Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 9 April, 2025 6:12 PM IST
Kingchilli with Papaya Farming

বৰ্তমান সময়ত অসমৰ বহু  কৃষকে ভোট জলকীয়াৰ খেতি কৰে। বৰ্তমান অসমৰ ৫-৬ খন জিলাৰ কৃষকে প্ৰতিখন জিলাত ১০০০ ৰো অধিক বিঘাকৈ ভোট জলকীয়া খেতি কৰিছে। কিন্তু এইবাৰ আন বহু কৃষকৰ পৰা ব্যতিক্ৰম পদ্ধতিত ভোট জলকীয়াৰ খেতি কৰিছে গোলাঘাট ডেৰগাঁৱ অঞ্চলৰ এজন প্ৰগতিশীল কৃষক আছগৰ আলীয়ে।( অৱশ্যে বিগত কেইবাটাও বছৰ ধৰি তিনিচুকীয়া জিলাৰ পেঙেৰীৰ কৃষক ধনীৰাম চেতিয়াই এই পদ্ধতিটোৰে কৰি আহিছে।) কৃষকগৰাকীয়ে বিগত কেইবাটাও বছৰ ভোট জলকীয়া খেতি কৰি আহিছে। গতিকে প্ৰতিবাৰতে নিজৰ অভিজ্ঞতাৰ ফালৰ কিছু নতুনত্ব সংযোগ কৰিছে ভোট জলকীয়া খেতিত।

ইফালে ভোট জলকীয়া আৰু অন্যান্য ঋতুকালীন শস্যৰ লগতে বিগত কেইবাটাও বছৰ ধৰি কৃষকগৰাকীয়ে অমিতা খেতি কৰি আহিছে। ২০২৪ বৰ্ষত অমিতা খেতিৰ পৰা উপাৰ্জন কৰা পইচাৰে বিলাসী গাড়ী বলেৰ’ কিনে। বিভিন্নধৰণৰ শস্যৰ খেতি কৰে যদিয়ো কৃষকগৰাকীয়ে ভোট জলকীয়া আৰু অমিতা খেতিত বিশেষ গুৰুত্ব দি আহিছে।

এইবাৰ কৃষকগৰাকীয়ে  অমিতা আৰু ভোট জলকীয়া  এটা নতুন পদ্ধতিৰে মিশ্ৰিত পদ্ধতিৰে কৰিবলৈ লৈছে। তলৰ ফটোত আপোনালোকে দেখিবলৈ পাইছে- ভোট জলকীয়াৰ লগতে কৃষকগৰাকীয়ে অমিতা খেতি কৰিছে।

অসমৰ বহু কৃষকে ভোট জলকীয়া খেতি কৰে। কিন্তু কৃষক আচগৰ আলীৰ দৰে খেতি ভোট জলকীয়াৰ লগত অমিতা খেতি কৰাৰ দেখিবলৈ পোৱা নাই। কিন্তু এই পদ্ধতিৰে কৰিলে লাভ হয়। উদাহৰণস্বৰূপে ভোট জলকীয়া খেতি কৰোঁতে মাটি লাগিব, মাটি চহাব লাগিব, সাৰ-পানী দিব লাগিব, মালচিং পাৰিব লাগিব আকৌ অমিতা খেতি কৰিবলৈ মাটি লাগিব, মাটি চহাব লাগিব, সাৰ-পানী দিব লাগিব, মালচিং দিব লাগিব। কিন্তু দুয়োটা খেতি একেলগে কৰিলে এডোখৰ মাটিতে, একে পানীতে, (সাৰ-অৱশ্যে অকণমাণ বেচি দিব লাগিব) একে মালচিঙতে হৈ যাব। এক কথাত একেটা খৰচতে দুটা খেতি হৈ যাব। জলকীয়াৰ সময় কাল কম ৬-৮ মাহতে জলকীয়া ছপাব পৰা হয়। গছবিলাক মৰাৰ পাছতে সেই ঠাইখিনিত অমিতাখিনি হৈ উঠিব। এবাৰ লগালে এজোপা অমিতাই দুবছৰলৈ ফল দিয়ে।

ইফালে আজি কালি বতৰ পৰিৱৰ্তন হৈছে। কেতিয়া শিল-বৰষুণ আহে কোনো ক’ব নোৱাৰে।  চলিত বৰ্ষতে ধেমাজি জিলাৰ কেইবাজনো কৃষকৰ ভোট জলকীয়া খেতি এজাক শিল বৰষুণতে প্ৰায় শেষ যোৱা দেখিবলৈ পোৱা গৈছিল। ফলত কৃষকসকলৰ বিস্তৰ ক্ষতি সাধন হয়। কিন্তু ধেমাজিৰ কৃষক কেইজনে যদি কৃষক আচগৰ আলীৰ দৰে মিশ্ৰিত পদ্ধতিৰে খেতি কৰাহেঁতেন ভোট জলকীয়াখিনি পৰা বিশেষ উপাৰ্জন কৰিব নোৱাৰিলেও অমিতাখিনিৰ পৰা জলকীয়া খেতিত খৰচ কৰা পইচাখিনি উদ্ধাৰ কৰিব পাৰিলেহঁতেন। ইয়াৰ অৰ্থ এইটোৱেই যে এটা শস্যত লোকচান হ’লেও  আন এটা শস্যই সেই খৰচখিনি উদ্ধাৰ কৰিব পাৰিব।

লগতে পঢ়ক- 

Paddy Farming ধান খেতিৰে লাখ টকা উপাৰ্জনৰ বাবে এইদৰে খেতি কৰক

English Summary: Kingchilli with Papaya Farming
Published on: 09 April 2025, 06:12 IST