ্য শস্য উৎপাদনত আত্ম নিৰ্ভৰশীল কৰি তুলিব বুলি আশা কৰিব পাৰি,এই ক্ষেত্ৰত কৃষক সকলৰ সিদ্ধান্ত গ্ৰহণত প্ৰত্যক্ষ অৰ্ন্তভুক্তি আৰু সহযোগ-সজাগতা অতিকে আবশ্যক হ’ব। ইয়াৰ উপৰিও কৃষি সম্প্ৰসাৰণ বিষয়াৰ ভূমিকা, কৃষি ঋণ ব্যৱস্থাৰ প্ৰসাৰ, বহুমুখী সমবায় ব্যৱস্থাৰ উন্নয়ন, বজাৰ ব্যৱস্থাৰ উন্নয়নে অসমৰ ৰবি শস্যৰ কৃষক সকলক উপকৃত কৰিব।

° মৃন্ময়ী ভট্টাচাৰ্য্য

সহযোগী অধ্যাপিকা

অৰ্থনীতি বিভাগ

পশ্চিম গুৱাহাটী মহাবিদ্যালয়

ধাৰাপুৰ- ৭৮১০১৭

লগতে পঢ়ক-

যোৰহাট জিলাৰ এগৰাকী আদর্শ মহিলা কৃষক তথা সমাজকৰ্মীৰ কাহিনী

 

English Summary: Winter Crop Farming Benefit
Published on: 21 October 2024, 06:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now