1. এগ্ৰিপেডিয়া

Azolla Benefits:উৎপাদন বৃদ্ধিৰ বাবে মাটি চহোৱাৰ সময়ৰ পৰাই কৰক আজোলা খেতি

KJ Staff
KJ Staff
Azolla Benefits

আজোলা হৈছে এবিধ জৈৱ সাৰ । যিহেতু বহাগৰ শেষৰ পৰা অসমৰ কৃষক সকলে আৰম্ভ কৰিব ধান খেতি । গতিকে এই ধান খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে আজোলাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পিছে আজোলাৰ ভূমিকা আৰু আজোলাৰ দ্বাৰা কিদৰে লাভান্বিত হ'ব পৰা যায় সেই কথা বহু কম খেতিয়কেহে জানে ।

উদ্ভিদৰ বাবে নাইট্ৰজেন আটাইতকৈ অত্যাৱশ্যকীয় উপাদান হিচাপে বিবেচিত হৈছে । নাইট্ৰজেনে উদ্ভিদৰ জৈৱ-ৰাসায়নিক আৰু বিকাশমূলক কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । শস্যৰ উৎপাদনৰ লগতে ইয়াৰ গুণগত মানদণ্ডত ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নাইট্ৰজেনে । বিশেষকৈ লাভজনক উৎপাদন বৃদ্ধিৰ বাবে ধান খেতিত নাইট্ৰজেন যোগান ধৰাতো অতি গুৰুত্বপূৰ্ণ ।

মনকৰিবলগীয়া কথাতো হ'ল, উদ্ভিদে নিজে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গ্ৰহণ কৰিব নোৱাৰে । যাৰ বাবে উদ্ভিদজোপাক নাইট্ৰজেন যোগান ধৰিবৰ বাবে মাটিত পোৱা কিছুমান অণুজীৱ বা জৈৱ সাৰৰ প্ৰয়োজনীয়তা আহি পৰে ।

শস্যক পুষ্টি প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে কিছুমান জৈৱ-সাৰ আছে । তাৰে ভিতৰত আজোলা হৈছে এনে এক জৈৱ-সাৰ । এই আজোলা মুখ্যতঃ ফিলিপাইনছ, চীন, ভিয়েটনাম, থাইলেণ্ড আৰু ভাৰতৰ দৰে দেশত ধান খেতিত ব্যৱহাৰ কৰা হয় ।

আজোলা হৈছে এক পানীত গজা ফাৰ্ণ, যাৰ সৈতে এনাবেনা আজোলাই(যি হৈছে এক চাইনোবেক্টেৰিয়া) সহজীৱী সম্পৰ্ক গঠন কৰে আৰু উদ্ভিদবোৰক নাইট্ৰজেন প্ৰদান কৰে । আজোলা ভাৰতত এক প্ৰতিশ্ৰুতিপূৰ্ণ জৈৱ-সাৰ হিচাপে প্ৰমাণিত হৈছে আৰু কৃষকসকলে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰে ।

আজোলা ধানৰ সৈতে একেলগে খেতি কৰিব পাৰি । আজোলাৰ বাবে অতিৰিক্ত ভূমি বা অতিৰিক্ত পানীৰ প্ৰয়োজন নহয় আৰু ইয়াক জৈৱ-সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি । শেহতীয়াকৈ, আজোলাক কৃষক সকলে পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰা হৈছে, যিয়ে গাখীৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে ।

ধানৰ পথাৰত আজোলা প্ৰস্তুত কৰাৰ পদ্ধতিঃ

ধানৰ পথাৰত আজোলা জৈৱ-সাৰ ৩ টা ধৰণে ৰোপণ কৰিব পাৰি । শস্য সংৰোপণ কৰাৰ ২-৩ সপ্তাহ আগতে আৰু বিকাশৰ এক নিৰ্দিষ্ট সময়ৰ পিছত ধানৰ পথাৰত আজোলা ৰোপণ কৰা হয়।

ধান সংৰোপণ কৰাৰ পিছত আজোলা সংৰোপণ কৰা হয় । যেতিয়া আজোলাৰ ডাঠ হ'বলৈ আৰম্ভ কৰে তেতিয়া সেই পথাৰৰ পৰা পানী আঁতৰাই দিয়া হয় আৰু মাটিৰ সৈতে আজোলা মিহলি হ'বলৈ দিয়া হয় ।

আজোলাৰ লাভালাভঃ

ইয়াক এক কম ব্যয়ৰ জৈৱ-সাৰ হিচাপে পৰিগণিত হৈছে । আজোলাই দীৰ্ঘম্যাদী লাভালাভ কৃষক সকলক প্ৰদান কৰে । আজোলাই উদ্ভিদক পুষ্টিৰ প্ৰযোজনীয়তা বৃদ্ধি কৰাৰ লগতে মাটিৰ উৰ্বৰতাও বৃদ্ধি কৰে । যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায় ।

আজোলাই ৰাসায়নিক নাইট্ৰজেনযুক্ত সাৰ যেনে ইউৰিয়া আদিৰ দৰে অজৈৱ সাৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু সেইবোৰৰ দ্বাৰা হোৱা পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰিব পাৰে ।

ই উদ্ভিদবোৰক অপতৃণ আৰু বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। চাপৰ ক্ষেত্ৰতো ই উদ্ভিদৰ বিকাশত সহায় কৰেৱ আৰু আজোলাই শস্যলৈ পটাছিয়াম, জিংক আৰু লো যোগান ধৰে ।

আজোলা উৎপাদনত ল'বলগীয়া কিছুমান সাৱধানতাঃ

অধিক উৎপাদনৰ বাবে প্ৰদূষণমুক্ত পৰিৱেশ বজাই ৰাখিব । যদি অধিক উৎপাদনশীল হয় তেন্তে দৈনিক ভিত্তিত আজোলা সংগ্ৰহ কৰক।ইয়াৰ সফল উৎপাদনৰ বাবে, তাপমাত্ৰা প্ৰায় 35 ডিগ্ৰী চেলচিয়াছ থাকিব লাগে ।

ঠাণ্ডা এলেকাত প্লাষ্টিকৰ চাদৰ ব্যৱহাৰ কৰিব পাৰি, যাতে ঠাণ্ডা বতৰৰ প্ৰভাৱ হ্ৰাস হয় । মাটিৰ পি.এইচ. ৫ ৰ পৰা ৭-ৰ ভিতৰত হ'ব লাগে । এচিডিক মাটিত ভালদৰে বৃদ্ধি হয়।

লগতে পঢ়কঃ Organic Farming Benefits:জৈৱিক কৃষিয়ে পৰিৱেশক কেনেদৰে লাভান্বিত কৰে জানেনে ?

English Summary: Azolla Benefits for Paddy Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.