ভাৰতবৰ্ষৰ কৃষক সকলৰ দুৰ্দশা সকলো সময়তে আমি প্ৰত্যক্ষ কৰি আহিছো । তেওঁলোকৰ দুৰ্দশা সৰ্বকালৰ সৰ্বোচ্চ স্তৰত থাকে । এনে ক্ষেত্ৰত কৃষক সকলৰ উৎপাদন বৃদ্ধিৰ বাবে আটাইতকৈ প্ৰয়োজনী হৈ পৰিছে উপযুক্ত এক কৃষি প্ৰণালী আৰু যি প্ৰণালীয়ে মাটিৰ উৎপাদন ক্ষমতাও সকলো সময়তে অতুত ৰাখিব পাৰে ।
পৰম্পৰাগত কৃষি প্ৰণালীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই প্ৰৱন্ধটিত ৰাজস্থানৰ জনজাতীয় এলেকাৰ কৃষি প্ৰণালীৰ বিষয়ে আলোচনা কৰা হৈছে । ৰাজ্যখনৰ জনজাতীয় এলেকাৰ লোকসকলে পৰম্পৰাগত ভাৱে এনে এটা কৃষি পদ্ধতি ব্যৱহাৰ কৰি আহিছে, যাৰ কৃষিৰ কৌশলবোৰ অধিক বহনক্ষম ।
ৰাজস্থানৰ জনজাতীয় লোক সকলে উৎপাদন বৃদ্ধিৰ বাবে মাহ জাতীয় শস্যৰ খেতিৰ ওপৰত অধিক অগ্ৰাধিকাৰ দি আহিছে । ৰাজ্যখনৰ জনজাতীয় লোক সকলে বছৰৰ ফেব্ৰুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত মাহ জাতীয় শস্য ৰোপণ কৰা দেখা যায় । তেওঁলোকে বিশ্বাস কৰে যে, এই সময়ছোৱাত মাহ জাতীয় শস্যৰ খেতি কৰিলে কেৱল মাটিৰ উৰ্বৰতা ধৰি ৰখাই নহয়, ইয়াৰ দ্বাৰা লাভজনক উৎপাদন লাভ কৰিব পাৰি ।
ৰাজস্থানৰ জনজাতীয় কৃষকসকলে মুখ্যতঃ মাহজাতীয় শস্যৰ খেতি কৰে, কিয়নো এই শস্যবোৰে মানুহৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে সেই শস্যত প্ৰ'টিন অধিক থাকে । তদুপৰি শস্যৰ অৱশিষ্টবোৰ পশুৰ পশুখাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে ৰাজ্যখনৰ জনজাতীয় খেতিয়ক সকলে ।
এই শস্যৰ খেতিৰ বাবে জলসিঞ্চনৰ সুবিধা উপলব্ধ হোৱাতো অতি প্ৰয়োজন। তেওঁ লোকৰ হ্ৰস্বম্যাদী শস্যৰ বাবে বীজ ৰোপণ প্ৰক্ৰিয়া ফেব্ৰুৱাৰীত আৰম্ভ হয় আৰু মে' মাহৰ ভিতৰত অব্যাহত থাকে । বাৰিষা অহাৰ পিছত জুনত খৰিফ শস্য ৰোপণৰ বাবে ভূমি প্ৰস্তুত কৰে ।
ৰাজস্থানৰ জনজাতীয় খেতিয়ক সকলে এইধৰণৰ শস্যৰ খেতিৰ বাবে জলসিঞ্চনৰ সুবিধা আৰু যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে । তদুপৰি তেওঁলোকে শস্য চপোৱাৰ সময়ত MSPত উৎপাদিত ফচল ক্ৰয় নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব দি আহিছে । এই সময় ছোৱাত খেতি কৰিবৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উন্নত মানদণ্ডৰ বীজৰ যোগান নিশ্চিত কৰা ।
লগতে পঢ়কঃ আকৌ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য; ক'ত কিমান টকা হ'ল...