Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 October, 2022 2:03 PM IST
Pointed Gourd

পটল হৈছে এক জনপ্ৰিয় গ্ৰীষ্মকালীন পাচলি। ই কুকুৰ্বিটেচিয়া পৰিয়ালৰ এটা পাচলি যাৰ ইংৰাজী নাম Pointed gourd আৰু বৈজ্ঞানিক নাম Trichosanthes dioica। গ্ৰীষ্ম আৰু বৰষুণৰ বতৰত পাচলিৰ অভাৱ হ'লে পটলে আটাইতকৈ গুৰুত্বপূৰ্ণ পাচলি  হিচাপে কাম কৰে। পটলৰ উৎপাদন প্ৰতি হেক্টৰত ৪ টনৰ পৰা ১৫ টনলৈকে হয়। ইয়াৰ উপৰিও, বজাৰত এই পাচলিবিধৰ উচ্চ চাহিদাৰ বাবে, কৃষকসকলে পটল খেতিৰ দ্বাৰা লাভান্বিত হয়।

ভূমিৰ প্ৰস্তুতিঃ

এবাৰ মাটি ভালদৰে চহাই দুই তিনি বাৰ হাল বাই ৰোপণৰ বাবে নলা বা গাত খান্দি তাত কাৰ্বনিক সাৰৰ সম্পূৰ্ণ মাত্ৰা আৰু ৰাসায়নিক উৰ্বকৰ আৰম্ভনিতে ভূমিত মিলাই দিয়ক।

পুলি ৰোপণৰ সময়ঃ

পুলি ৰোপনৰ উপযুক্ত সময় অক্টোবৰৰ পৰা জানুৱাৰী হয়।

পুলি ৰোপণৰ দূৰত্বঃ

এটা ভাগৰ আনটো ভাগৰ দূৰত্ব এক মিটাৰ আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব ৫০ ছেঃ মিঃ ৰাখক।

সাৰ আৰু উৰ্বৰকঃ

৫ টন গেলা গোবৰৰ সাৰ বা কম্পোষ্ট ৭০ কিঃ গ্ৰাঃ ডাই এমোনিয়াম ফচফেটৰ লগত ৩২ কিঃ গ্ৰাঃ  পটেছিয়াম ছালফেট প্ৰতি একৰৰ ভূমিত মিলাই দিয়ক। তাৰ পিছত ইউৰিয়া ৰোপণৰ ২০-২৫ দিনৰ ভিতৰত দুবাৰত টপ দ্ৰেচিং কৰকআৰু ৩২ কিঃ গ্ৰাঃ পটেছিয়াম ছালফেটৰ টপ দ্ৰেচিং ৰোপণৰ তিনি মাহ দিয়ক।

ট্ৰেনিংঃ

ফচলৰ লতাক চাং পাতি বাঢ়িব দিলে ফচলৰ গুণগত আৰু উৎপাদন বাঢ়ি যায়, গতিকে পটলৰ খেতি চাং পাতি কৰিব লাগে।

চাফ চিকুনঃ

ফচলৰ সম্পূৰ্ণ জীৱন চক্ৰ অপতৃণনাশক মুক্ত হ’ব লাগে। ফচলৰ আৰম্ভনি অৱস্হাতেই পেলাই দিব লাগে যাতে কাম পূৰ্ণ কৰিব পাৰে।

সিঞ্চনঃ

পটলৰ ফচল শৰদ ঋতুত ৮-১০ দিন গ্ৰীষ্ম ঋতুত ৪-৫ দিনৰ দিনৰ অলপ সিঞ্চনৰ দৰকাৰ হয়।

কীট নিয়ন্ত্ৰনঃ

ৰঙা কটু বীটলঃ এই কীটৰ প্ৰকোপ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ মধ্যত হয়। নিয়ন্ত্ৰণৰ বাবে কাৰ্বৰিল ১ মি. লি. পানীৰ লগত মিহলাই ছটিয়াই দিয়ক।

ব্লিষ্টাৰ বীটলঃ

এইটো কীটে ফুলক খাই। ইয়াৰ নিয়ন্ত্ৰণৰ বাবে কাৰ্বৰিল ১০ কিঃ গ্ৰাঃ প্ৰতি একৰ দৰেৰে প্ৰয়োগ কৰক।

গুটি আৰু ডাল ছেদকঃ

এই কীটৰ নিয়ন্ত্ৰণৰ বাবে কিউনল ফচ বা মিথাইল পেৰাথিয়ান বা ফচফেমিডন ১ মি.লি প্ৰতি লিটাৰ পানীত মিহলাই ছটিয়াই দিয়ক।

ৰোগ ব্যাধি নিয়ন্ত্ৰণঃ

পাত পৰি যোৱা

১.৫ গ্ৰাম প্ৰতি লি. পানীৰ দৰেৰে কাৰ্বডাজিম ১০ দিনৰ অন্তৰালত ছটিয়াওঁক।

চিঙাঃ

পুলি ৰোপণৰ ৩-৪ মাহ পিছত চিঙা কাম আৰম্ভ হৈ যায়।

উৎপাদনঃ

৫০ ৰ পৰা ৬০ কুইণ্টল প্ৰতি একড়ত হয়।

লগতে পঢ়ক-নাৰিকল খেতি সন্দৰ্ভত জানিবলগীয়া গুৰুত্বপূৰ্ণ কথাবোৰ

English Summary: Pointed Gourd Farming (1)
Published on: 11 October 2022, 02:01 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now