অসমৰ থলুৱা খেতিয়ক সকলে পৰম্পৰাগতভাৱে শালি খেতি কৰি আহিছে । বিশেষভাৱে অসমৰ খেতিয়ক সকলে জুন-জুলাই মাহৰ পৰাই শালি খেতিৰ কঠীয়া ৰোৱৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে । বৰ্তমান বজাৰত শালিৰ ধানৰ চাহিদাও অধিক ।
বজাৰত বিশেষ চাহিদাৰ থকাৰ বাবে খেতিয়ক সকলে প্ৰত্যেক বছৰে শালি ধানৰ পৰা লাভজনক উপাৰ্জন লাভ কৰি আহিছে । কিন্তু মন কৰিবলগীয়া আমাৰ খেতিয়কলে মাচুৰী, ৰঞ্জিত, মণিৰাম আদিকে ধৰি মাত্ৰ কেইটামান শালি ধানৰ জাতহে খেতি কৰে ।
আমাৰ অসমত শালি খেতিৰ বাবে কেইবাটাও ধানৰ জাত উপলব্ধ । যি সমূহ ধানৰ প্ৰজাতি খেতিৰ কৰি অতি লাভ উপাৰ্জন কৰিব পাৰে খেতিয়ক সকলে । খেতিয়ক সকলৰ সুবিধাৰ্থে শালি জাত আৰু ইয়াৰ খেতি কৰা সময়ৰ বিষয়ে এই শিতানত উল্লেখ কৰা হ'ল ।
আই আৰ-৩৬: শালি ধানৰ এই জাতৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰে কৃষক সকলে । আই আৰ-৩৬ ধানৰ খেতিৰ সময় সাধাৰণতে ১১০ ৰ পৰা ১২৫ দিন । বিশেষকৈ জুলাই মাহত কৰা হয় এই খেতি ।
জয়াঃ জয়া ধান আমাৰ কৃষক সকলৰ মাজত বহু পৰিচিত । এই ধানৰ খেতি কৰিবৰ বাবে ১২৫ ৰ পৰা ১৩০ দিন সময় লাগে । কৃষক সকলে জুলাই মাহতে জয়া ধানৰ খেতি কৰে ।
লগতে পঢ়কঃ লাভজনক উপাৰ্জনৰ বাবে এপ্ৰিলৰ শেষতে আৰম্ভ কৰক জালুকৰ খেতি, জানিবলৈ পঢ়ক...
পিয়লিঃ পিয়লি ধানৰ খেতি সাধাৰণতে জুন মাহত আৰম্ভ কৰা হয় । এই ধানৰ খেতি কৰিবলৈ হ'লে কৃষকৰ ১৫০ ৰ পৰা ১৫৫ দিন সময় লাগে ।
লখিমীঃ লখিমী ধানৰ খেতি প্ৰায়ে কৰে আমাৰ খেতিয়ক সকলে । লখিমী ধানৰ খেতি কৰিবলৈ হ'লে ১৪০ ৰ পৰা ১৫০ দিন সময়ৰ প্ৰয়োজন হয় । জুলাই মাহৰ পৰাই লখিমী ধানৰ খেতি আৰম্ভ কৰে খেতিয়ক সকলে ।
বাহাদুৰঃ বাহাদুৰ ধানৰ খেতি কৰিবলৈ ১৫০ দিনৰ পৰা ১৫৫ দিন সময় লাগে । জুন মাহ এই ধানৰ খেতি আৰম্ভ কৰাৰ বাবে উপযুক্ত সময় ।
কুশলঃ জুন মাহত কৰা শালি ধানৰ এটা জাত হ'ল কুশল । ১৫০ ৰ পৰা ১৫৫ দিনৰ ভিতৰত এই ধানৰ খেতি কৰিব পাৰি ।
ৰঞ্জিতঃ ৰঞ্জিত ধানৰ খেতিৰ পৰা খেতিয়ক সকলে অধিক লাভ উপাৰ্জন কৰিব পাৰে । এই ধনাৰ খেতি কৰা সময় সাধাৰণতে জুন মাহ । ১৫০ দিনৰ পৰা ১৫৫ দিন সময় লাগে ৰঞ্জিত ধানৰ খেতি কৰিবলৈ ।
মণিৰামঃ ১৫০ ৰ পৰা ১৫৫ দিনৰ ভিতৰত কৰিব পাৰি মণিৰাম ধানৰ খেতি । এই খেতি জুন মাহত আৰম্ভ কৰা হয় ।
মাচুৰীঃ বজাৰত মাচুৰী ধানৰ চাহিদা অধিক । ১৪৫ দিনৰ পৰা ১৫০ দিনৰ ভিতৰত কৰিব পৰা এই খেতিৰ জৰিয়তে খেতিয়কে অধিক লাভ উপাৰ্জন কৰিব পাৰে । আমাৰ খেতিয়ক সকলে জুন মাহত এই খেতি আৰম্ভ কৰে ।
লগতে পঢ়কঃ কম খৰচতে অতি লাভজনক সেউজগৃহ কেনেদৰে নিৰ্মাণ কৰিব ?
নবীনঃ খেতিয়ক পৰিচিতি আন এটা শালি ধানৰ জাত হৈছে নবীন । নবীন ধানৰ খেতিৰ বাবে ১২০ দিনৰ পৰা ১২৫ দিন সময় লাগে । অভিষেকৰ দৰে জুন-জুলাই মাহত এই খেতি কৰা হয় ।
সত্যঃ সত্য ধানৰ খেতি কৰিও উৎপাদন বৃদ্ধি কৰিব পাৰে খেতিয়ক সকলে । সত্য ধানৰ খেতি কৰা সময় জুন মাহ আৰু ১৩০ দিনৰ পৰা ১৩৫ দিন সময় লাগে এই খেতি কৰিবলৈ ।
বসুন্ধৰাঃ জুন মাহত কৰা এটা অতি পৰিচিত শালি ধানৰ জাত হৈছে বসুন্ধৰা । এই খেতি কৰিবলৈ ১৩০ দিনৰ পৰা ১৩৫ দিন সময় লাগে । জুন মাহত আৰম্ভ কৰিব পাৰি এই খেতি ।
লগতে পঢ়কঃ বানৰ সৈতে মকামিলাৰ বাবে আগতীয়াকৈ কি কৰিব ধান খেতিয়কে ? জানিবলৈ পঢ়ক...