Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 December, 2022 2:37 PM IST
Health benefit of Millet (Photo Source-Google)

মিলেট হৈছে এবিধ পৰিপুষ্ট সমৃদ্ধ খাদ্যশস্য। ই আকাৰত সৰু, কিছুমান ঘূৰণীয়া আৰু কিছুমান চেপেটা আকৃতিৰ। মিলেটৰ খেতি প্ৰধানকৈ এছিয়া আৰু আফ্ৰিকা দেশসমূহত কৰা হয়। মিলেটৰ খেতি কৃষকসকলৰ বাবে সুবিধাজনক কিয়নো  খৰাং পৰিবেশ আৰু ক’ম সাৰুৱা মাটিতো এইবিধ শস্য অতি সহজে কৰিব পৰা যায়। আমাৰ প্ৰধান শস্য ধান আৰু ঘেহুৰ বাবে যি সমূহ কৃষি সামগ্ৰীৰ প্ৰয়োজন হয়, মিলেটৰ বাবে প্ৰয়োজন নহয়। গতিকে কৃষকসকলে অনায়াসে এই খেতি কৰিব পাৰে। সমগ্ৰ বিশ্বৰ ভিতৰত মিলেট উৎপাদন ভাৰততেই সৰ্বাধিক হয়।

মিলেট সমূহক দুটা ভাগত ভাগ কৰা হৈছে। ইয়াৰে তিনিবিধ হৈছে মুখ্য মিলেট বা প্ৰধান মিলেট-

  1. জোৱাৰ
  2. বাজৰা
  3. ৰাগী আৰু

পাচবিধ মিলেট হৈছে গৌণ মিলেট-

  1. ফক্সটেইল মিলেট
  2. প্ৰ’চ মিলেট
  3. ব্ৰেনয়াৰ্ড মিলেট
  4. লিটল মিলেট
  5. কডু মিলেট

মানৱ শৰীৰত প্ৰয়োজনীয় প্ৰায়সমূহ দ্ৰব্যৰে পৰিপুষ্ট হোৱাৰ বাবে মিলেটক পুষ্টিকৰ খাদ্যশস্য বুলি কোৱা হয়। মিলেটৰ পুষ্টিগুণৰ ওপৰত লক্ষ্য ৰাখি মিলেটৰ খেতি প্ৰসাৰণৰ উদ্দেশ্যে ২০২৩ বৰ্ষতো অন্তৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাপে পালন কৰা হ’ব আৰু ইয়াৰ পৰিপেক্ষিতত ভাৰত তথা অসম চৰকাৰেও মিলেটৰ জনপ্ৰিয়কৰণৰ বাবে এই বৰ্ষত অসমত প্ৰায় ৬০০ হেক্টৰ মাটিত মিলেটৰ খেতি ইতিমধ্যে আৰম্ভ কৰিছে।

পৰিপুষ্টিৰে সমৃদ্ধ মিলেটৰ প্ৰায় ৬৫-৭৫ শতাংশ শৰ্কৰা, ৭-১২ শতাংশ প্ৰটিন, ২-৫ শতাংশ চৰ্বি আৰু ১৫-২০ শতাংশ আঁহ থাকে। মিলেট সমূহ সাধৰণতে B ভিটামিনৰ উৎকৃষ্ট  উৎস B ভিটামিন থায়মিন, ৰাইব’ফ্লেবিন, ফছফৰাছ, আইৰণ আৰু মেগমেছিয়ামৰো ভাল উৎস। কেলছিয়াম আৰু ফছফৰাছ হাড়ৰ স্বাস্হ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে মেগনেছিয়াম সমৃদ্ধ উৎস হোৱাৰ বাবে মিলেটে ৰক্তচাপ আৰু হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে মেগনেছিয়ামে শৰীৰত ইনছুলিন আৰু গ্লু’কজ ৰিচেপ্তেৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি মধূমেহ বা ডায়েবেটিছ প্ৰতিৰোধ কৰাটো সহায় কৰে । মিলেটত থকা আহৰ পৰিমাণ বেছি হোৱাৰ বাবে মিলেট অন্য খাদ্য যেনে ভাত ৰুটি আদিৰ তুলনাত লাহে লাহে হজম হয় আৰু লেহেমীয়া হাৰত তেজত গ্লু’কজ নিৰ্গত কৰে। এই মিলেটসমূহে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে আৰু ট্ৰাই গ্লিচাৰাইডৰ মাত্ৰা কমায়। এই আহসমূহে কলেষ্টৰেল হ্ৰাস কৰি হৃদৰোগ প্ৰতিৰোধ কৰাটো সহায় কৰে আৰু কোষ্ঠ্যকাঠিন্য, অতিৰিক্ত গেছ, পেটফুলা, পেট কামোৰা আদি অসূবিধাসমূহ দূৰ কৰাত সহায় কৰে।

Millets

মিলেট এণ্টি অক্সিডেণ্টৰ এবিধ উৎকৃষ্ট প্ৰাকৃতিক উৎস। মিলেটত প্ৰচুৰ পৰিমাণে ফিনলিক উপাদান বিশেষকৈ ফেৰুলিক এচিড কেটেচিনচ আদি থাকে আৰু এই সমূহে মুক্ত মৌল নিষ্ক্ৰিয় কৰাত সহায় কৰে, যি সমূহে কৰ্কট ৰোগ সৃষ্টি কৰাত অৰিহণা যোগায়। ইয়াৰ উপৰিও এইসমূহে বৃক্ক আৰু যকৃতৰ বিষাক্ত পদাৰ্থসমূহ শৰীৰৰ পৰা নিষ্কাষিত কৰাত সহায় কৰে, কোৱেৰচেচিন (Quercetin) ক্ৰিউকাৰমিন (Cucurmin) আৰু অন্যান্য পলিফিনলসমূহ ইয়াৰ অন্যতম। যদিও সকলো মিলেটতেই এণ্টি-অক্সিডেণ্ট থাকে তথাপিও ৰাগী বা ফিংগাৰ মিলেট, প্ৰ’চ’মিলেট, ফক্সটেইল মিলেট বেছি পৰিমাণে থাকে অৰ্থাৎ যিসমূহ মিলেটৰ কাঢ়া বা গাঢ় সেইসমূহ মিলেটত এণ্টি অক্সিডেণ্টৰ পৰিমাণ বেছিকৈ থাকে।

আমাৰ ৰাজ্য অসমত মিলেটৰ প্ৰসাৰ বৰ্তমানেও বৰ বেছি হোৱা নাই যদিও অসমত কিছু সংখ্যক কৃষকে মিলেটৰ খেতি কৰে। মিলেটৰ পৰা উপৰোক্ত উপকাৰিতা বা গুণাগুণখিনি পাবলৈ হলে আমি মিলেটক আমাৰ দৈনন্দিন আহাৰত অন্তৰ্ভূক্ত কৰিব লাগিব। আমাৰ দৈনন্দিন আহাৰ খিচিৰি, পায়স, ৰুটি আদিত মিলেটৰ সংমিশ্ৰণ ঘটাই আমি মিলেট গ্ৰহণ কৰিব পাৰো। মিলেটৰ গুৰিৰ ৱপৰা সুন্দৰ লাৰু তৈয়াৰ কৰিব পাৰি। আমাৰ পৰম্পৰাগত বিভিন্ন পিঠাতো মিলেটৰ গুৰি দি তৈয়াৰ কৰিব পাৰো।

মিলেটৰ পৰা আমি মূড়ি আৰু আখৈ ফুটাব পাৰো। ইয়াৰ উপৰিও মিলেটৰ পৰা আমি বিস্কুট, বান, কেক, পিজ্জা আদিও তৈয়াৰ কৰিব পাৰো। এনেদৰে মিলেট সংমিশ্ৰিত খাদ্যৰ পুষ্টিগুণ সচৰাচৰ গ্ৰহণ কৰা খাদ্যতকৈ যথেষ্ট গুণে বেছি হয়। শিশুসকলৰ পৰিপূৰক আহাৰ হিচাপেও মিলেট ব্যৱহাৰ কৰিব পাৰি। মিলেটৰ পৰা তৈয়াৰ কৰা আটা হৈছে গ্লু’টেন মুক্ত অৰ্থাৎ চিলিয়াক ৰোগত ভোগা ৰোগীয়েও মিলেটৰ পৰা তৈয়াৰ কৰা ৰুটি অনায়াসে গ্ৰহণ কৰিব পাৰে। গ্লুটন হৈছে এবিধ প্ৰ’টিন যি প্ৰকৃতিকভাৱে ঘেহু আৰু বাৰ্লিত থাকে কিন্তু চিলিয়াক ৰোগীয়ে এইবিধ প্ৰ’টিন হজম কৰিব নোৱাৰে বাবে ডায়েৰীয়া, গেছ, পেটফুলা, এনিমিয়া আদি আনুসংগিক সমস্য়াত ভোগে। গতিকে তেওঁলোকে ঘেহুৰ আটাৰ বিকল্প হিচাপে পুষ্টদ্ৰব্য সমৃদ্ধ মিলেটৰ আটা সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে।

মিলেটৰ ইমানবোৰ উপকাৰিতা থকা সত্বেও কিন্তু মিলেটত কিছুমান অপুষ্টিকৰজনিত কাৰক যেনে-ফাইটিক এছিড, যি পটাছিয়াম, কেলছিয়াম, জিংক, আইৰণ, মেগনেছিয়াম আদিক শৰীৰত শোষণ হোৱাত বাধা প্ৰদান কৰে, কিন্তু ৰন্ধাৰ আগতে ভালদৰে ধূই তিয়াই ৰাখি আকৌ পিছদিনা ভালদৰে ধূই আৰু গজালি উলিয়াই ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয় তেতিয়া এই কাৰকসমূহৰ ক্ৰিয়া নষ্ট কৰিব পাৰি। গতিকে আঁহক ইমানবোৰ পুষ্টিদ্ৰব্যৰে সমৃদ্ধ শৰীৰৰ বাবে উপকাৰী মিলেটক আমাৰ দৈনন্দিন আহাৰত অন্তৰ্ভূক্ত কৰো।

লগতে পঢ়ক-Millets: প্ৰকাৰ, গুণাগুণৰ লগতে চাউল আৰু মিলেটৰ পুষ্টিগত তুলনা!

 

লেখকদ্বয়ঃ

মৃদুস্মিতা বৰঠাকুৰ

ড০ সঞ্জয় বৰঠাকুৰ 

English Summary: Health benefit of Millet
Published on: 22 December 2022, 02:37 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now