Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 August, 2022 12:54 PM IST

অসমতে নহয় সমগ্ৰ ভাৰতে সমাদৰ থকা, প্ৰ’টিন আৰু ভিটামিনযুক্ত এবিধ শীতকালীন পাচলি ফ্ৰেঞ্চবিন। পাচলি। নিৰামিষভোজীসকলৰ অতি উপাদেয় এইবিধ পাচলি। এই খেতিৰ বাবে অসমৰ মাটি আৰু জলবায়ু উৎকৃষ্ট। এই খেতিৰ দ্বাৰা অসমৰ কৃষকসকলে যথেষ্ট লাভাৱান্বিত হব পাৰে। ছেপ্টম্বৰ পৰা মাৰ্চ মাহলৈ কৰিব পাৰি এইবিধ খেতি। বৰ্তমান সময়ত ১ কেজি ফ্ৰেঞ্চবীনৰ দাম ১২০ টকাৰ পৰা ১৫০ টকা। জানো আঁহক কিদৰে কৰিব পাৰি এই ফ্ৰেঞ্চবিনৰ খেতি-

মাটি নিৰ্বাচনঃ

পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা, বালিচহীয়া পলসুৱা মাটি এই খেতিৰ বাবে উপযুক্ত।

মাটি-প্ৰস্তুতি:

মাটিডৰা ৩-৪ বাৰ হাল বাই মৈয়াই মিহিকৈ চাহ কৰি ল’ব লাগে।

ফ্ৰেঞ্চবিন

সঁচঃ

পুছা পাৰ্বতী, কনটেণ্ডাৰ, ইউ পি এফ-২০৩, ইউ পি এফ ১৯১ আৰু প্ৰিমিয়াৰ।

উপৰুক্ত জাতবোৰৰ বৈশিষ্ট্য এনেধৰণৰ-

  • (১)কনটেণ্ডাৰ: জোপোহা, ৫০ দিনতে খেতি খাব পৰা হয়। প্ৰতি হেক্টৰত ১৬০ কুইণ্টল ।
  • (২)পুছা পাৰ্বতী: জোপোহা, ছেইবোৰ পাতল সেউজীয়া ৰঙৰ আৰু ঘুৰণীয়া।আগতীয়া জাত।উৎপাদন হেক্টৰে প্ৰতি ১৭৯ কুইণ্টল সেউজীয়া ছাই।

বীজ সিঁচাৰ সময়:

অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি ৭.৫ কিলোগ্ৰাম।

বীজ শোধন:

প্ৰতি কিলো বীজ ৩ গ্ৰাম কেপটাফ বা ষ্ট্ৰেপটোমাইচিন ছালফেট ২.৫ গ্ৰাম ঔষধ-এই পৰিমাণত মিহলাই বীজবোৰ শোধন কৰিব লাগে।

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি ১০ কুইণ্টল পচন সাৰ,লগতে ইউৰীয়া সাৰ ৬ কিলোগ্ৰাম,ছুপাৰ ফছফেট ৩৩ কিলোগ্ৰাম আৰু মি: অ: পটাছ ৩ কিলোগ্ৰামৰ প্ৰয়োজন।ইয়াৰে ইউৰীয়া সাৰৰ আধা ৰাখি সমুদায় সাৰ মাটি চাহ কৰা সময়তে প্ৰয়োগ কৰিব লাগে।বাকী থকা ইউৰীয়া সাৰখিনি ফুল ধৰাৰ সময়ত টপদ্ৰেছ হিচাপে ব্যৱহাৰ কৰিব লাগে।

ব্যৱধান:শাৰীৰ পৰা ৪৫ ছেণ্টিমিটাৰ আৰু গছৰ পৰা গছৰ দুৰত্ব ৩০ চেণ্টিমিটাৰ হ’ব লাগে।

জলসিঞ্চন:

শস্য বাঢ়ন অৱস্থাত, ফুল ধৰা সময়ত আৰু ছেই ডাঙৰ হৈ অহা সময়ত পানী যোগান ধৰিব লাগে, যাতে মাটিত আদ্ৰতা অটুট থাকে।

বনবাত নিৰোৱা:

সিঁচাৰ ২৫-৩০ দিন পিছত এবাৰ বন-বাত নিৰাই দিব লাগে।

শস্য ৰক্ষা:

মোৱা পোক, ফুটিপোক নিয়ন্ত্ৰণৰ বাবে শতত্ৰা ০.১৫ ভাগ শক্তিৰ মালাথিয়ন ৫০ ই চি ঔষধ (১ লিটাৰ পানীত ১.৫ মিলিলিটাৰ ঔষধ)স্প্ৰে কৰিব লাগে।

উৎপাদন:

প্ৰতি হেক্টৰত ৮০-১২০ কুইণ্টল।

উল্লেখ্য যে বৰ্তমান সময়ত ফ্ৰেঞ্চবিনৰ চাহিদালৈ লক্ষ্য কৰি এই খেতিৰ কৰি অসমৰ খেতিয়কসকল যথেষ্ট লাভাৱান্বিত হ’ব পৰা স্থল আছে।

লগতে পঢ়ক- বেঙেনাৰ গুটি পচোৱাৰ পৰা বেঙেনা ছিঙালৈ

English Summary: french been cultivation
Published on: 23 August 2022, 12:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now