1. এগ্ৰিপেডিয়া

বানৰ সৈতে মকামিলাৰ বাবে আগতীয়াকৈ কি কৰিব ধান খেতিয়কে ? জানিবলৈ পঢ়ক...

KJ Staff
KJ Staff

অসমৰ জলন্ত সমস্যা বানে প্ৰতি বছৰে কৃষি ক্ষেত্ৰখনত এক বৃহৎ ক্ষতি কৰি আহিছে । বছৰত তিনিবাৰকৈ বানে প্ৰভাৱিত কৰে কৃষক সকলক । ইয়াৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হয় ক্ষুদ্ৰ ধান খেতিয়ক সকল ।

বিশেষকৈ জুন-জুলাই মাহত প্ৰথম বানৰ দ্বাৰা প্ৰভাৱিত হয় কৃষক সকল । এই সময়ছোৱাৰ হৈছে কৃষকৰ কঠীয়া সিচাঁৰ সময় । গতিকে জুন-জুলাই তথা আহাৰ-শাওন মাহত অহা বানৰ সৈতে মকামিলা কৰিবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে এই শিতানত আলোচনা কৰা হৈছে ।

বানৰ সৈতে মকামিলা কৰিবৰ বাবে সমূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰা । যাতে কৃষক সকলে বাঢ়নী পানী শুকোৱাৰ পাছত ৰোৱৰ বাবে কঠীয়াৰ অভাৱ নহয় । তদুপৰি বানৰ দ্বাৰা প্ৰভাৱিত কৃষক সকলে সমূহীয়া কঠীয়াতলীৰ পৰা কঠীয়া সংগ্ৰহ কৰিব লাগে ।

বানৰ প্ৰভাৱিত কৃষক সকলে আগতীয়াকৈ কঠীয়াতলীৰ বাবে ওখ স্থান বাচনি কৰিব লাগে । ওখ ঠাইত সমূহীয়া কঠীয়াতলীৰ ব্যৱস্থা কৰি কঠীয়াৰ বাবে হ্ৰস্ব কৃষিকালযুক্ত ধানৰ বীজ সিঁচাটো কৃষকৰ বাবে জৰুৰী । হ্ৰস্ব কৃষিকালযুক্ত ধানৰ জাত ৰোৱাৰ সময় সাধাৰণতে ১২০ দিনৰ পৰা ১৩০ দিন ।

এই জাত সমূহ যেতে-বীণা-১১, লাচিত, চিলাৰায় আদি । এই বীজ আগষ্ট মাহৰ প্ৰথম সপ্তাহ পৰ্যন্ত সিঁচি ২৫-৩০ দিনীয়া কঠীয়া ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে ৰুব পাৰি ।

ইয়াৰ বিপৰীতে মধ্যমীয়া কৃষিকালৰ ধানৰ জাতসমূহৰ কঠীয়া ৰোৱৰ বাবেও ব্যৱস্থা কৰিব পাৰে কৃষক সকলে । যেনে-শ্ৰাৱণী, সত্যৰঞ্জন, বসুন্ধৰা আদিৰ ২৫-৩০ দিনীয়া কঠীয়া জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত সিঁচি আগষ্ট মাহৰ ১০ তাৰিখ পৰ্যন্ত ৰুব পৰা যায় ।

বানাক্ৰান্ত অঞ্চলৰ বাবে ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১, স্বৰ্ণ চাব-১, জলশ্ৰী, জলকুঁৱৰী আদি ধানৰ জাতসমূহ অধিক উপকাৰী । কিয়নো বান সহনশীল এই জাতসমূহ পানীত ১০-১২ দিন ডুবি থাকিলেও নষ্ট নহয় । এই জাতসমূহৰ কঠীয়া ৰোৱাৰ ৭-১০ দিন পাছত বানপানীত ডুব গ’লেও পানী শুকোৱাৰ পাছত নতুন পোখা মেলি পুনৰ ঠন ধৰি উঠে ।

লগতে পঢ়কঃ জলকীয়া খেতিত চাহী পোকৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ উপায়

English Summary: What will paddy farmers do before the first flood of the year

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.