Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 5 September, 2024 5:30 PM IST
Ridge Gourd Farming New Technique

কৃষক বন্ধুসকল আহি আছে শীতকালীন শস্যৰ খেতিৰ বতৰ। পথাৰবোৰ বা মাটিবোৰ বৰষুণৰ পৰিমাণ কমি অহাৰ লগে লগেই শীতকালীন শস্যৰ খেতি আৰম্ভ কৰিব। কিন্তু এটা দুখৰ কথা যে ধান খেতি কৰাৰ দৰে অসমীয়া অধিকাংশ কৃষক ৰাইজে শীতকালীন শস্যৰ খেতি নকৰে। ধান খেতিত ৰদে-বৰষুণে কষ্ট কৰাৰ দৰে শীতকালীন শস্যৰ খেতিত কষ্ট নকৰিলেও ধান খেতিতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব আমাৰ কৃষকসকলে। কিন্তু এই কথাটো বুজি নাপায় অসমীয়া অধিকাংশ কৃষকৰাইজে। তদুপৰি তদুপৰি বছৰটোত এটা খেতি কৰিয়েই বাকী সময়খিনি অসমীয়া কৃষক ৰাইজে পেলায় ৰাখে। বাৰু যিকি নহওঁক।

লগতে পঢ়ক- 

খেতি আৰম্ভ কৰাৰ ছমাহৰ পৰাই ২০-২৫ বছৰলৈ একেৰাহে উপাৰ্জন কৰক

কৃষক বন্ধুসকল আহি আছে আগতীয়া কেৰেলা খেতিৰ সময়। গতিকে কেৰেলা খেতি কৰিম বুলি ভবা কৃষকসকলে এতিয়াৰ পৰা সাজু হোৱাৰ সময় আহি পৰিছে। পাৰিলে এতিয়াই টেক্টৰ বা গৰুৱে দুই এছাহ হাল বাই থলে ভাল হ’ব। কেৰেলাতলীত গোৱৰ দিবৰ বাবে গোৱৰ ক’ত পাব তাৰো ঠিক-ঠাক কৰি লওঁক। পুলিবোৰ ৰোপন কৰা সময়ত বা খুলিত গুটি দিয়াৰ সময়ত কেঁচুসাৰ অলপ দিব পাৰিলে ভাল। তাৰবাবেও পাৰিলে আমাৰ কৃষকসকলে চিন্তা কৰক। দাম বেছি হ’লেওঁ ভাল জাতৰ গুটিৰ ওপৰত অধিক গুৰুত্ব দিব। অসমৰ জলবায়ু উপযোগী কেইটামান কেৰেলাৰ বীজ এনেধৰণৰ- মনচুন মর্ণাক , লংগ্রীণ , মনচুন , কইম্বাতুৰ লং। এইকেইটাৰ ওপৰি বহু কোম্পানীৰ উন্নত মানৰ কেৰেলাৰ জাত আছে। অধিক জানিবৰ বাবে পূৰ্বে কেৰেলা খেতি কৰা অভিজ্ঞ ব্যক্তি বা কৃষি বিষয়াৰ লগত এই সন্দৰ্ভত পৰামৰ্শ লওঁক।

মাটি নির্ব্বাচন :

কেৰেলা খেতিৰ বাবে পানী জমা নোহোৱা ওখ আৰু প্ৰচুৰ পৰিমাণ জৈৱিক সাৰ থকা মাটি উপযোগী।

প্ৰস্তুতি :

৩-৪ চাহ হাল বাই, মৈ মাৰি মাটিখিনি গুৰি কৰি শুকুৱাই শাৰী শাৰীকৈ শৃংখলাবদ্ধভাৱে পুলি ৰুবৰ বাবে বা গুটি দিবৰ বাবে খুলিবোৰ মাৰিব লাগে। মাটিত বগাই যোৱা কেৰেলাৰ বাবে শাৰী আৰু পুলিবোৰৰ মাজৰ দূৰত্ববোৰ অভিজ্ঞ ব্যক্তিৰ পৰা জানি ল’ব। খুলিবোৰ মৰাৰ পাছতে ৫-৬ কেজিকৈ একোটা খুলিত শুকান গোৱৰ দিব লাগে আৰু মাটিৰ সৈতে মিহলি কৰি শুকাবলৈ দি দুই এদিনৰ পাছত পুলিটো বা বীজটো ৰোপন কৰিব লাগে। এটা খুলিত দুটা বীজ বা দুটা পুলি দিব পাৰে।

সিঁচাৰ সময় :  

অক্টোবৰ-নবেম্বৰ

জলসিঞ্চন

শুকান অথবা খৰাং অৱস্থাত ৮-১০ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে । যিসকল কৃষকৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই তেওঁলোকে পানীৰ ব্যৱস্থা কৰি লব। কেৰেলা খেতিৰ বাবে পানী অত্যন্ত জৰুৰী।

লগতে পঢ়ক- 

New Robi Crop : ছেপ্তেম্বৰ-অক্টোৱৰতে কৰিব পৰা কেইবিধমান নতুন শস্য

 

English Summary: Ridge Gourd Farming New Technique
Published on: 05 September 2024, 05:29 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now