শেহতীয়াকৈ অসমৰ ফল-মূলৰ দোকানত দেখিবলৈ পোৱা আৰু অসমৰ মানুহৰ মাজত চাহিদা লাভ কৰা এবিধ ফল তথা উদ্যান শস্য হ’ল- মাল্টা টেঙা। অতি সম্প্ৰতি অসমৰ কৃষকেই ইয়াৰ খেতি কৰিবলৈ লৈছে আৰু দুই এজন কৃষকে এই খেতি কৰি সফলতা লাভ কৰিছে। অসমৰ কৃষকৰ এই সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ মাটি তথা জলবায়ু মাল্টা টেঙাৰ খেতি উপযোগী। ইয়াৰ এখন ভাল বজাৰো অসমত আছে। অসমৰ বজাৰত ৮০-৯০ টকা প্ৰতিকেজিত বিক্ৰি হয়। অৱশ্যে অসমৰ বজাৰ ভৰি থকা এই মাল্টাবোৰ বহিঃৰাজ্যৰ কৃষকে কৰা আৰু বহিঃৰাজ্যৰ পৰাহে অহা। অসমৰ নিৱনুৱা যুৱক-যুৱতীসকলে স্বাৱলম্বণৰ পথ হিচাপে মাল্টা খেতিক ল’ব পাৰে। অসমত বজাৰত বা ফল-মূলৰ দোকানত অসমৰ যুৱক-যুৱতীসকলে বিজ্ঞানসন্মত পদ্ধতিৰে মাল্টা টেঙাৰ খেতি কৰিলে অসমৰ বজাৰবোৰ অসমৰ মাল্টা টেঙাৰে ভৰি পৰিব। আৰু যুৱক-যুৱতীসকল স্বাৱলম্বী হব আৰু ৰাজ্যৰ অৰ্থনীতিয়ো টনকিয়াল কৰিব পাৰিব।
অসমত মাল্টা টেঙাৰ খেতি তথা পুলি ৰোপনৰ উপযুক্ত সময় মাৰ্চ-এপ্ৰিলৰ পৰা জুনলৈ। ৰোপনৰ পূৰ্বে উদ্যান শস্যৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি কামবোৰ আগবঢ়াই নিব লাগে। পুলিবোৰ ৰোপন কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব আৰু এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব ১০ ফুট মান সাধাৰণতে ৰাখে। ৰোপন কৰা পুলিবোৰ স্বাস্থ্যৱান হোৱাটো অতি প্ৰয়োজন। আৰু এটা কথা যে কৃষকসকলে যিডোখৰ মাটিত মাল্টা টেঙাৰ খেতি কৰিব, সেইডোখৰ মাটি পৰীক্ষা কৰোৱাই ল’ব। মাটি পৰীক্ষা কৰোৱাই ল’লে মাল্টা টেঙাৰ বাবে কি সাৰ বা কি কীটনাশক কিমান মাৰিব লাগে ইত্যাদি কথাবোৰ ওলাই পৰিব। সেই অনুপাতে প্ৰয়োগ কৰিলে ভাল ফল পাব।
আমাৰ কৃষক বন্ধুসকলক জনাও যে এফুট ওখ পুলি এটা মুল পথাৰত ৰোপন কৰাৰ পাছত ভাল দৰে যত্ন ল’লে এবছৰতে ফল লাগে। প্ৰথম বছৰত কম লাগে, একেদৰে দ্বিতীয় বছৰত প্ৰথম বছৰতকৈ অলপ বেছি লাগে, পাঁচ বছৰমান বয়সত ভালদৰে যত্ন ল’লে এজোপা গছত ৪০-৫০ কেজিতকৈ অধিক ফল লাগিব। আৰু এটা কথা যে এজোপা মাল্টাই প্ৰায় ১০-১৫ বছৰলৈ একেৰাহে ফল দি থাকে। প্ৰথম ৰোপন কৰোঁতে খৰচ কৰাৰ পাছত বাকী বছৰবোৰত বেছি খৰচ নকৰাকৈ হৈ যায়। কৃষকসকলে পানী যোগানৰ বাবে ড্ৰীপ ইৰিগ্যেশ্বন আৰু মালচিং পেপাৰ ব্যৱহাৰ কৰিলে অধিক সুফল পাব।
পূৰ্বতে আমাৰ ধাৰণা আছিল মাল্টা বা অন্যান্য উন্নত তথা গ্ৰাফটিং প্ৰজাতিৰ ফল-মূলৰ খেতি আমাৰ অসমত নহয়। কিন্তু বৰ্তমান সময়ত অসমৰ কৃষকে বিজ্ঞানসন্মত পদ্ধতিৰে এই নতুন তথা গ্ৰাফটিং প্ৰজাতিৰ ফল-মূলবোৰৰ খেতি কৰিবলৈ লোৱাত ভাল ফলাফল পাবলৈ সক্ষম হৈছে।ধন্যবাদ।