Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 July, 2022 4:08 PM IST
Organic farming

কৃষি, পশুপালন আৰু মীন পালনত জৈৱিক প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা আৰু জৰুৰীতাৰ সম্পৰ্কে আলোচনা আৰম্ভ কৰিবলৈ আমি প্ৰথমে আমাৰ বৰ্তমানৰ কৃষি পদ্ধতিৰ অৰ্থাৎ বৃহৎ সংখ্যক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ, ফলত হোৱা বিভিন্ন অসুবিধা আৰু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে বিশ্লেষণ কৰিব লাগিব।

সেই সময়ত, যেতিয়া ৰাসায়নিক সাৰ প্ৰৱৰ্তন কৰা হৈছিল, হয়তো এতিয়াৰ পৰা ২০ বছৰ মান আগতে হ'ব পাৰে,  তেতিয়া উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে অতি কম পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ অধিক দৃঢ়তাৰে জনোৱা হৈছিল বা প্ৰেৰণা দিয়া হৈছিল। তাৰ আগতে ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ বিষয়ে কোনো ধাৰণা নাছিল আৰু জৈৱিক গোবৰ ব্যৱহাৰ কৰি প্ৰাকৃতিকভাৱে কৃষি কৰ্ম কৰি অহা হৈছিল। উৎপাদন কম আছিল যদিও মাটিৰ উৰ্বৰতা ভাল আছিল আৰু সকলো শস্যৰে গুণগত মান আছিল আকৰ্ষণীয় শস্যৰ সোৱাদ, আকাৰ, ৰং আৰু প্ৰচুৰ পৰিমানত আমাৰ দৰকাৰী খনিজ পদাৰ্থৰ পৰিমাণ মজুত আছিল।

সময়ৰ লগে লগে সেই সকলোবোৰ ৰাসায়নিক সাৰৰ বিৰূপ প্ৰভাৱৰ বাবে মাটিত উৰ্বৰতা হ্ৰাস পাবলৈ ধৰে। ৰাসায়নিক সাৰৰ বিভিন্ন ক্ষতিকাৰক উপাদানসমূহে বিভিন্ন দিশত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। ফলত ৰাসায়নিক সাৰৰ পৰিমাণ বৃদ্ধি কৰি উন্নত উৎপাদন লাভ কৰিব লাগীয়া হল। য'ত প্ৰয়োজন আছিল সৰ্বাধিক ৫ কিলোগ্ৰাম প্ৰতি বিঘা মাটিত, ব্যাপকভাৱে বৃদ্ধি পাই হৈছে প্ৰায় ১০০ কিলোগ্ৰাম প্ৰতি বিঘা , কিছুমান এলেকাত ই প্ৰতি বিঘাই ১৫০ কিলোগ্ৰাম হ'ব পাৰে, ক্ষেত্ৰ প্ৰতিবেদন অনুসৰি।

ৰাসায়নিক সাৰৰ অত্যধিক পৰিমাণৰ ব্যৱহাৰৰ বাবে যদিও উৎপাদন বৃদ্ধি পায় বিভিন্ন বিৰূপ প্ৰভাৱ পোৱা যায়। ভূমিত বিভিন্ন জীৱৰ উপস্থিতি হ্ৰাস কৰি পেলোৱা হৈছে। ভূমিৰ উৰ্বৰতা আৰু গুণগত উৎপাদনৰ বাবে এই জীৱবোৰ অতি প্ৰয়োজনীয়। কিন্তু দীৰ্ঘদিন ধৰি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা মাটিত ইয়াৰ জনসংখ্যা হ্ৰাস পায়।

ৰাসায়নিক দ্ৰব্যৰ ফলত মাটি কঠিন হৈ পৰে আৰু পানী ধৰি ৰাখিব নোৱাৰে। কঠিন ভূমিত শিপাৰ বিকাশ নহয়। শিপাবোৰ সঠিকভাৱে বাঢ়িব নোৱাৰে। শিপাই গছজোপাৰ সঠিক পুষ্টি লাভ কৰাত সহায় কৰে। শিপাৰ সঠিক বিকাশ হ'ব নোৱাৰাৰ বাবে উদ্ভিদৰ প্ৰাকৃতিক বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান কম থাকে। উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাই বিভিন্ন ৰোগৰ দ্বাৰা প্ৰভাৱিত হয় আৰু দুৰ্বল হৈ পৰে। উদ্ভিদৰ প্ৰতিৰোধ ক্ষমতা অতি কম হয় ফলত বিভিন্ন প্ৰাকৃতিক পৰিস্থিতিত ক্ষতি হয় যেনে অত্যধিক তাপ, বৰষুণ, পানী  আদি হলে।

শিপা বৃদ্ধি নোহোৱাৰ বাবে ফুল ,ফল, শস্যৰ সংখ্যাও অতি কম হয়। অত্যধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটিত খনিজ পদাৰ্থ সমূহ ক্ষয় হয়। ফলত শস্যৰ ফলৰ আকাৰ,  ৰং,  সোৱাদ মানদণ্ড কম হয়। ৰাসায়নিক সাৰৰ অত্যধিক ব্যৱহাৰৰ বাবে শস্যৰ বিশেষ সোৱাদ নাথাকে। শস্যৰ দীৰ্ঘতাও বেয়াকৈ প্ৰভাৱিত কৰে। আমি এই শস্যবোৰ সংৰক্ষণ কৰিব নোৱাৰো, ইহঁত গলিবলৈ আৰম্ভ কৰে আৰু অতি কম সময়ৰ ভিতৰতে ক্ষতিগ্ৰস্ত হয়। আমি এই শস্যবোৰত আমাৰ সুস্থ স্বাস্থ্যৰ বাবে উপকাৰী কোনো খনিজ পদাৰ্থ নাপাওঁ। বৰঞ্চ শস্যত থকা এই সকলোবোৰ ৰাসায়নিক অৱশিষ্টই আমাৰ স্বাস্থ্যত বেয়াকৈ প্ৰভাৱ পেলায় আৰু আমাৰ শৰীৰত বহুতো ৰোগ বিকশিত হ’বলৈ আৰম্ভ কৰে। মানুহৰ শৰীৰত এতিয়া সাধাৰণ হৈ পৰা বহুতো ৰোগ মাটিত এই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ আগতে আমাৰ সমাজত অতি বিৰল আছিল। ৰাসায়নিক সাৰ ভিত্তিক কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আৰম্ভ কৰাৰ লগে লগে বিভিন্ন ৰোগ আমাৰ স্বাস্থ্যৰ অংশ হৈ পৰে। আমি দীৰ্ঘদিন ধৰি ক্ৰমান্বয়ে খাই থকা বিভিন্ন শস্যত থকা ৰাসায়নিক অৱশিষ্টৰ বাবেই এনেকুৱা হয়।

ৰাসায়নিক সাৰ ভিত্তিক কৃষিয়ে বিভিন্ন দিশত বেয়াকৈ প্ৰভাৱ পেলাইছে। প্ৰথমতে আমাৰ মাটিৰ উৰ্বৰতা হেৰুৱাই পেলাইছো। উৎপাদিত শস্যৰ মানদণ্ড অতি নিম্নমানৰ আৰু ইয়াৰ আমাৰ স্বাস্থ্যৰ বাবে কোনো উপকাৰী পুষ্টিকৰ উপাদান নাই বৰঞ্চ সেই শস্যসমূহত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট থাকে। অধিক উৎপাদন পাবলৈ খৰচ দিনে দিনে বৃদ্ধি পায়।

নিম্নমানৰ শস্য, অধিক ব্যয় আৰু ভূমি ক্ষতিৰ উৰ্বৰতা। দ্বিতীয়তে আমি বিভিন্ন ৰোগ আমাৰ হৈছে যিয়ে মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। ই এতিয়া আমাৰ সুস্বাস্থ্যৰ বাবে  এক ডাঙৰ চিন্তাৰ বিষয়।

ওপৰত উল্লেখ কৰা তথ্যসমূহ বিবেচনা কৰিলে আমি  মানি ল’ব লাগিব যে আমি এটা ভুল কৃষিৰ দিশে আগবাঢ়িছো যাৰ কোনো ইতিবাচক প্ৰভাৱ নাই আৰু কৃষিৰ এই পদ্ধতি সলনি কৰাৰ প্ৰয়োজন আছে। আমি আমাৰ প্ৰাচীন কৃষি পদ্ধতি অৰ্থাৎ জৈৱিক প্ৰক্ৰিয়ালৈ সলনি হ’ব লাগিব। জৈৱিক প্ৰক্ৰিয়াত আমি আমাৰ মাটিৰ উৰ্বৰতা ৰক্ষা কৰিব পাৰো , উন্নত মানৰ শস্য উৎপাদন কৰিব পাৰো আৰু জৈৱিক খাদ্য খাই সুস্থ জীৱন ৰক্ষা কৰিব পাৰো।

লগতে পঢ়ক-Azola: ধান উৎপাদন বৃদ্ধিত কিদৰে সহায়ক আজোলা?

প্ৰদ্যুম্ন ঠাকুৰীয়া

জৈৱিক কৃষি সজাগতা

ধন্বনতৰী ডিষ্ট্ৰীবিউতৰ প্ৰাইভেট লিমিটেড

৯৮৬৪৪৪৭৪৪৭

English Summary: Organic Farming: Needs and Possibilities
Published on: 11 July 2022, 04:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now