অসম এখন বান প্ৰৱণশীল ৰাজ্য। প্ৰতিবছৰে বানে অসমৰ কৃষকৰ কঁকাল ভাঙি যায়। কেতিয়াবা নদীৰ বালিয়ে কৃষকৰ ধান পোতে, কেতিয়াবা কৃষকৰ ধান গৰাখহনীয়াত জাহ যায় কেতিয়াবা আকৌ বাঢ়নী পানীত ডুব যায়। এই সমস্যাবোৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ বাঢ়নী পানীত ডুব যোৱা কৃষি পথাৰসমূহৰ প্ৰতি লক্ষ্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ে বান সমস্যাৰ লগত যুঁজিব পৰাকৈ উদ্ভাৱন কৰিছে কেইবিধমান বানসহনশীল ধান। যিবোৰ ধান ১৪-১৫ দিন পৰ্যন্ত পানীৰ তলত থাকিলেও বিশেষ ক্ষতি নহয়। বাওধানৰ বাহিৰে কিন্তু অন্য শালিধানবোৰ দুই তিনিদিন পানীত ডুব গ’লেই ধানবোৰ মৰি যায়। অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা বানসহনশীল ধানৰ কেইটামান জাত হ’ল- স্বৰ্ণ-চাব-১, ৰঞ্জিত-চাব-১, বাহাদুৰ চাব-১ আৰু বিনা ধান-১১। বানপ্ৰৱণ অঞ্চলৰ কৃষকসকলে বানৰ সময়ত ক্ষয়ক্ষতি কমাবলৈ এই ধানৰ জাতবোৰৰ খেতি কৰিব পাৰে।
১. স্বৰ্ণ-সাব১ (Swarna-Sub1)
- স্বৰ্ণ ধানত এটা বান সহনশীল ধানৰ জিন সংকৰ কৰি উদ্ভাৱন কৰা হৈছে।
- ই ২-৩ সপ্তাহলৈকে পানীৰ তলত থাকিব পাৰে।
- ফলন ভাল আৰু খেতিয়কসকলৰ মাজত জনপ্ৰিয়।
২. ৰঞ্জিত-সাব১ (Ranjit-Sub1)
- কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান (IRRI) আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া প্ৰচেষ্টাত উদ্ভাৱন কৰা হৈছে।
- অসমৰ বানপ্ৰবণ অঞ্চলৰ বাবে উপযুক্ত।
৩. বিনা ধান-১১ (BINA Dhan-11)
- বাংলাদেশ ইন্সটিটিউট অফ নিউক্লিয়াৰ এগ্ৰিকালচাৰ (BINA)-য়ে বিকশিত কৰা এটা আগজাৰী, উচ্চ ফলনশীল ধান।
- বিনা ধানৰো বান সহনশীল গুণ আছে।
বান সহনশীল ধানৰ সুবিধা:
- ধান উৎপাদন বৃদ্ধি: বানপ্ৰবণ অঞ্চলত ধান খেতি কৰাটো নিশ্চিত কৰে।
আমি দেখিবলৈ পাওঁ অসমৰ বহু দ পথাৰত এজনে কৃষকে বানপানীৰ বাবে দুবাৰ-তিনিবাৰকৈ ৰুৱ লগা হয়। কাৰণ এবাৰ ৰুৱাৰ পাছতে সেই পথাৰসমূহ দুই তিনি দিনৰ কাৰণে পথাৰসমূহ পানীত ডুব যায়। ফলত তাত ৰোৱা ধানবোৰ মৰি যায়। পুনৰ কৃষকজনে সেই পথাৰত ধান ৰুৱ লগা হয়। বানপানীৰ এই সমস্যাটো যিবোৰ পথাৰত আছে সেই অঞ্চলৰ কৃষকসকলে স্বৰ্ণ-চাব-১, ৰঞ্জিত-চাব-১, বাহাদুৰ চাব-১ আৰু বিনা ধান-১১ জাতটোৰ খেতি কৰি বানপানীৰ সমস্যাৰ লগত মোকাবিলা কৰিব পাৰিব। আৰু অসমৰ দৰে বানপ্ৰবণ ৰাজ্যত কৃষিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
লগতে পঢ়ক-