1. এগ্ৰিপেডিয়া

বেঙেনাৰ গুটি পচোৱাৰ পৰা বেঙেনা ছিঙালৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বেঙেনা আমাৰ আহাৰৰ এক অপৰিহাৰ্য অংশ। বেঙেনা দেহৰ অতি উপকাৰী কিয়নো ই স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। এই বেঙেনা খেতি ঘৰত খাবৰ বাবে কৰিব পাৰি লগতে বেঙেনাক ব্যৱসায়িকভাৱে কৰিব পাৰে কৃষকসকলে। ঘৰতে খাবৰ বাবে ঘৰৰ পিড়ালীত ৰোৱা খহুৰা বেঙেনাৰ কথা প্ৰতিজন অসমীয়া মানুহে জানে। অৱশ্যে আজি আমি এই প্ৰতিবেদনত আলোচনা কৰিম ব্যৱসায়িক উদ্দেশ্য আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কৰা বেঙেনা খেতিৰ বিষয়েহে।

মাটি নিৰ্বাচন

পানী জমা হ’ব নোৱাৰা ওখ বালি চহিয়া মাটি আগতীয়া জাতৰ বাবে আৰু পলসুৱাৰ পৰা আলতীয়া মাটি  শেহতীয়া জাতৰ বাবে উপযোগী।

পথাৰৰ প্রস্তুতি

মাটিডোখৰ ভালদৰে চহায় ধূলিময় কৰি প্রস্তুত কৰিব লাগে আৰু লগতে পচনসাৰ প্রয়োগ কৰিব লাগে । প্রতিহেক্টৰত ২৫ কি: গ্রা: অনুপাতত মালাথিয়ন পাউদাৰ ৫ শতাংশ প্রয়োগ কৰিব লাগে । প্রতি তিনিবছৰৰ ব্যৱধানত চূণ হেক্টৰে প্রতি ২০ কি: গ্রাম প্রয়োগ কৰিব লাগে । ৰোৱাৰ প্রায় ৩০ দিনৰ আগেয়ে চূণ ব্যৱহাৰ কৰিব পাৰিলে ভাল ।

জাঁত সমূহ

১) দিঘলীয়া জাঁত: ক্লাষ্টাৰ , বৰ বেঙেনা , জেচি - ১, কুচীয়া বি ডব্লিও আৰ (BWR) - ৩৪ ,পুচা ক্রান্তি , পুচা পাৰপ'ল লং, পুচা পাৰপ'ল।

২) ঘূৰণীয়া জাঁত : পুচা পাৰপ'ল ৰাওণ্ড , পুচা ভৈৰব , জে চি - ২, বি ডব্লিও আৰ (BWR) ১২

৩) অবলঙ (Oblong) : বি বি ৭ , পষ্ট সম্রাট ।

বেঙেনাৰ  খেতি
বেঙেনাৰ খেতি

বীজৰ পৰিমাণ

৭০০ - ৮০০ গ্রাম / হেক্টৰত

সিঁচাৰ সময় :

শীতকালিৰ বাবে :

চেপ্তম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত

গ্রীষ্মকালিৰ বাবে :

জানুৱাৰীৰ পৰা ফেব্রুৱাৰীৰ ভিতৰত

পুলিৰ ব্যৱধান :

৭৫ চে: মি: * ৬০ চে:মি: ( শাৰীৰ পৰা শাৰীলৈ আৰু পুলিৰ পৰা পুলিলৈ )

সাৰ প্রয়োগ

পচনসাৰ : ১০ টন / হেক্টৰত

নাইট্রজেন : ৫০ কি: গ্রাম / হেক্টৰত

পটাচ : ৫০ কি : গ্রাম / হেক্টৰত

ফচফৰাচ : ৫০ কি:গ্রাম /হেক্টৰত

নাইট্রজেনৰ আধা অংশ আৰু অন্য সাৰ আৰু পচনসাৰৰ সমুদায় মাটি প্রস্তুত কৰাৰ সময়ত প্রয়োগ কৰিব লাগে । বাকী থকা নাইট্রজেন খিনি গছৰ ওপৰ ভাগত প্রয়োগ কৰিব লাগে ।

বিজ্ঞানসন্মত পদ্ধতিৰে কৰা বেঙেনাৰ  খেতি
বিজ্ঞানসন্মত পদ্ধতিৰে কৰা বেঙেনাৰ খেতি

পৰিচর্যা

(ক) জলসিঞ্চন :

পুলি ৰোৱাৰ পিছতেই প্ৰথমটো জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ তাৰ পিছত ১০-১৫ দিনৰ ব্যৱধানত মাটিৰ গুণাগুনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োগ কৰিব লাগে ৷

(খ) বনবাত নিৰাময় :

পুলি ৰোৱাৰ ২০ দিনৰ পিছত বনবাত চিকুণাব লাগে ৷ পুলি ৰোৱাৰ ৩০ দিনৰ পিছত জিবাৰলিক এচিডৰ মিশ্ৰণ প্ৰয়োগ কৰিলে গছৰ স্বাস্হ্য ভাল হয় ।

শস্য ৰক্ষা

বেঙেনা
বেঙেনা

১. ফল আৰু ডাল বিন্ধা কৰা পোকৰ বাবে

(ক) পুলিৰোৱাৰ ২০ দিনৰ পিচত ২.৫ গ্রামকৈ প্রতিজোপা গছৰ বাবে ফৰেট অথবা ফুৰাদনৰ দানা ব্যৱহাৰ কৰিব ।

(খ) ডেল্টামিথ্রিন ( ডেচিচ্ ২.৮ ই:চি: ) ঔষধ অথবা মালাথিয়ন ৫০ ইঞ্চি ১ মিলি লিটাৰ প্রতি লিটাৰ পানীত মিহলি স্প্রে কৰিব।

(গ) বেঙেনা ৰোৱাৰ দাঁতিয়ে দাঁতিয়ে অথবা গছৰ মাজত নহৰু গছ ৰোলেও বেঙেনা গছবোৰ পোক - পৰুৱাৰ আক্রমণৰ পৰা কিছু পৰিমাণে ৰক্ষা পাব পাৰি ।

২. বেকটেৰীয়া জনিত গছ লেৰেলি যোৱা ৰোগ (Bacterial wilt):

এই বেমাৰ পৰা ৰক্ষা পাবলৈ ষ্টপ্তমাইচিল ১০০ পি পি এম মিশ্রণেৰে মাটিত প্রয়োগ কৰিব লাগে ।

৩. ভেঁকুৰৰ দ্বাৰা গছ লেৰেলি যোৱা ৰোগ (Tungal wilt) :

৩ শতাংশ কেপটাফ্ ৰ দ্বাৰা মাটি শোধন অথবা মাটিত দৰব প্রয়োগ কৰিব ।

৪. বগা ব্লাইট বেমাৰ বাবে ০.০৫ শতাংশ বেভিষ্টিন ঔষধ স্প্রে কৰিব ।

৫. শস্যকৃমিৰ বাবে :

(ক) প্রতিবর্গমিটাৰত ০.৬ গ্রামকৈ ছেবুফ'চ্ (Sebuphos) ঔষধ প্রয়োগ কৰিব ।

(খ) ০.০৫ শতাংশ গাঢ়তাৰ মনক্রেটফচ অথবা কার্বঠালফান ঔষধৰ মিশ্রণত পুলিবোৰৰ শিপাবোৰ ৬ ঘন্টা মান ৰোৱাৰ আগেয়ে ডুবায় থব ।

(গ) ৫০০ পি পি এম গাঢ়তাৰ কার্বফুৰান , ডায়োজিনন অথবা ফৰেটৰ মিশ্রণত ৩০ মিনিটমান সময় পুলিবোৰৰ শিপা অংশ ডুবায় ৰাখিব লাগে ।

উৎপাদন :

২০০ কুইন্টল /হেক্টৰত । বেঙেনা - ভেণ্ডিৰ অন্তবর্ত্তী কৃষি : প্রথম শস্য হিচাবে বেঙেনাত পচন সাৰ ১০ টন / হেক্টৰত আৰু ১০:৩০: ১৫ কি: গ্রাম /হেক্টৰৰ অনুপাতত প্রয়োগ কৰিব । তাৰ পিচত দ্বিতীয় শস্য হিচাপে ভেণ্ডিত পচনসাৰৰ অবিহনে আৰু অনুমোদিত হাৰত নাইট্রজেন , ফচফৰাচ আৰু পটাচ সাৰ প্রয়োগ কৰিব লাগে ।

লগতে পঢ়ক- চালে চকু ৰোৱা ষ্টবেৰীৰ খেতি কেনেদৰে কৰিব পাৰি?

English Summary: Birinjal cultivation A to Z

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.